Logo
image

জিএছটিৰ অভিলেখ! উৎসাহী মুখ্যমন্ত্ৰী

আমাৰ অসম,৭ এপ্ৰিলঃ অসমৰ আৰ্থিক অৱস্থা ভাল৷ কেন্দ্ৰৰ পৰা জিএছটিৰ ক্ষতিপূৰণ লাভ নকৰিলেও অসমৰ কোনো সমস্যা নহয়৷– জিএছটিক লৈ এই স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত জিএছটিৰ সন্দৰ্ভত কয়–‘আমাৰ ৰাজ্যখনৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল৷ আমাৰ ৰাজ্যই কম ক্ষতিপূৰণ লওঁ৷ যিবিলাক ৰাজ্যই জিএছটি সংগ্ৰহ কৰিব পৰা নাই,তেওঁলোকৰ বাবেহে জিএছটি ক্ষতিপূৰণ গুৰুত্বপূৰ্ণ৷ আমি কেন্দ্ৰ পৰা বৰ বেছি ক্ষতিপূৰণ লাভ নকৰোঁ যদিও জিএছটি সংগ্ৰহ অসমত বহুত বেছি৷ বছৰি ১ হাজাৰ কোটি টকা ক্ষতিপূৰণ অসমে লাভ কৰে৷ কিন্তু প্ৰথম দিনাৰ পৰাই জিএছটি সংগ্ৰহ অসমত ভাল৷ মণিপুৰ,নাগালেণ্ড আদি ৰাজ্যও ছাৰপ্লাছত আছে৷ সেয়েহে ক্ষতিপূৰণৰ লগত আমি বহুত বেছি জড়িত নহয়৷’অহা জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে জিএছটি ক্ষতিপূৰণ বন্ধ কৰিবলৈ সাঁজু হোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ এই বক্তব্যই তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য,বুধবাৰে সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে উলহ-মালহেৰে দলৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ গুৱাহাটী মহানগৰীৰ বেলতলা চাৰিআলিত নিৰ্মীয়মান অৱস্থাত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ চৌহদত প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যক্ৰম অনুষ্ঠিত হয়৷ ৰাজধানী মণ্ডলৰ সভাপতি মদন হাজৰিকাই দলীয় পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগন্তুক সময়ত অসমৰ ৩৯৯টা মণ্ডলতেই দলৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হ’ব৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতি জিলা সদৰতে দলৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ ইয়াৰে ১১খন জিলাত নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰ্তাসকলক অৱগত কৰে৷ আনহাতে,দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়া মণ্ডলে আয়োজন কৰা দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে৷ ৰঙিয়া চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন চৌহদত দলীয় পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে৷ উল্লেখ্য,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বুধবাৰে দলীয় কাৰ্যকৰ্তাক ভাৰ্চুৱেলী সম্বোধন কৰে৷ দলৰ প্ৰতিটো মণ্ডল,বুথ,জিলা তথা ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰী ভাষণ শ্ৰৱণ কৰাৰ সু-ব্যৱস্থা কৰা হৈছিল৷ গুৱাহাটী মহানগৰীৰ বেলতলা চাৰিআলিত নিৰ্মীয়মান অৱস্থাত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যলায়ৰ চৌহদত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে বহি প্ৰধানমন্ত্ৰীৰ ভাষণ শ্ৰৱণ কৰে৷

ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰে আমিনগাঁওস্থিত কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়েও ৩১ মাৰ্চত সামৰণি পৰা ২০২১-২২ বিত্তীয় বৰ্ষত ১১ বছৰত ভৰি দিয়া কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ পৰিমাণৰ ৪১,৭২,৮৮,৩৭২ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ বিগত ২০২০-২১ বৰ্ষত কাৰ্যালয়টোৱে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ২৯,৮১,০২৬৫৪ টকা৷ অৰ্থাৎ বিগত বৰ্ষতকৈ এইবাৰ ১১,৯১,৮৫,৭১৮ টকা বেছিকৈ সংগ্ৰহ হৈছে৷ ৰাজহ বৃদ্ধিৰ পৰিমাণ হ’ল ৪০ শতাংশ৷ কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিয়া মতে,বিভাগৰ উৰ্ধতম কতৃৰ্পক্ষই সামৰণি পৰা বিত্তীয় বৰ্ষটোৰ বাবে ৪২ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল৷ অৱশ্যে ৩০ আৰু ৩১ মাৰ্চত দুয়োদিনে বহুসংখ্যক লোকে কৰ তথা বিভাগৰ প্ৰাপ্য ৰাজহ আদায় দিবলৈ আহিছিল৷ কিন্তু দুয়োদিনতে বিভাগৰ ৰাজহ আদায় লোৱা ‘বাহন’ছফটৱেৰ আৰু কাৰ্যালয়ৰ টকা আদায় লোৱা পকচ মেচিন বহুসময়ৰ বাবে বিকল হৈছিল৷ সমান্তৰালভাৱে ৩১ মাৰ্চত বন্ধ আছিল বেংক৷ যাৰ বাবে বহুলোক উভতি যায় আৰু পহিলা এপ্ৰিলত ইয়াৰে গৰিষ্ঠসংখ্যক লোকে কৰ আদায় দিবলৈ আহে৷ ফলত পহিলা এপ্ৰিলত ৩৫ লাখ টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ হয়৷ ইফালে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ৰাইজৰ কৰ বা ৰাজহ জমা দিয়াৰ সুবিধাৰ্থে জিলা পৰিবহণ বিষয়াৰ [ডি টি অ’]কাৰ্যালয় চৰকাৰী বন্ধৰ দিনতো খোলা ৰখা হৈছিল৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণমন্ত্ৰীৰ নিৰ্দেশত ৰাইজ,যান-বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল৷ সেই অনুসৰি,জানুৱাৰী মাহত‘অপাৰেচন চাৰখাৰ’,ফেব্ৰুৱাৰী মাহত ‘অপাৰেচন অলআউট’ আৰু মাৰ্চ মাহত‘অপাৰেচন অলক্লিয়াৰ’নামৰ তিনিটা বিশেষ অভিযান চলোৱা হৈছিল৷ ফলত বাহনৰ গৰাকীসকলে যাৱতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়৷ অবশ্যে এতিয়াও এক বুজনসংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই৷ পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত কাৰ্যালয়ৰ ৩জন যান-বাহন পৰিদৰ্শক,৩জন প্ৰৱৰ্তক পৰিদৰ্শক,৯জন সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক,৭জন প্ৰৱৰ্তক চেকাৰে ভাগ লৈছিল৷ লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ এক বিস্তীৰ্ণ অঞ্চলজুৰি বিয়পি থকা কামৰূপ জিলাখনত অতি সীমিতসংখ্যক পৰিদৰ্শক আৰু কৰ্মচাৰীয়ে অতি নিষ্ঠাসহকাৰে দিনে-নিশাই কাম কৰা বাবে কাৰ্যালয়ে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই সদৰি কৰিছে৷