Logo
image

হিন্দী শিক্ষাই দিব চাকৰি!

মন্ত্ৰী পেগুৰ দাবী

আমাৰ অসম,১০এপ্ৰিলঃ অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যত দশমমান পৰ্যন্ত হিন্দী বাধ্যতামূলক বুলি ঘোষণা কৰাৰ পাছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশই যদি হিন্দী বাধ্যতামূলক কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বক্তব্যক আদৰণি জনাইছে,আন একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷ হিন্দী বাধ্যতামূলক কৰা বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– হিন্দী বাধ্যতামূলক কৰা সন্দৰ্ভত ভাৰত চৰকাৰে অসম চৰকাৰক কোনো নিৰ্দেশনা দিয়া নাই৷ গৃহ মন্ত্ৰী অমিত শ্বাহে হিন্দী ভাষাক মাধ্যম কৰাৰ কথা কোৱা নাই৷ অসমীয়া শিকাৰ উপৰি হিন্দী,ইংৰাজী জানিলে ভাল বুলিহে কৈছে৷ হিন্দু বাধ্যতামূলক বাদেই বিকল্প কৰিব লাগে বুলি চিঠি এখনো অহা নাই৷ অসমত অসমীয়াটো মাতৃভাষা৷ অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে আলোচনা কৰি ইতিমধ্যে চাৰিটা ভাষাৰ বাবে এটা ভাষা নীতি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ বিধানসভাই এই পদক্ষেপক আদৰণি জনাইছে৷ এজন ছাত্ৰই অসমীয়া জানিব লাগে,এটা জনজাতীয় ভাষা জানিব পাৰিলে ভাল৷ হিন্দী আৰু ইংৰাজী জানিব লাগে৷ অমিত শ্বাহে কৈছে ল’ৰা-ছোৱালীয়ে হিন্দী শিকিব লাগে,আমিও সেইটো বিচাৰো৷ তেওঁ এইটো কোৱা নাই যে অসমীয়া বন্ধ কৰি হিন্দী শিকিব লাগে৷ তেওঁ কৈছে যে অসমীয়া শিকাৰ পাছত হিন্দী,ইংৰাজী ভালদৰে শিকিব লাগে যাতে দিল্লী,মুম্বাই ৰাজ্যস্থান গুজৰাটত চাকৰি কৰিব পাৰে৷ ইয়াক লৈ কোনো বিতৰ্কৰ স্থান নাই৷ ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত সমৰ্থন জনায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ তেওঁ কয়– ভাষা নজনা বাবেই আমি পিছ পৰি আছোঁ৷ তাৰ কাৰণে ক্ষতি বেলেগৰ নহয় আমাৰ৷ আজি জৱ মাৰ্কেটৰ কথা কওঁ তেতিয়া গোটেই ভাৰতবৰ্ষখনক জৱ মাকেট বনাব লাগিব৷ অকল অসমখন জবমাৰ্কেট কৰি ৰাখিলে আমাৰ নিবনুৱা সমস্যাৰ সমাধান নহয়৷ বাহিৰৰ ৰাজ্যৰ ল’ৰা ছোৱালী যদি অসমলৈ আহি চাকৰি কৰি থাকিব পাৰে আমি বাহিৰত গৈ কিয় চাকৰি কৰিব নোৱাৰো৷ আমি দক্ষিণ ভাৰতত মাত্ৰ কেইটামান চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কথা ভাবিলে নহ’ব৷ আমি গুজৰাট,মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ দিল্লীত চাকৰি কৰিব পাৰিব লাগিব৷ সেইখন জব মাৰ্কটত সোমাব লাগিব৷ সেইখন জৱ মাৰ্কেটত সোমাবলৈ হ’লে ভাষাৰ দক্ষতা আমাক লাগিবই৷ কিন্তু ইয়াত কোনো বাধ্যতামূলক কথা নাই৷ পাঠ্যক্ৰম সাল-সলনি কৰাৰ কোনো পৰামৰ্শ বা নিৰ্দেশনা অহা নাই৷ ভাষা শিকাৰ দক্ষতা আয়ত্ব কৰি ল’ব লাগে৷ সেই মহাত্মা গান্ধী ইণ্টাৰনেশ্বনেল হিন্দী ইউনিভাৰচিটীক অসমত এটা কেম্পাচ স্থাপন কৰিবলৈ অনুৰোধ জনাইছো৷ হিন্দী ভাষাক বাধ্যতামূলক কৰা সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– ভাৰতবৰ্ষ অনৈক্যৰ মাজত ঐক্য থকা এখন দেশ বুলি কোৱা হয়৷ যিহেতু ইয়াত  বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সকলো অঞ্চলত হিন্দী ভাষাক ব্যধ্যতামূলক ভাষা হিচাপে জাপি দিব  বিচাৰে৷ ২০১৭ চনত উপ-ৰাষ্ট্ৰপতি ভেংকা নাইডুৱে হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰিব লাগে বুলি ঘোষণা কৰিছিল আৰু সেই বছৰটোতে হিন্দীক ৰাষ্ট্ৰসংঘত স্বীকৃত ভাষাৰ মান্যতা দিব লাগে বুলিও প্ৰস্তাৱ কৰা হৈছিল৷ ভাৰতবৰ্ষত সংবিধান অনুসৰি দেৱনাগিৰী লিপিত হিন্দীক কেন্দ্ৰীয় চৰকাৰৰ ভাষা কৰা হ’ব বুলি কৈছিল যদিও ১৯৬৫ চনত ইংৰাজীৰ পৰিৱৰ্তে হিন্দীক কেন্দ্ৰীয় চৰকাৰৰ ভাষা হিচাপে ব্যৱহাৰ কৰাৰ দক্ষিণাত্যৰ ৰাজ্যসমূহত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল৷ যাৰ ফলত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে হিন্দী মাতৃভাষা নোহোৱা ৰাজ্যসমূহত জাপি দিয়া নহ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ ১৯৬৩ চনত ‘Official Language Act’খন গ্ৰহণ কৰা হৈছিল যাৰ যোগেদি ইংৰাজী ভাষাকো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল৷ ২০১৯ চনত কেন্দ্ৰীয় শিক্ষা উপদেষ্টা বৰ্ডে বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলৰ উপস্থিতিত ঘোষণা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে ত্ৰি ভাষা সূত্ৰ অনুসৰি কোনো ভাষাকে ৰাজ্যসমূহৰ ওপৰত জাপি নিদিয়ে৷ তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰীয়ে হিন্দী বাধ্যতামূলক কৰাটো কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বৰ্ডৰ ঘোষণাৰ বিপৰীত৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিটো প্ৰথম অৱস্থাত হিন্দী ভাষাক বাধ্যতামূলক বিষয় হিচাপে জাপি দিয়াৰ চেষ্টা কৰাৰ পিছত বহুতো অহিন্দী ভাষী ৰাজ্যৰ আপত্তিৰ বাবে ত্ৰি-ভাষাৰ ভিতৰত হিন্দী বাধ্যতামূলক কৰাৰ ব্যৱস্থাটো আঁতৰাই দিব লগা হয়৷ 

