Logo
image

বিশ্ব চেম্পিয়নশ্বিপ,এছিয়ান গেম্‌ছলৈ অসমৰ অম্লান

আমাৰ অসম,৭ এপ্ৰিলঃ ৰাজ্যৰ ক্ৰীড়া জগতৰ গৌৰৱময় যাত্ৰা অব্যাহত ৰাখি সোণৰ দৰে জিলিকি উঠিল অসমৰ খেলুৱৈ৷ লাভলীনা বৰগোহাঁই,শিৱ থাপা,হিমা দাস,জয়ন্ত বড়োহঁতৰ দৰে খেলুৱৈয়ে দেখুওৱা বাটেৰেই আগবাঢ়ি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক জিলিকাই তুলিবলৈ পথ প্ৰশস্ত কৰিছে ৰাজ্যৰ নৱউদিত এথলীট অম্লান বৰগোহাঁয়ে৷ কেৰালাৰ কালিকটত চলি থকা ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ পুৰুষৰ ২০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁয়ে বুধবাৰে অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে৷ অম্লানে ২০.৫২ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি এই কৃতিত্বৰ গৰাকী হয়৷ উল্লেখ্য,বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰা অম্লানেই হ’ল প্ৰথমজন অসমীয়া৷ জুলাইত আমেৰিকাৰ অৰেগনত অনুষ্ঠিত হ’ব বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপ৷ অন্যহাতে,ছেপ্টেম্বৰত চীনৰ হাংঝউত ২২সংখ্যক এছিয়ান গেমছ অনুষ্ঠিত হ’ব৷ উল্লেখ্য,যোৰহাটৰ অম্লান বৰগোহাঁয়ে ভুৱনেশ্বৰস্থিত ৰিলায়েন্স ফাউণ্ডেশ্বনৰ হাই পাৰফৰমেন্স চেন্টাৰত মুখ্য প্ৰশিক্ষক জেমছ হিলাৰৰ তত্ত্বাৱধানত এথলেটিক্‌ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ ২৩ বৰ্ষীয় অম্লানে ২০২১ত ৱাৰেংগালত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত স্বৰ্ণ পদক জয় কৰাৰ উপৰি তিৰুৱনন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিত স্বৰ্ণ,বিগত বৰ্ষৰ ফেডাৰেশ্বন কাপৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদকৰ লগতে আন কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰচুৰ সম্ভাৱনীয়তাৰ উমান দিছিল৷ সেই সম্ভাৱনা আৰু অধিক উজ্জীৱিত কৰি অম্লান বৰগোহাঁয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো দেশ তথা ৰাজ্যৰ বিজয়ধবজ্জা উৰুৱাৰ আশা দেখুৱাইছে৷ ইফালে,ধিং এক্সপ্ৰেছ হিচাপে খ্যাত অসম কণ্যা হিমা দাসেও ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰে৷ হিমাই ২৩.৬৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি এই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে৷ অৱশ্যে এই বিজয়েৰে হিমাই অম্লানৰ দৰে বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়াডলৈ যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাই৷ উক্ত দুয়োখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত হিমাৰ অংশগ্ৰহণ এতিয়াও অনিশ্চিত৷ ইফালে,অম্লান আৰু হিমাৰ সফলতাত গৰ্বিত হৈ পৰা অসম এথলেটিক্‌ছ সন্থা,অসম অলিম্পিক সন্থাৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