Logo
image

ফ’ৰ্বছৰ ধনকুবেৰৰ তালিকাৰ দশম স্থানত মুকেশ আম্বানি

আমাৰ অসম,৭এপ্ৰিলঃ জনপ্ৰিয় ফ’ৰ্বছ আলোচনীয়ে শেহতীয়াভাৱে প্ৰকাশ কৰিছে বিশ্বৰ  ধনকুবেৰৰ বাৰ্ষিক তালিকা৷ প্ৰত্যাশিতভাৱে তালিকাৰ শীৰ্ষত আছে টেছলা কোম্পানীৰ স্বত্বাধিকাৰ এলন মাস্ক৷ বিগত বৰ্ষত ফ’ৰ্বছৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত আছিল আমাজানৰ স্বত্বাধিকাৰ এহচেন মাস্ক৷ প্ৰকাশিত তালিকাৰ প্ৰথম দহজন ধনী ব্যক্তিৰ ভিতৰত আছে এজন ভাৰতীয়ও৷ তেওঁৰ নাম প্ৰত্যাশিতভাৱেই মুকেশ আম্বানি৷ তালিকাৰ দশম স্থানত আছে ৰিলায়েন্সৰ স্বত্বাধিকাৰৰ নাম আৰু একাদশ স্থানত আছে গৌতম আদানিৰ নাম৷ এইবাৰ বিশ্বৰ বিলিয়নাৰসকলৰ ৩৬সংখ্যক তালিকা প্ৰকাশ কৰিছে ফ’ৰ্বছে৷ উক্ত তালিকাত স্থান পাইছে ২,৬৬৮জন বিলিয়নাৰে৷ আলোচনীখনৰ তৰফৰ পৰা জনোৱা মতে– ক’ভিড যুদ্ধ,অৰ্থনীতিৰ মন্দাৱস্থাৰ বাবে কমিছে ধন কুবেৰৰ সংখ্যা৷ তথাপি দেখা গেছে যে ১,০০০জন ধনকুবেৰ বিগত বৰ্ষতকৈ আৰু অধিক ধনী হৈছে৷ এইবাৰৰ তালিকাত প্ৰথমবাৰৰ বাবে স্থান পাইছে ২৩৬জন ধনকুবেৰে৷ ধনকুবেৰৰ তালিকাখনৰ ভিতৰত আছে ৭৩৫জন আমেৰিকাৰ বাসিন্দা৷ লক্ষণীয়ভাৱে এইবাৰ ৰাছিয়া আৰু চীনত বিলিয়নাৰৰ সংখ্যা হ্ৰাস পাইছে৷