অসমত ৰাজস্থান,গুজৰাট আদিৰ দৰে অকল এটা ভাষা কোৱা লোকে বসবাস নকৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজৰ নিজৰ মাতৃভাষা সৈতে গৌৰৱেৰে বসবাস কৰি আছে৷ এইসকল লোকে নিজৰ মাতৃভাষাত আদান প্ৰদান কৰাৰ উপৰিও অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত কথা পাতিবলৈ হ’লে অসমীয়া ভাষাত কথা পাতে৷ এনে ক্ষেত্ৰত ত্ৰি-ভাষিক সূত্ৰ অনুসৰি হিন্দী, অসমীয়া আৰু মাতৃভাষা হ’লে তেওঁলোক ইংৰাজী শিকাৰ পৰা বঞ্চিত হ’ব লগা হ’ব ৷ যাৰ ফলত চাকৰি বা অন্য পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব৷ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমে ৰাভা,বড়ো,মিচিং,টাই আহোম আদি বিভিন্ন ভাষাৰ পাঠ্যপুথি মাতৃভাষা হিচাপে প্ৰণয়ন কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে মত বিনিময়ৰ বাবে অসমীয়া ভাষা শিকিব লাগে লগতে চৰকাৰী কাম কাজৰ বাবে ইংৰাজী ভাষা শিকিব লগা হয়৷ এতিয়া পুনৰ হিন্দী ভাষাক বাধ্যতামূলক কৰিলে ত্ৰি-ভাষিক সূত্ৰ অনুসৰি মাতৃভাষা,অসমীয়া বা ইংৰাজী ইয়াৰ যিকোনো এটা এৰিব লগা হ’ব পাৰে৷ যাৰ ফলত ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিব৷ সেয়েহে, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি দলে ৰাজনৈতিক স্বাৰ্থ লাভৰ বাবে অসাংবিধানিকভাৱে উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষাটো জাপি দিয়াটো কেতিয়াও মানি ল’ব নোৱাৰি৷  ইয়াক আমি গৰিহনা দিছো আৰু এই প্ৰস্তাৱ শীঘ্ৰেই নাকচ কৰিবলৈ দাবী জনাইছো৷ অসম চৰকাৰকো কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্ত বাতিল কৰাৰ বাবে হেঁচা প্ৰয়োগ  কৰিবলৈ দাবী জনাইছোঁ৷ তেওঁ আৰু কয়– যিজনে চাকৰিৰ কাৰণে হিন্দী শিক্ষাৰ কথা কৈছে তেওঁ মুৰ্খৰ স্বৰ্গত বাস কৰিছে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিধায়ক পৰমানন্দ ৰাজবংশীয়ে হিন্দীক আকোৱালী লোৱা পদক্ষেপক আদৰণি জনাইছে৷ তেওঁ কয়–হিন্দীক আকোৱালী লোৱাত আপত্তি নাই৷ কিন্তু প্ৰধান ভাষা হিচাপে গুৰুত্ব দিব লাগিব অসমীয়া ভাষাক৷ হিন্দীক বাধ্যতামূলক কৰাত আপত্তি নাই৷ অমিত শ্বাহৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়– কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে কালি সকলো ৰাজ্যতে দশম শ্ৰেণীলৈকে হিন্দীভাষা বাধ্যতামূলক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস চলোৱা বুলি সদৰি কৰাৰ পিচত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷  তেওঁ কয় যে চৰকাৰে যদি তেনে সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেহ’লে সেয়া বাতিল কৰিব লাগিব৷ অসমীয়া ভাষাৰ সাম্প্ৰতিক অস্তিত্বৰ সংকটৰ কালত অসম সাহিত্য সভাকে মুখ্য কৰি সকলো জাতীয় সংগঠনলৈ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ তেওঁ আহ৩ান জনায়৷ তেওঁ আৰু কয় যে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ ওপৰত গঠিত উচ্ছ স্তৰীয় সমিতিয়ে সকলো জাতীয় শিক্ষানুষ্ঠানৰ লগতে কেন্দ্ৰীয় ব’ৰ্ডৰ শিক্ষানুষ্ঠানসমূহতো অসমীয়া ভাষাটো বাধ্যতামূলক কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ অসমৰ মুখ্যমন্ত্ৰীয়েও সময়ে সময়ে অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট অহা আৰু উক্ত সংকট দূৰ কৰিবলৈ সকলো মাধ্যমৰ বিদ্যালয়তে অসমীয়াক এটা বিষয় হিচাপে অন্তৰ্ভূক্ত কৰা হ’ব বুলি কৈ আহিছে৷  তৎসত্ত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী সম্প্ৰসাৰণৰ কৌশল গ্ৰহণ কৰাৰ উক্ত পদক্ষেপৰ প্ৰতি ৰাজ্য চৰকাৰে সমৰ্থন আগবঢ়োৱাটো দুৰ্ভাগ্যজনক৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিদ্যালয়ত কি পঢ়োৱা হ’ব সেয়া অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এক্তিয়াৰ৷ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা ৰাজ্যসমূহৰ ওপৰত জাপি দিব নোৱাৰে৷ অসম জাতীয় পৰিষদে এনে ভাষিক সম্প্ৰসাৰণবাদ আৰু দমন নীতিৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলিও গগৈয়ে মত প্ৰকাশ কৰে৷ 

