Logo
image

এনকাউণ্টাৰত ভৰিত গুলী লগা যুৱকৰ ৰহস্যজনক মৃত্যু

সুৰুজৰে আমাৰ সম্পৰ্ক নাইঃ আলফা!

শিৱসাগৰ উত্তাল

আমাৰ অসম,৭ এপ্ৰিলঃ অৱশেষত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হ’ল সুৰুজ গগৈ৷ শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীৰ সুৰুজ গগৈৰ কালি  চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ বাতৰিয়ে বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱত আজি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ সুৰুজ গগৈৰ মৃত্যুৰ ঘটনাৰ বিষয়ে উল্লেখ কৰিবলৈ হ’লে বিগত তিনি মাৰ্চলৈ উভতি যাব লাগিব৷ উক্ত দিনা চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈ ডিব্ৰুগড় এ এম চি এইছত চিকিৎসাধীন হৈ আছিল সুৰুজ গগৈ৷ সুৰুজ গগৈৰ এনকাউন্টাৰকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসুস্থ পিতৃ প্ৰমোদ গগৈ আৰু মাতৃ মামু গগৈৰ লগতে পৰিয়ালবৰ্গই৷ ইপিনে,সূৰুজ গগৈৰ এনকাউণ্টাৰ ভুৱা বুলি পৰিয়ালৰ লোকে দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাই নহয়,আলফা স্বাধীনেও বিবৃতিযোগে সূৰজ গগৈ বিদ্ৰোহী সংগঠনটোৰ সৈতে কোনো নাছিল বুলিও প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে সুস্থ মগজুৰে নিৰীহ যুৱকজনক হত্যা কৰা বুলি অভিযোগ কৰি সূৰুজ গগৈক ‘অমৰ মৃতক’ঘোষণা কৰিছে আলফাই৷ বুধবাৰে সূৰুজ গগৈৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে পত্নী গায়ত্ৰী গগৈৰ লগতে পৰিয়ালৰ লোকসকল৷ কালি নিশা সুৰুজ গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সংবাদ কম¹সকলে সুৰুজ গগৈৰ বাসগৃহ তামুলী বজাৰ চাংমাই গাঁৱত আজি উপস্থিত হোৱাত সুৰুজ গগৈৰ পৰিয়ালৰ লোকে সুৰুজ গগৈৰ এনকাউন্টাৰ এক পৰিকল্পিত এনকাউন্টাৰ বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ সুৰুজ গগৈৰ অসুস্থ পিতৃ প্ৰমোদ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- তেওঁৰ পুত্ৰ সুৰুজ শিল-বালিৰ ব্যৱসায় কৰিছিল৷ শিল-বালি ভাড়া মাৰিবৰ বাবে এখন ডাম্পাৰ থকাৰ লগতে নিজে চলা-ফিৰা কৰিবৰ বাবে এখন ইণ্ডিগ’ব্যক্তিগত বাহন আছে৷ প্ৰতিদিনৰ দৰে যোৱা ৩ মাৰ্চৰ দিনা পুৱাই ঘৰৰ পৰা কামৰ ঠাইলৈ বুলি ওলাই গৈছিল তেওঁৰ পুত্ৰ সুৰুজ৷ কিন্তু এখন হোটেলত ৰোৱাৰ সময়ত অচিনাকী লোকে ঘেৰাও কৰি সুৰুজক সেনাৰ ছাউনীলৈ লৈ গৈছিল৷ দিনটো সুৰুজক সেনাই বহু সোধা-পোছা কৰাৰ পাছত নিশা সোণাৰি আৰক্ষীক থানাত সুৰুজক গতাই দিছিল৷ কিন্তু আৰক্ষীয়ে নিশা সুৰুজক স্বাস্থ্য পৰীক্ষা কৰিবলৈ কোনোবা এখন চিকিৎসালয়লৈ বাগানৰ মাজেৰে লৈ যাওঁতে নিশা বাগানৰ মাজত আৰক্ষীয়ে হাতত হেণ্ডকাফ লগাই থকা অৱস্থাতে বাহনৰ পৰা সুৰুজক নমাই আনি এজন উপ-পৰিদৰ্শকে মোবাইল ফোনৰ ৰ্টচৰ পোহৰত সুৰুজৰ ভৰিৰ একেটা স্থানতে তিনিটা গুলী মাৰিছে৷ ভৰিত গুলী লগাৰ ফলত গুৰুতৰভাৱে আহত হোৱা সুৰুজে আৰক্ষী উপ-পৰিদৰ্শকজনক প্ৰশ্ন কৰিছে যে মোক আপোনালোকে ধৰি থকাৰ পাছতো কিয় গুলী কৰিছে, মই কি দোষ লগালোঁ, আপোনালোকে মোক বান্ধিয়েই থৈছে,মোক পুলিচে গুলীয়াইছে বুলিও সুৰুজে চিঞৰিছিল৷ ইয়াৰ পাছতে উপ-পৰিদৰ্শকজনে পলাইছে পলাইছে বুলি চিঞৰি তেওঁলোকৰ মোবাইল ফোনত ভিডিঅ’ কৰিছিল সুৰুজৰ৷ গুলীবিদ্ধ সুৰুজক  আৰক্ষীৰ দলটোৱে স্থানীয় মেডিকেলত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল সুৰুজক৷ এই সম্পৰ্কে পৰিয়ালৰ লোকে অলপো জ্ঞাত নাছিল৷ বহুবাৰ ফোন কৰাৰ পাছতো সুৰুজৰ মোবাইলত সুৰুজৰ সৈতে যোগাযোগ স্থাপন হোৱা নাছিল৷  কিন্তু পুৱা সোণাৰি থানাৰ পৰা শিৱসাগৰ সদৰ থানাক অৱগত কৰাৰ পাছত শিৱসাগৰ সদৰ থানাৰ পৰা তেওঁলোকৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ বিষয়াক সুৰুজৰ এনকাউন্টাৰ হোৱা ঘটনাৰ বিষয়ে অৱগত কৰায়৷ এই খবৰ লাভ কৰি পৰিয়ালৰ লোকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যলয়ত উপস্থিত হৈ সুৰুজক লগ কৰে৷ সেইসময়ত চিকিৎসকে সুৰুজৰ অস্ত্ৰোপচাৰ  ইতিমধ্যে সম্পন্ন কৰিছিল৷ পৰিয়ালৰ লোকক সুৰুজে সকলো কথা বিৱৰি কোৱাৰ লগতে সেনাই তেওঁক ধৰি নিছিল যদিও সেনাই তেওঁক সোণাৰি আৰক্ষীক গতাই দিয়াৰ পাছত সোণাৰি আৰক্ষীয়ে চিকিৎসা কৰিবলৈ নিওঁতেই বাগানৰ মাজত গাড়ীৰ পৰা নমাই নিশা তেওঁক কাষৰ পৰা উপ-পৰিদৰ্শক জনৈক হুছেইনে গুলীয়াই বুলি সুৰুজৰ পিতৃয়ে বিস্ফোৰক অভিযোগ কৰে৷ এটি তিনিমহীয়া সন্তানৰ পিতৃ সুৰুজক আৰক্ষীয়ে কৰা এনকাউন্টাৰকলৈ মাতৃ মামু গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আগদিনা পুত্ৰৰ তেওঁলোকে খবৰ লৈছিল৷ তেওঁলোকে লগ পোৱাৰ দিনা  সম্পূৰ্ণ সুস্থ আছিল তেওঁলোকৰ পুত্ৰ সুৰুজ৷ তেওঁলোকে ঘৰলৈ উভতি অহাৰ পাছতো ফোনযোগে সুৰুজৰ সৈতে কথা পাতিছিল৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি,পৰিয়ালৰ লোক ঘৰলৈ অহাৰ পাছত  চিকিৎসকে সুৰুজক দুটা বেজী দিয়াৰ পাছতেই সুৰুজৰ মুখৰ পৰা ফেন নিৰ্গত হোৱাৰ লগতে অচেতন হৈ পৰে আৰু  সুৰুজৰ মৃত্যু হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে,সুৰুজৰ বায়েকে আন এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে সুৰুজৰ বিগত সময়ত হোৱা এক দুৰ্ঘটনাত এখন ভৰিত অস্ত্ৰোপচাৰৰ জৰিয়তে এখন প্লেট লগোৱা আছে৷ যাৰ বাবে ভালকৈ খোজ কাঢ়িবই নোৱাৰে যেতিয়া ইয়াত দৌৰিব পৰাৰ প্ৰশ্নই উত্থাপন নহয়৷ তেনেস্থলত আৰক্ষীয়ে সুৰুজ তেওঁলোকৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰিছিল বুলি কথা কৈছে সেয়া গ্ৰহণযোগ্য নহয়৷ ইফালে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ত এদিন চিকিৎসকে সুৰুজক ৰিলিজ দিব বুলি জনাইছিল যদিও আৰক্ষীয়ে ৰিলিজক নাকচ কৰি আৰু অলপদিন চিকিৎসালয়তে ৰাখিব বুলি সুৰুজে পৰিয়ালৰ লোকক অৱগত কৰিছিল৷ তেনেস্থলত কেইঘণ্টামান আগলৈকে কথা পাতি থকা এজন সুস্থ লোক এনেদৰে মৃত্যু হোৱাটো এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ তুলিছে সুৰুজৰ বায়েকে৷ লক্ষণীয়ভাৱে এটা বিবৃতিত আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়– সূৰুজ গগৈ যদিওবা সংযুক্ত মুক্তি বাহিনী,অসম [স্বাধীন]সংগঠনৰ যোগাযোগকাৰী নাছিল তথাপিও তেওঁ জননী জন্মভূমিৰ মুক্তিৰ সশস্ত্ৰ সংগ্ৰামত দখলদাৰী বাহিনীয়ে স্বজ্ঞানে সৃষ্টি কৰা নিষ্ঠুৰ পটভূমিত নিজৰ প্ৰাণ আহুতি দি স্বদেশ প্ৰেমৰ চানেকি ৰচি থৈ গ’ল৷ সেয়ে সংযুক্ত মুক্তি বাহিনী,অসম [স্বাধীন]সংগঠনে সূৰুজক ‘অমৰ মৃতক’ ঘোষণা কৰিলোঁ৷ নিৰীহ যুৱক অমৰ মৃতক সূৰুজ গগৈক অমানৱীয় অত্যাচাৰেৰে হত্যা কৰিবৰ কাৰণে অসমৰ বৰ্তমানৰ দায়িত্বশীল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হৈছিল নে আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশত হৈছিল সেই সন্দৰ্ভত অসমৰ জনগণৰ ওচৰত স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব পালন কৰক৷