Logo
image

দেশ এৰি ভাৰতলৈ যাওক ইমৰান! বিৰোধীৰ কটাক্ষ

শেষ মুহূৰ্তত কেবিনেট বৈঠক

আমাৰ অসম,১০এপ্ৰিলঃ ইমৰান খান যেতিয়া যুদ্ধক্ষেত্ৰত থাকে তেতিয়া ফলাফল অনিশ্চিত হৈ থকা যুদ্ধৰো শেষ মুহূৰ্তলৈকে শ্বাসৰুদ্ধকৰ উত্তেজনাই বিৰাজ কৰি থাকে৷ ক্ৰিকেটাৰ হৈ থকা অৱস্থাতো শেষ বলটোলৈকে যুঁজিছিল তেওঁ৷ কোনো অনিশ্চিত মেচত দল পৰাজিত হৈছিল,কিন্তু অধিকাংশ তেনে মেচৰ পৰাই ইমৰান খানে দললৈ বিজয় আজুৰি আনিছিল৷ এতিয়া অনাস্থা প্ৰস্তাৱৰ মুখামুখি হৈ যিকোনো মুহূৰ্ততে প্ৰধানমন্ত্ৰীৰ আসন হেৰুওৱাটো প্ৰায় নিশ্চিত হৈ থকা অৱস্থাতো প্ৰধানমন্ত্ৰী হিচাপে ইমৰান খানে শুকুৰবাৰে নিশা পলমকৈ কেবিনেট বৈঠক আহ্বান জনাইছে৷ কি উদ্দেশ্যত আৰু কি পৰিস্থিতিত ইমৰান খানে শনিবাৰে নিশা কেবিনেটৰ বৈঠক আহ্বান জনাইছে সেই লৈ কেৱল দেশৰ বিৰোধী ৰাজনৈতিক দলেই নহয় পাকিস্তানৰ সাংবাদিকসকলো বিভ্ৰান্ত৷ কিয়নো শনিবাৰে দিনৰ ১০.৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হোৱা পাকিস্তানৰ নেশ্বনেল এছেমব্লীৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্ক আৰু ভোটদান দিনৰ ভিতৰতে সম্পন্ন হ’ব লাগিছিল৷ অন্ততঃ ১২ ঘণ্টাৰ ভিতৰত অনাস্থা প্ৰস্তাৱৰ ভোটদান হ’ব লাগিছিল৷ কিন্তু বিভিন্ন অজুহাতত অনাস্থা ভোটগ্ৰহণ পিছুৱাই থকা হৈছে আৰু শেষ মুহূৰ্তত ইমৰান খানে কেবিনেটৰ বৈঠক আহ্বান জনাইছে৷ তাৰ পূৰ্বে পাকিস্তানৰ সময় অনুসৰি নিশা ৮.৩০ বজাত অনাস্থা প্ৰস্তাৱৰ ভোটদান হ’ব বুলি অধ্যক্ষই ঘোষণা কৰিলেও ৮ বজাৰ পূৰ্বে পুনৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্ক চলি থকা সংসদৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়৷ ফলত ভোটদান কেতিয়া হ’ব সেয়া অনিশ্চিত হৈ পৰিছে৷ পাকিস্তানী সংবাদ মাধ্যমৰ একাংশৰ মতে অনাস্থা ভোটত যিয়েই নহওক,ইমৰান খানে কেবিনেট বৈঠকতে চৰকাৰ ভংগ আৰু পদত্যাগৰ বিষয়ে ঘোষণা কৰিব৷ আনহাতে,আন একাংশৰ মতে, শুকুৰবাৰে ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ঈ-ইনছাফে উচ্ছতম ন্যায়ালয়ে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ বাবে দিয়া ৰায়ৰ প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ আদালতত আৱেদন দাখিল কৰিছে আৰু তাৰ ৰায় নহালৈকে ইমৰান খানৰ চৰকাৰ অনাস্থা ভোটৰ মুখামুখি নোহোৱাৰ ফন্দি পাতিছে৷ আক্ষৰিক অৰ্থতেই এই মুহূৰ্তত পাকিস্তানৰ ৰাজনীতি অনিশ্চিত৷ আজিৰ নাটকীয় ঘটনাৰে পৰিপূৰ্ণ দিনটোৰ পূৰ্বে