আৰ এছ এছ আৰু বি জে পিয়ে অসমত বাধ্যতামূলক ভাৱে জাপি দিয়া হিন্দী ভাষাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা বিধায়ক অখিল গগৈয়ে৷ বিধায়ক অখিল গগৈয়ে বি জে পি চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত হিন্দী ভাষা বাধ্যতামূলকভাৱে জাপি দিবলৈ চেষ্টা কৰাটো তীব্ৰ বিৰোধিতা কৰিছে৷ তেওঁ কয়– এদেও দুদেও লুটা নিয়া চেও,এই বাক্য শাৰীকে আজি কাৰ্যকৰী কৰি বি জে পি আৰু আৰ এছ এছ চৰকাৰে এটাৰ পিঠিত আনটো জনগন বিৰোধী সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দি আছে৷ ২০১৫ চনতেই বি জে পি আৰু আৰ এছ এছ চৰকাৰে আমাৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰে৷ তাৰ ফলত অসম আজি দেউলীয়া হল৷ আমাৰ ওপৰত নাগৰিকত্ব সংশোধন বিল অৰ্থাৎ কা জাপি দি ৰ কোটি ৯০ লাখ হিন্দু বাংলাদেশীৰ বোজা দিব খুজিছে আৰু এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো বৈশিষ্ট্যক ওলাই কৰি এই অঞ্চলৰ ভাষাৰ ওপৰত হিন্দী ভাষাক দাদাগিৰী কৰিবলৈ দিয়া কাৰ্য্যৰ বিৰোধিতা সকলোৱে কৰাটো উচিত বুলি কয়৷ অথচ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এতিয়া আমাৰ ওপৰত বাধ্যতামূলক ভাৱে জাপি দিব বিচাৰিছে হিন্দী ভাষা ৷ বিধায়ক অখিল গগৈৰ মতে হিন্দী কেতিয়াও ৰাষ্ট্ৰ ভাষা নাছিল৷ এই চৰকাৰখনে ৰাষ্ট্ৰ ভাষা কৰাৰ চেষ্টা কৰি আছে৷ আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে৷ কাৰণ বি জে পিয়ে বিচাৰে এক দেশ এক ভাষা,এক বজাৰ,এক সংস্কৃতি,এক ব্যৱস্থা,এক শাসন ব্যৱস্থা আদি৷ অৰ্থাৎ গণতান্ত্ৰিকতা,ক্ষমতাৰ পৰিবৰ্তে তেওঁলোকে ওপৰৰ পৰা জাপি দিয়া এক কেন্দ্ৰীয় ব্যৱস্থা আৰম্ভ কৰিছে৷