Logo
image

চেঞ্চুৰীৰ দিশে ডিজেল! খাদ্য-দ্ৰব্য দুৰ্মূল্য হোৱাৰ আশংকা

আমাৰ অসম, ৬ এপ্ৰিলঃ নিৰ্বাচনত ভোট নোপোৱাৰ ভয়ত যোৱা বছৰৰ ৪ নৱেম্বৰৰ পৰা পেট্ৰ’ল-ডিজেলৰ মূল্য স্থিৰ কৰি ৰখা মোদী চৰকাৰে ইন্ধনৰ মূল্য বৃদ্ধি কৰিবলৈ লোৱা দিনৰে পৰা যোৱা ১৪ দিনত ১৩ বাৰ ইন্ধনৰ মূল্য বৃদ্ধি কৰি দেশৰ জনতাৰ কঁকাল ভাঙিছে৷ এতিয়া দেশৰ ক’তো নিৰ্বাচন নাই আৰু সেয়ে নিশ্চিন্তমনে দৈনিক পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ঘটাই আছে মোদী চৰকাৰে৷ চৰকাৰী ভক্তই দাবী কৰে, দেশত এতিয়া বিশ্ব বজাৰৰ খাৰুৱা তেলৰ মূল্যৰ সৈতে সংগতি ৰাখি পেট্ৰ’ল-ডিজেলৰ মূল্য বঢ়া-টুটা হয়৷ তেওঁলোকক পেট্ৰ’ল-ডিজেলৰ মূল্যই দুৰ্ভোগ ভোগাই থকাসকলে ওভোতাই প্ৰশ্ন কৰে–যদিহে দেশৰ পেট্ৰ’ল-ডিজেলৰ মূল্যৰ হ্ৰাস-বৃদ্ধি তেনেদৰেই হয়, তেন্তে যোৱা বছৰৰ ৪ নৱেম্বৰৰ পৰা বিগত ২২ মাৰ্চলৈকে দেশত তেলৰ মূল্য কোনে স্থিৰ কৰি ৰাখিছিল? তেতিয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হৈছিল আৰু বিশ্বৰ তেলৰ বজাৰত জুই লাগিছিল৷ তথাপি মোদী চৰকাৰে পেট্ৰ’লিয়াম কোম্পানীক কঠোৰ নিৰ্দেশ দি মূল্য স্থিৰ কৰি ৰখা নাছিলনে? এনে অজস্ৰ উত্তৰবিহীন প্ৰশ্ন জনসাধাৰণৰ মাজত ঘূৰি থকা অৱস্থাতে মঙলবাৰেও দেশজুৰি পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে৷ পেট্ৰ’লৰ মূল্যই সাধাৰণ জনতাক গাড়ী-মটৰ চলোৱাৰ ক্ষেত্ৰত দুবাৰ চিন্তা কৰিবলৈ বাধ্য কৰাৰ সময়তে ডিজেলৰ মূল্যয়ো দেশত চেঞ্চুৰী মাৰিবলৈ আগবাঢ়িছে আৰু দুই-এখন ৰাজ্যত প্ৰতিলিটাৰ ডিজেলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে৷ দিল্লীত মঙলবাৰে ডিজেলৰ মূল্য ৮০ পইচা বাঢ়িছে আৰু মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে ৮৪ পইচা৷ মঙলবাৰে দিল্লীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯৫.৮৭ টকা হৈছে আৰু মুম্বাইত ইতিপূৰ্বে চেঞ্চুৰী কোবোৱা ডিজেলৰ মূল্য মঙলবাৰে হৈছেগৈ প্ৰতিলিটাৰত ১০৩.৯২ টকা৷ অসমতো ২-৩ দিনৰ ভিতৰত ডিজেলে চেঞ্চুৰী মাৰিব৷ ১০০ এটা সংখ্যা মাত্ৰ৷ অন্ততঃ যোৱা ১৪ দিনত ১৩ দিনেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ নিৰৱচ্ছিন্ন গতি দেখি অনেকেই তেনেদৰে ভাবিবলৈ লৈছে৷ কিয়নো ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত দেশবাসীৰ যি ক্ষতি হ’ব পাৰে সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ ডিজেলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিলে পৃথক কোনো ক্ষতি নহয়, কেৱল ক্ষতিৰ গভীৰতা বৃদ্ধি পাব৷ ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে সৰ্বসাধাৰণৰ জীৱন যাত্ৰাৰ অভিন্ন সম্পৰ্ক আছে৷ কিয়নো ভাৰতৰ জনসাধাৰণে সদায় ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ অধিকাংশৰ মূল্য হ্ৰাস বৃদ্ধি হয় পৰিবহণ ব্যয়ৰ সৈতে সামঞ্জস্য ৰাখি৷ অৰ্থাৎ পৰিবহণৰ ক্ষেত্ৰত হোৱা ব্যয় বিক্ৰেতাই সদায় সেই সামগ্ৰীৰ মূল্যৰ সৈতে যোগ কৰিয়েই উলিয়াই লয়৷ কিয়নো দেশৰ নাগৰিকে কোনো সামগ্ৰী বা খাদ্য সামগ্ৰী ক্ৰয় কৰোতে পৃথকে পৰিবহণ ব্যয় দিবলগীয়া নহয়৷ সেয়ে স্বাভাৱিকভাৱে সামগ্ৰীৰ দামৰ সৈতে যোগ কৰিয়েই পৰিবহণৰ ক্ষেত্ৰত হোৱা ব্যয় ব্যৱসায়ীয়ে উলিয়াই লয়৷  এতিয়া ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত খাদ্য, নিত্যব্যৱহাৰ্য সামগ্ৰীকে ধৰি সকলো ধৰণৰ সামগ্ৰীৰ যে মূল্যবৃদ্ধি পাব সেই কথা হয়তো কাকো বেলেগকৈ বুজাই ক’ব নালাগে৷ ডিজেলৰ মূল্য যোৱা পোন্ধৰ দিনৰ ভিতৰত তেৰ দিন বৃদ্ধি পাইছে আৰু এই তেৰ দিনত ৯.২০ টকা প্ৰতি লিটাৰত বাঢ়িছে৷ ইয়াৰ ফলত সামগ্ৰী পৰিবহণৰ ব্যয় বৃদ্ধি পাইছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে আমাৰ দেশত প্ৰতিদিনে যি পৰিমাণৰ সামগ্ৰী পৰিবহণ কৰা হয় তাৰ ৬৪ শতাংশ সামগ্ৰী ট্ৰাকৰ জৰিয়তে কৰা হয়৷ আনহাতে ৰে’লৰ জৰিয়তে ২৭ শতাংশ, জাহাজৰ জৰিয়তে ৫ শতাংশ, আভ্যন্তৰীণ জলপৰিবহণৰ জৰিয়তে ২ শতাংশ আৰু পাইপলাইনৰ জৰিয়তে ২ শতাংশ সামগ্ৰী পৰিবহণ কৰা হয়৷ ইয়াৰ ভিতৰত কম ব্যয়বহুল হৈছে জাহাজ আৰু তাতকৈ সামান্য ব্যয় বেছি হয় ৰে’লৰ পৰিবহণত৷ ট্ৰাকৰ দ্বাৰা সামগ্ৰী পৰিবহণেই সবাতোকৈ ব্যয়বহুল৷ যিহেতু আমাৰ দেশৰ মুঠ সামগ্ৰী পৰিবহণৰ ৬৪ শতাংশ সামগ্ৰীয়েই ট্ৰাকৰ জৰিয়তে কৰা হয় সেয়ে এতিয়া ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সকলো সামগ্ৰীৰ দামেই ব্যৱসায়ীয়ে বৃদ্ধি কৰিবলৈ বাধ্য হ’ব৷ পৰোক্ষভাৱে হ’লেও ডিজেলৰ বৃদ্ধি পোৱা মূল্য ভৰিব লাগিব সাধাৰণ জনতাই সামগ্ৰী ক্ৰয় কৰি৷ ট্ৰাকৰ জৰিয়তে ভাৰতত কয়লা, লোৰ আকৰ, লোহা আৰু তীখা, সকলো ধৰণৰ খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, চিমেণ্ট, পেট্ৰ’লিয়াম, সাৰ ইত্যাদি পৰিবহণ কৰা হয়৷ ভাৰতত মুঠতে দহ নিযুত ট্ৰাক আছে৷ তাৰে দৈনিক ২.২ নিযুত বৃহদাকাৰ ট্ৰাক আৰু ১.