Logo
image

‘গাড্ডাৰ’বিচাৰি আদালতত কংগ্ৰেছ

আমাৰ অসম,৭এপ্ৰিলঃ দলৰ বিৰুদ্ধে উত্থাপিত অপবাদ মচিবলৈ আদালতলৈ যাব অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন পক্ষই অনা অভিযোগৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে আদালতলৈ যাব বিৰোধী দলপতিজন৷ বিহুৰ পূৰ্বে তেওঁ আদালতলৈ যাব৷ গাড্ডাৰ বিচাৰি অৰ্থাৎ ৰাজ্যসভাত কংগ্ৰেছৰ কোন কোন বিধায়কে দলৰ মনোনীত প্ৰাৰ্থীক ভোট দিছে বা কোন কোন বিধায়কে দলৰ মনোনীত প্ৰাৰ্থীক ভোট দিয়া নাই সেই কথা জলজল পটপট কৰাৰ উদ্দেশ্যে তেওঁ আদালতৰ দ্বাৰস্থ হ’ব৷  বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অসম বিধানসভাৰ বিৰোধী দলপতিজনে৷ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট দিয়া-নিদিয়া সন্দৰ্ভত স্পষ্ট কৰাৰ বাবে নীতি-নিৰ্দেশনা বিচাৰি আদালতৰ দ্বাৰস্থ হ’ব বুলি তেওঁ কয়৷ যদি আদালতে ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটদান সন্দৰ্ভত স্পষ্ট কৰাৰ বাবে বেলট পেপাৰ ৰাজহুৱা কৰা বা আন তেনেধৰণৰ নীতি-নিৰ্দেশনা দিয়ে তেতিয়া হয়তো দোষমুক্ত হ’ব অপবাদৰ সন্মুখীন হোৱা দলটো৷ উল্লেখ্য,শাসকীয় পক্ষৰ কেইবাজনো বিধায়কে দাবী কৰিছে যে কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাৰন্তৰে  ক’ব বিচাৰিছে যে কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপিক ভোট দিছে৷ আনকি ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বেও কংগ্ৰেছৰ ভোটেৰে জয়লাভ কৰিব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ অসম বিধানসভাৰ বিৰোধী দলপতিজনে কয় যে কংগ্ৰেছৰ দুজন বিধায়কে দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ আন দলৰ প্ৰাৰ্থীক ভোট দিছে৷ তেওঁলোকৰ বিৰুদ্ধে দলে ইতিমধ্যে অনুশাসনমূলক ব্যৱস্থা লৈছে৷ বিধায়ক দুজনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল’বলৈ বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিথোঁ৷ যিসকলে আমাৰ দলৰ বিৰুদ্ধে অপবাদ দিছে তেওঁলোকে আদালতত তেওঁলোকৰ অভিযোগ সত্য প্ৰমাণ কৰিব লাগিব৷ কিয়নো এনে অভিযোগে আমাৰ দলৰ সন্মান হানি কৰিছে৷ আমাৰ দলৰ সন্মান হানি হোৱা,অযথা দলটোক উপলুঙা কৰাটো নিবিচাৰোঁ৷ আমি বিচাৰো যিসকলে দলৰ বিৰুদ্ধে অভিযোগ আনিছে সেই সত্য বুলি প্ৰমাণ কৰিব লাগে৷  সেইবাবে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হ’ম৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈও তেওঁৰ বেলট পেপাৰ ৰাজহুৱা কৰিবলৈ আহ৩ান জনাই আদালতৰ দ্বাৰস্থ হ’ব৷ তেওঁ ইউডিএফৰ বিধায়কসকলকো তেওঁলোকৰ বেলট পেপাৰ আদালতৰ জৰিয়তে ৰাজহুৱা কৰিবলৈ আহ৩ান জনাইছিল৷ তেওঁ দুই-তিনিদিনৰ ভিতৰতে আদালতৰ দ্বাৰস্থ হ’ব বুলি স্পষ্ট কৰি দিছে৷ তদুপৰি ইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিৰুদ্ধে মানহানিৰ আৰু ফৌজদাৰী গোচৰ ৰুজু কৰা হ’ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ যদি আদালতে ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটদান সন্দৰ্ভত ৰায় দিয়ে তেতিয়া হয়তো নাইকীয়া হ’ব গাড্ডাৰ বিচৰাৰ প্ৰক্ৰিয়া৷