শুকুৰবাৰে ইমৰান খানে জাতিৰ উদ্দেশ্যে প্ৰদান কৰা দীঘলীয়া ভাষণটোক লৈ দেশজুৰি তীব্ৰ চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি হৈছে৷ শুকুৰবাৰে ইমৰান খানে তেওঁৰ ভাষণত এপষেকৰ ভিতৰত ভাৰতীয় ৰাজনীতি আৰু ভাৰতৰ শক্তি তথা সাৰ্বভৌমত্বক দ্বিতীয়বাৰৰ বাবে প্ৰশংসা কৰে৷ ইমৰান খানৰ মুখত ভাৰতৰ প্ৰশস্তি শুনি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যা তথা পিএমএল-এনৰ উপ-সভাপতি মৰিয়ম নৱাজে ইমৰান খানক ভাৰততে গৈ থাকিবলৈ পৰামৰ্শ দিছে৷ শুকুৰবাৰৰ ভাষণটোত ইমৰান খানে কয়– ‘মই বিশ্বৰ অনেক দেশ ভ্ৰমণ কৰিছো৷ কিন্তু পাকিস্তানৰ নিচিনা ইমান খোলা-মেলা দুৰ্নীতি ক’তো দেখা নাই৷’তেওঁ পুনৰ কয়–‘বিদেশী শক্তিসমূহে পাকিস্তানত এজন নমনীয় প্ৰধানমন্ত্ৰী থকাটো বিচাৰে৷ সেইকাৰণে তেওঁলোকে মোক বাহিৰ কৰি দিবলৈ বিচাৰিছে৷ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে সকলো কথা বুজিও ক্ষমতাৰ আশাত তাকেই কৰিবলৈ বিচাৰিছে৷ এয়া পাকিস্কানৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ৷ আমাৰ দেশত ২২ কোটি মানুহ আছে৷ পৃথিৱীৰ আন এখন দেশে এই ২২ কোটি মানুহক তেওঁলোকৰ ৰাষ্ট্ৰনেতা কোন হ’ব সেই নিৰ্দেশ দিছে আৰু তাকেই বিৰোধী দলসমূহে মানি লৈছে৷ এয়া অপমানজনক৷’তেওঁ এই ভাষণত পাকিস্তানৰ সৈতে ভাৰতৰ তুলনা কৰি পুনৰ কয়– ‘কোনো ছুপাৰপাৱাৰে ভাৰতক নিৰ্দেশ দিব নোৱাৰে৷ ভাৰত বিশ্বৰ আন কোনো শক্তিৰ নিৰ্দেশত নচলে৷ ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰায় সমস্ত দেশ একগোট হৈ সীমাহীন নিষেধাজ্ঞা জাৰি কৰাৰ সময়তো ভাৰতে সেই ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আছে৷ এইক্ষেত্ৰত কোনো শক্তিয়ে ভাৰতক শ্ৰুতলিপি দিব পৰা নাই বা শ্ৰুতলিপি দিবলৈ চেষ্টা কৰিলেও ভাৰতে সেয়া মানি লোৱা নাই৷ পাকিস্তানে ভাৰতৰ পৰা নিজৰ দেশৰ সাৰ্বভৌমত্ব কেনেকৈ অক্ষুন্ন ৰাখিব লাগে সেয়া শিকা উচিত৷ মই অনাস্থা প্ৰস্তাৱৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ মানি লৈছো৷ কিন্তু আমাৰ দেশৰ নেতা সলনি কৰাৰ বাবে বহিঃৰাষ্ট্ৰৰ যি নিৰ্দেশ ইতিমধ্যে আমি ৰাজহুৱা কৰিছো সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কোনো মন্তব্য নকৰাত আচৰিত হৈছো৷ এতিয়া এই কথা লুকাই থকা নাই,পাকিস্তানৰ শীৰ্ষ নেতৃত্বক সলনি কৰিবলৈ আমাৰে এখন পুৰণি মিত্ৰ দেশে নিৰ্দেশ জাৰি কৰিছে৷ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত মই সেই