Logo
image

বিশ্বৰ ৯৯ শতাংশ লোকেই সেৱন কৰিছে প্ৰদূষিত বায়ু

‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য 

আমাৰ অসম, ৬ এপ্ৰিলঃ জনসংখ্যা বৃদ্ধি, উন্নয়মূলক কাম-কাজ, যান-বাহনৰ অধিক প্ৰসাৰ, প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰ আদিৰ ফলত লাহে লাহে আমাৰ মৰমৰ পৃথিৱীখন দিনে দিনে বিপদৰ ফালে আগবাঢ়ি গৈছে৷ মানুহৰ লালসাৰ বাবেই এফালৰ পৰা প্ৰকৃতি ধবংস হোৱাৰ ফলত প্ৰদূষণে ছানি ধৰিছে আমাৰ পৃথিৱীখন৷ যাৰ ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ভয়ংকৰ সমস্যাই দেখা দিছে৷ গতিকে বিশ্বৰ সকলো স্থানতে এতিয়া প্ৰদূষণে গুৰুতৰ ৰূপ ধাৰণ কৰা বুলি ক’ব পাৰি৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৰ্তমান বিশ্বৰ ৯৯ শতাংশ লোকেই প্ৰদূষিত বায়ু সেৱন কৰিছে৷ ইয়াৰ ফলত বিভিন্ন অসুখত ভুগিবলৈ ধৰিছে বিশ্ববাসী৷ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই আহ্বান জনাইছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰিবলৈ৷ সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এই কথা প্ৰকাশ কৰে৷ ছমাহ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই নতুনকৈ বিশ্বৰ বায়ুৰ মান নিৰ্ধাৰণ কৰাৰ পাছত সোমবাৰে এই নতুন তথ্য প্ৰকাশ কৰে৷ প্ৰদূষিত মহানগৰ, চহৰ-নগৰ, গাঁৱৰ তালিকাত নতুন নতুন স্থান অন্তৰ্ভুক্ত হয়৷ গতিকে সকলো মিলি বিশ্বৰ ৯৯ শতাংশ লোকেই দূষিত বায়ু সেৱন কৰাটো নিশ্চিত হয়৷