৬ নিযুত মজলীয়া আকাৰৰ ট্ৰাক দেশৰ ৰাজপথত ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰে৷ এই সকলোবিলাক ট্ৰাকৰ কাম এটাই– সামগ্ৰী পৰিবহণ কৰা৷ ডিজেলৰ মূল্যবৃদ্ধি হ’লেও ট্ৰাকৰ সামগ্ৰী পৰিবহণৰ যতি নপৰে৷ অধিক মূল্যত ডিজেল ব্যৱহাৰ কৰি সামগ্ৰী পৰিবহণ কৰা ট্ৰাক বা ট্ৰেন্সপ’ৰ্ট কোম্পানীয়ে কেৱল তাৰ বিনিময়ত পৰিবহণৰ ভাৰা বৃদ্ধি কৰে৷ ব্যৱসায়ীয়ে অধিক হাৰত দিবলগীয়া এই টকা সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনসাধাৰণৰ পৰা উলিয়াই লয়৷ এতিয়া সেয়ে পেট্ৰ’লৰ মূল্যবৃদ্ধি হোৱাৰ বাবে প্ৰত্যক্ষভাৱে ক্ষতি হোৱা জনতাই ডিজেলৰ মূল্যবৃদ্ধিৰ বাবেও পৰোক্ষভাৱে মাধমাৰ সহ্য কৰিবলগীয়া হৈছে৷

ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাত মঙলবাৰে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্তভাবে ব্যৰ্থ হোৱা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্ম্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ কাৰ্য্যসূচী অনুসৰি প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট জিলা সমিতি সমূহে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দি বিক্ষোভ প্ৰদৰ্শন কৰে৷ বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড, বেনাৰ আদি লৈ কৰা বিক্ষোভ প্ৰদৰ্শনৰ অন্তত মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰতিখন জিলা সমিতিৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰে৷ কাৰ্য্যসূচীৰ অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতা লোৱা দিনৰে পৰাই দেশত প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈ আছে৷ সম্প্ৰতি মূল্যবৃদ্ধিৰ প্ৰকোপে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে৷ বিজেপি শাসনৈ অহাৰ পূৰ্বে অৰ্থাৎ বিৰোধীত থকা সময়ত দলটোৰ প্ৰধান ইছু্য সমূহৰ ভিতৰত মূল্যবৃদ্ধি এটা অন্যতম ইছু্য আছিল৷ আনকি নিৰ্বাচনতো মূল্যবৃদ্ধি ৰোধৰ আশ্বাস দিছিল৷ দলটোৰ বিয়াগোম নেতা সকলে আনকি ডিঙিত পিয়াজ, আলুৰ মালা পিন্ধি, মুৰত গেছৰ চিলিণ্ডাৰ উঠাই, গৰু গাড়ী টানি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে সেই একেটা দলে ক্ষমতাত অধিষ্ঠিত হোৱাৰ লগে লগে অতি নিৰ্লজ্জভাৱে এতিয়া মূল্যবৃদ্ধিৰ সমৰ্থনত বিভিন্ন মন্তব্য দিয়া দেখা গৈছে৷ আনহে নালাগে দলটোৰ এচাম নিৰ্লজ্জ নেতাই মূল্যবৃদ্ধিৰ বাবে পূৰ্বৰ চৰকাৰক জগৰীয়া কৰি আভুৱাভৰা মন্তব্য দি আহিছে৷ মোডী চৰকাৰৰ ভুল অৰ্থনৈতিক নীতি আৰু পুঁজিপতি বণিক গোষ্ঠীৰ সতে থকা মিতিৰালিৰ বাবে দেশৰ কেৱল পুঁজিপতি গোষ্ঠীৰ বাদে বাকী সকলো বৰ্গৰ জনগণৰ আৰ্থিক দুৰৱস্থাৰ বাবে জীৱন ধাৰণৰ মান নিম্নগামী হৈছে৷ দেশ এতিয়া সম্পূৰ্ণ পুঁজিপতিৰ হাতোৰাত বন্দী হোৱাৰ উপক্ৰম হৈছে৷ এই অৱস্থা বাহাল থাকিলে অচিৰেই ভাৰত দুৰ্ভিক্ষৰ কৱলত পৰিব৷