বিষয়ে এই ভাষণত বিস্তৃতভাৱে উল্লেখ কৰিব নোৱাৰো৷ কিন্তু দেশৰ নিৰাপত্তা পৰিষদৰ বৈঠকত মই সেই তথ্য দাখিল কৰিছো৷ এই বিষয়ে উচ্ছতম ন্যায়ালয়ো অৱগত৷ কিন্তু বিষয়টোক লৈ আমাৰ সৰ্বোচ্চ আদালত নীৰৱ৷’ইমৰান খানৰ এই ভাষণে দেশখনৰ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিছে৷ উল্লেখ্য,ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ঠিক পূৰ্বে মস্কোৰ আমন্ত্ৰণক্ৰমে ইমৰান খানে ৰাছিয়া ভ্ৰমণ কৰাত আমেৰিকা নাৰাজ হৈছিল৷ তদুপৰি দীৰ্ঘদিনৰ পৰা ইমৰান খানৰ চৰকাৰে চীনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছে৷ সেই লৈয়ো আমেৰিকাৰ তীব্ৰ আপত্তি৷ কিয়নো আমেৰিকাৰ বাবে চীনৰ কাষতে থকা পাকিস্তান হৈছে ৰণকৌশলগত ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ সামৰিক আৰু কূটনৈতিক ঘাটি৷  ইমৰান খানে প্ৰথমে চীন আৰু শেহতীয়াকৈ ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বঢ়োৱাত নাৰাজ হৈয়েই আমেৰিকাই তেওঁক পদচ্যুত কৰিবলৈ চেষ্টা কৰাটো এতিয়া গোপন হৈ থকা নাই৷ সেই বিষয়টো মুকলি কৰি দিয়াৰ ফলতে দেশৰ নৱপ্ৰজন্মই ইমৰান খানক আদৰণি জনাইছে আৰু তেওঁৰ পক্ষ লৈছে৷ কিন্তু ইমৰান আঁতৰিলেই দেশৰ ক্ষমতা দখল কৰিবলৈ সাজু হৈ থকা বিৰোধী পক্ষই তেওঁৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া শেহতীয়া ভাষণক লৈ সীমাহীন কটাক্ষ কৰিছে৷ মৰিয়ম নৱাজে কৈছে,যদিহে ইমৰান খানে ভাৰতৰ পৰিস্থিতি আৰু ভাৰতক ইমানেই ভাল পায় তেন্তে তেওঁ পাকিস্তান এৰি ভাৰততে থাকিবগৈ পাৰে৷ ক্ষমতাৰ বাবে ইমৰান খান বহু তললৈ নামিছে বুলি অভিযোগ কৰি মৰিয়ম নৱাজে কয় যে, ভাৰতৰ নিৰ্বাচিত চৰকাৰ ২৭ বাৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে আৰু সকলোৱেই অনাস্থা প্ৰস্তাৱৰ ভোটদান স্বীকাৰ কৰি লৈছে৷ আনকি এবাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অনাস্থা প্ৰস্তাৱত এটা ভোটত পৰাজিত হৈ পদত্যাগ কৰিছিল৷ তেওঁলোক কোনো সংবিধানচ্যুত আৰু গণতন্ত্ৰৰ আদৰ্শৰ পৰা বিচ্যুত হোৱা নাছিল৷ সেয়া ইমৰান খানৰ ক্ষেত্ৰত মুঠেই দেখা নাই বুলি তেওঁ মন্তব্য কৰে৷ ইমৰান খানে ভাৰতৰ গণতন্ত্ৰ আৰু সাৰ্বভৌমত্বৰ যি উদাহৰণ দিছে তাৰ লগতে তেওঁ ভাৰতৰ বিভিন্ন প্ৰধানমন্ত্ৰীয়ে ২৭ বাৰকৈ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হওতে পলায়ন কৰা যে নাছিল সেয়াও ক্ষমতা হেৰুৱাবলৈ লোৱা ইমৰান খানে উপলব্ধি কৰা উচিত বুলি মৰিয়ম নৱাজে মন্তব্য কৰিছে৷