Logo
image

ঈশ্বৰক ৰক্ষা কৰক! আৰক্ষীক আকুতি আইসকলৰ

আমাৰ অসম,৭ এপ্ৰিলঃ  বৰপেটা চহৰ আৰু নিকটৱৰ্তী অঞ্চলসমূহৰ সত্ৰ,নামঘৰ,থানসমূহত ধাৰাবাহিক চুৰি,লুটপাতৰ ঘটনাত উদ্বিগ্ন হৈ পৰিছে বৰপেটা সত্ৰ সমিতি৷ মহাপুৰুষীয়া সত্ৰ,নামঘৰসমূহত সঘনাই হৈ থকা চুৰি-লুটপাতৰ ঘটনাই ভকত-বৈষ্ণৱ,আই মাতৃসকলৰ মনত আঘাত দিয়াই নহয়,মহাপুৰুষসকলৰ সাতামপুৰুষীয়া ঐতিহ্যতো কালিমা সানিছে৷ যাৰ বাবে আজি ভকত-বৈষ্ণৱ,আই মাতৃসকলে সত্ৰ,নামঘৰসমূহক উপযুক্ত নিৰাপত্তা দিয়াৰ দাবীত আজি সত্ৰৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে৷ চৈধ্য প্ৰসংগৰে সদা-মুখৰিত হৈ থকা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত আজি ভকত-বৈষ্ণৱ,আই মাতৃসকলে  অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰপেটা সত্ৰ আৰু নিকটৱৰ্তী সত্ৰ,নামঘৰ,থানসমূহৰ ভকত-বৈষ্ণৱ,আই মাতৃসকলে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে কয় যে,বৰপেটা সত্ৰৰ সৈতে অসমত যিমান মহাপুৰুষীয়া সত্ৰ,নামঘৰ,থান আছে কিছুমান দুষ্কৃতিকাৰীৰ কাৰণে অসুৰক্ষিত অৱস্থাত আছে আৰু নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে৷ আমি এক শংকাময় পৰিৱেশত দিন কটাবলগীয়া হৈছে৷ কোন মুহূৰ্তত কোন সত্ৰত দুৰ্ঘটনা ঘটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে৷ এই দুষ্কৃতিকাৰীসকলে কেৱল মাত্ৰ সত্ৰ,নামঘৰকহে লক্ষ্য কৰি লোৱা দেখা গৈছে৷ আমি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে সত্ৰ,নামঘৰ,থানসমূহৰ লগতে ইয়াত থকা ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ-প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ৷ তেওঁ আৰক্ষীক দুৰ্ঘটনা এটা হৈ যোৱাৰ পাছত নহয় আগতহে ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে৷ সুন্দৰীদিয়া সত্ৰৰ প্ৰতিনিধি নৃপেন গায়নে কয় যে,সত্ৰসমূহত যি অত্যাচাৰ আৰম্ভ হৈছে তাৰ বাবে ভকতসকলে মনত যথেষ্ট আঘাত পাইছে৷ ভকতৰ আঘাত মানে ভগৱানৰ আঘাত৷ ভগৱানে ইয়াক কেতিয়াও সহ্য নকৰে৷ চৰকাৰ প্ৰশাসনে সত্ৰ, নামঘৰসমূহক সুৰক্ষা দিয়াৰ বাবে অনতিপলমে চিচি টিভি কেমেৰা দিয়াৰ ব্যৱস্থা কৰক৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ ভৱেন পাঠকে কয় যে,সত্ৰ,নামঘৰ সুৰক্ষাৰ বাবে ভকত-বৈষ্ণৱসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো এক পৰিতাপৰ বিষয়৷ এক চক্ৰই অসমৰ সত্ৰৰ আপুৰুগীয়া সম্পদসমূহ চুৰি-লুটপাতৰ জৰিয়তে লুপ্ত কৰি সত্ৰ সংস্কৃতিসমূহক ধবংস কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ প্ৰশাসন আৰু ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰে দুষ্কৃতিকাৰীৰ এনে উদ্দেশ্য বিফল কৰাৰো আহ্বান জনায়৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা দুঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত বৰপেটা জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰক-পত্ৰখনত উল্লেখ কৰি সত্ৰ সমিতিয়ে কয় যে,বিগত কিছুদিন ধৰি বৰপেটা চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সত্ৰ,নামঘৰ,কীত্তৰ্ন-ঘৰ আদিত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছে৷ কোনো কোনো সত্ৰ,নামঘৰত এমাহৰ ভিতৰত দুবাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছে৷ আৰক্ষী প্ৰশাসনৰ তাৎক্ষণিক তৎপৰতাত এনেবোৰ দুষ্কাৰ্য তৎকালীনভাৱে বন্ধ হ’ব লাগিছিল যদিও দিনকদিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ এই চুৰিকাণ্ড অথবা লুটপাতৰ ঘটনা ৰোধ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বৰপেটা আৰক্ষী প্ৰশাসন৷ এনেবোৰ ঘটনা-পৰিঘটনাই বৰপেটাবাসী ৰাইজৰ ধৰ্মীয় আবেগ-অনুভূতিক আঘাত হনাৰ লগতে সত্ৰ,নামঘৰ,কীত্তৰ্ন-ঘৰ আদিৰ সুৰক্ষাৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ সত্ৰ সমিতিয়ে সত্ৰ,নামঘৰ,কীত্তৰ্ন-ঘৰ আদিত ধাৰাবাহিক চুৰি-লুটপাতৰ ঘটনাৰ প্ৰতিবাদ আৰু ধৰ্মীয় অনুষ্ঠানৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত আজি বৰপেটা সত্ৰৰ দালানৰ সন্মুখত পুৱা দহ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উল্লেখ কৰে৷ সত্ৰ সমিতিয়ে স্মাৰক-পত্ৰৰ জৰিয়তে বৰপেটা নগৰ আৰক্ষী চকী আৰু বৰপেটা সদৰ থানাত অধিক সক্ৰিয় আৰু শক্তিশালী কৰি তোলা,বৰপেটা নগৰ আৰক্ষী চকী আৰু বৰপেটা সদৰ থানাৰ নিষ্ক্ৰিয় অদক্ষ আৰু অকৰ্মণ্য বিষয়া জোৱানসকলক আঁতৰাই দক্ষ আৰু সক্ৰিয় বিষয়া-জোৱান নিয়োগ কৰা,নিশাৰ ভাগত পেট্ৰ’লিং ব্যৱস্থা অধিক ব্যাপক আৰু শক্তিশালী কৰি তোলা আৰু সত্ৰ,নামঘৰ,কীত্তৰ্ন-ঘৰ আদিৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰে৷ উল্লেখ্য যে,বৰপেটা চহৰত বিগত দুটা মাহৰ ভিতৰতে সত্ৰ,নামঘৰ,থান আৰু ব্যৱসায় প্ৰতিষ্ঠানত কেইবাটাও চুৰি-লুটপাতৰ ঘটনা সংঘটিত হৈছে৷ সুন্দৰীদিয়া কলয়া গংগা নামঘৰত দুবাৰকৈ চুৰি কাণ্ড সংঘটিত হোৱাৰ লগতে মধ্য মেটুৱাকুছি গৰখীয়া থান,শান্তিনগৰ নামঘৰ,কনৰা সত্ৰ,চিনপৰা ভিঠি থান,সুহা লক্ষ্মী মন্দিৰ,চহৰখনৰ কুমাৰহাটীৰ লক্ষ্মী প্ৰিণ্টাৰ্চ,বিলৰতাৰিহাটীৰ ৰূপৰাম বৰ্মন নামৰ এজন লোকৰ ঘৰকে ধৰি কেইবাটাও চুৰি-লুটপাতৰ ঘটনা সংঘটিত হৈ গৈছে৷ লক্ষণীয়ভাৱে ইমানবোৰ চুৰি-লুটপাতৰ ঘটনা সংঘটিত হোৱাৰ পাছতো বৰপেটা আৰক্ষীয়ে এই কাৰ্য ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ ৰাইজক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱৰা আৰক্ষীৰ এনে ভূমিকাত ক্ষুব্ধ হৈ পৰিছে চহৰখনৰ ৰাইজ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰে চহৰখনৰ সচেতন ৰাইজে৷