Logo
image

সহায়ৰ বাবে ভাৰতক ধন্যবাদ ৰাণাতুংগা, জয়সূৰ্যৰ

ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত কৃতজ্ঞ শ্ৰীলংকা

আমাৰ অসম,৮ এপ্ৰিলঃ ভয়ংকৰ আৰ্থিক সংকটত ভোগা শ্ৰীলংকাৰ পৰিস্থিতি অতি বেয়াৰ ফালে ঢাল খাইছে৷ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি আন সকলো বস্তুৰে নাটনি হোৱাৰ ফলত বস্তু-পাতিৰ দাম আকাশলংঘী হৈছে৷ গতিকে জনতাই লঘোণে-ভোকে দিন পাৰ কৰিবলগীয়া হৈছে৷ পেট্ৰ’ল-ডিজেল, বিদ্যুতৰ নাটনিয়েও জলা-কলা খুৱাইছে জনতাক৷ গতিকে ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে জনতা৷ বিৰোধী দলৰ নেতাসকলেও প্ৰতিবাদ অব্যাহত ৰাখিছে৷ গোটাবায়া চৰকাৰৰ ভুল নীতিৰ বাবেই আজি দেশখনত এনে পৰিস্থিতি সৃষ্টি হোৱা বুলি সকলোৱে ধৰি লৈছে৷ দেশখনৰ এই বিপদৰ সময়ত ভাৰতে সকলোধৰণে সহায় আগবঢ়াই আহিছে৷ ভাৰতে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে খাদ্য সামগ্ৰী আৰু পেট্ৰ’ল-ডিজেলো প্ৰেৰণ কৰিছে৷ গতিকে ভাৰতে কৰা এই সহায়ত সুখী হৈছে শ্ৰীলংকাৰ জনতা৷ বিশেষকৈ শ্ৰীলংকাৰ বিৰোধী দলৰ আগশাৰীৰ নেতা,দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে ভাৰতক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷ শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অৰ্জুন ৰাণাতুংগা,সনথ জয়সূৰ্য আদিয়েও ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়৷ ভাৰতক শ্ৰীলংকাৰ ‘ডাঙৰ ককায়েক’বুলি উল্লেখ কৰি জয়সূৰ্যই কয় যে ভাৰতহে শ্ৰীলংকাৰ প্ৰকৃত বন্ধু৷ ভাৰতৰ সহায়ত শ্ৰীলংকাৰ পৰিস্থিতি লাহে লাহে উন্নত হ’ব বুলি তেওঁ আশা কৰে৷ গোটাবায়া চৰকাৰৰ ভুলৰ বাবেই শ্ৰীলংকা আজি এনে পৰিস্থিতিৰ সন্মুখীন হয়৷ আনহাতে, প্ৰাক্তন অধিনায়ক অৰ্জুন ৰাণাতুংগায়ো বুধবাৰে ভাৰত চৰকাৰক প্ৰশংসা কৰে আৰু এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই ভাৰতে মহৎ উপকাৰ সাধন কৰা বুলি স্বীকাৰ কৰে৷ ভাৰতে খাদ্য সামগ্ৰী, ঔষধ, তেল আদি দিয়াৰ লগতে আন সকলোধৰণৰ সহায় আগবঢ়াই আহিছে শ্ৰীলংকালৈ৷