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিৰ পৰা ১৫ লাখ টকা লৈ বিজেপি প্ৰাৰ্থীক ভোট দিয়া বুলি অভিযোগ আনি এতিয়া বিপদত পৰিছে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই৷ দুদিনমানৰ পূৰ্বে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই লাই ডিটেক্টৰৰ সন্মুখীন হ’বলৈ জনোৱা প্ৰত্যহ্বান অখিল গগৈয়ে গ্ৰহণ কৰাৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত লাই ডিটেক্টৰৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছিল এ আই ইউ ডি এফৰ বিধায়কজন৷ ইয়াৰ পাছতে আজি বিধায়ক অখিল গগৈয়ে কৰিমউদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈ থকাৰ কথা প্ৰকাশ কৰিছে৷ ডিব্ৰুগড় হোটেল কেতেকীত আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি বিধায়ক গগৈয়ে কৰিমউদ্দিনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়,মোৰ বিৰুদ্ধে মিছা অপবাদ জাপি দিয়া এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক আদালতলৈ চোঁচৰাই আনিহে এৰিম৷ বিধায়ক কৰিমউদ্দিন বৰভূঞাক এদিনৰ কাৰণে হ’লেও আদালতৰ মজিয়াত থিয় কৰাম৷ অতি সোনকালে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে মানহানি গোচৰ,আৰু ক্ৰিমিনেল গোচৰ তৰিম৷ এদিন হ’লেও আদালতত থিয় কৰাই জে’ললৈ প্ৰেৰণ কৰাম কৰিমউদ্দিনক৷ অন্যথা ৰাজহুৱাকৈ কৰিমউদ্দিনে ক্ষমা খুজিব লাগিব বুলিও স্পষ্ট কৰি দিলে বিধায়ক অখিল গগৈয়ে৷ আনহাতে,বিধায়ক অখিল গগৈয়ে দুই-এদিনৰ ভিতৰতে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি মন্তব্য কৰিছে৷ একেদৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰি কয় যে,মোক ১৫ লাখ টকাত বিক্ৰী হোৱা কথা কয়,কিন্তু দম নাই লাই ডিটেক্টৰৰ সন্মুখীন হ’বলৈ৷’তেওঁ পলাই পত্ৰং দিছে,গাঁতত সোমাইছে,কিন্তু মই এৰি নিদিওঁ৷ এই বাবে কৰিমউদ্দিনৰ বিৰুদ্ধে মই আইনৰ কাষ চাপিবলৈ লৈছোঁ৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ ভোট বিক্ৰীৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে আৰু কয়,মই ৰাজনীতিত প্ৰৱেশ কৰিহে গম পালোঁ বিধায়কসকল শাসিত চৰকাৰখনৰ হাতত গোটে গোটে বিক্ৰী হয়৷ এ আই ইউ ডি এফৰ সাতজন আৰু কংগ্ৰেছ দলৰ দুজন বিধায়ক বিজেপিৰ হাতত বিক্ৰী হৈ গ’ল৷ ইফালে,কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি কয়,মোক বিক্ৰী হোৱাৰ কথা কৈ সিহঁত নিজেই ১৫-২০ কোটি টকাত বিক্ৰী হৈছে৷ ইফালে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে অখিল গগৈয়ে৷ চৰকাৰক কঠোৰ সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয় যে,নৰেন্দ্ৰ মোদীয়ে হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি থাকিব আৰু তাৰ মাজত মূল্যবৃদ্ধি কৰি থাকিব৷ বৰ্তমান দেশৰ অৰ্থনীতি শ্ৰীলংকা অৰ্থনীতিৰ ফালে গতি কৰিছে৷ ইফালে সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম উন্নয়ন ৰাজ্য বুলি মন্তব্য কৰি যিবোৰ কথা কৈ আছে তেওঁ কথাৰ কোনো গুৰুত্ব নাই৷ মূল্যবৃদ্ধি হোৱাটো কি উন্নয়ন নেকি৷ মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাইজৰ দলে ৰাজপথত নামি প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে৷ উল্লেখ্য যে,আজি ডিব্ৰুগড় হোটেল কেতেকীত অনুষ্ঠিত ৰাইজৰ দলৰ কৰ্মীসভাত সাংগঠনিক কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয়৷ বিশেষকৈ আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ তৃতীয় বিকল্প শক্তি হিচাপে ৰাইজৰ দলে কেনেকৈ যুঁজ দিব পাৰি সেই সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷ এই সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়াই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