Logo
image

আজি নিজৰ কবিতা হাতত লৈয়ে মঞ্চত উঠিব অশীতিপৰ নীলমণি

আমাৰ অসম,১০ এপ্ৰিলঃ 

হংসধবনি শুনিছো

ৰাতি পুৱাইছে নে ৰাতি হৈছে

হাতৰ আঙুলিত মোৰ

ঢেঁকীয়াবোৰ গজিছে

মই মোক হেৰুৱাই পেলাইছোঁ....

কবি নীলমণি ফুকনৰ পৰম আকাংক্ষা,নিজৰ কাপৰ পৰা ওলোৱা,নিজৰো প্ৰিয় এই কবিতাটোৰ কেইটামান স্তবক, হয়তো সম্পূৰ্ণ কবিতাটো সকলোৰে সন্মুখত নিজেই পঢ়ি দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা :জ্ঞানপীঠ হাতত তুলি ল’ব৷ এনে এক সম্ভাৱনা সন্মুখত লৈয়েই সোমবাৰৰ সন্ধিয়াটো অসমবাসীৰ বাবে এক ঐতিহাসিক ক্ষণত পৰিগণিত হ’বলৈ আগবাঢ়িছে৷ কিয়নো সোমবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় :জ্ঞানপীঠৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰথিতযশা কবি নীলমণি ফুকনক ৫৬ সংখ্যক :জ্ঞানপীঠ বঁটা প্ৰদানৰ দিহা কৰা হৈছে৷ অসমত প্ৰথমবাৰৰ বাবে আয়োজিত :জ্ঞানপীঠ প্ৰদানৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেৱেঁই কবি নীলমণি ফুকনৰ হাতত তুলি দিব ২০২১ চনৰ দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোত্তম সন্মান :জ্ঞানপীঠ৷ এই অনুষ্ঠানত উপস্থিত থাকিব ভাৰতীয় :জ্ঞানপীঠৰ সভাপতি ন্যায়াধীশ বিজেন্দৰ জৈন,জ্ঞানপীঠ নিৰ্বাচনী বৰ্ডৰ অধ্যক্ষ প্ৰতিভা ৰয় আৰু ভাৰতীয় :জ্ঞানপীঠৰ মেনেজিং ট্ৰাষ্টী ছাহু অখিলেশ জৈন৷ এই ত্ৰিমূৰ্তি ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে৷ অনুষ্ঠানত ৰাজ্যৰ সাহিত্য ক্ষেত্ৰৰ অনেক গণ্যমান্য ব্যক্তিত্ব উপস্থিত থাকিব৷ উল্লেখ্য,ইয়াৰ পূৰ্বে কেতিয়াও অসমত :জ্ঞানপীঠ প্ৰদানৰ অনুষ্ঠান আয়োজিত হোৱা নাছিল৷ অসমৰ পূৰ্বৰ দুয়োগৰাকী :জ্ঞানপীঠ বিজয়ী ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামী উভয়েই :জ্ঞানপীঠ লৈছিল নতুন দিল্লীৰ বিজ্ঞান ভৱনত চিৰাচৰিত প্ৰথাত৷ এইবাৰ পিছে তাৰ ব্যতিক্ৰম ঘটিছে৷ অশীতিপৰ কবি বাদ্ধৰ্ক্যজনিত কাৰণত দিল্লীলৈ গৈ :জ্ঞানপীঠ হাতত তুলি ল’বলৈ সক্ষম নহয়৷ সেয়ে :জ্ঞানপীঠেই আহিছে অসমলৈ৷ সেয়ে অসমবাসীৰ বাবে অভূতপূৰ্ব হ’ব এই অনুষ্ঠান৷ 

সূৰ্য হেনো  নামি আহে এই নদীয়েদি– এইখন কাব্যগ্ৰন্থৰ বাবে দেশৰ সৰ্বোচ্ছ সাহিত্য সন্মান অৰ্জন কৰা কবি নীলমণি ফুকনৰ ঘৰ আজি আক্ষৰিক অৰ্থতেই উদুলি-মুদুলি৷ কিয়নো কবিৰ গুৱাহাটীৰ ঘৰত আহি উপস্থিত হৈছেহি আত্মীয় কুটুম্ব,কাইলৈৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে৷  তাতে আজি কবিৰ সহৰ্ধমিনীৰ জন্মদিন৷ কবিৰ জন্মস্থান দেৰগাঁৱৰ পৰা তেওঁৰ পৰিয়ালৰ নিকটতম সদস্য আহি আজিয়েই গুৱাহাটীত উপস্থিত হৈছে,ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ থকাৰ বাবে৷ বাৰ্ধক্যজনিত কাৰণত সহোদৰ সোঁশৰীৰে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব কিন্তু দেৰগাঁৱৰ পৰা আহিছে কবিৰ ভটিজা-ভটিজীৰ দল৷ কেৱল দেৰগাঁৱেই নহয়,যোৰহাট, ডিব্ৰুগড়,শিৱসাগৰ,নাজিৰা,ডুমডুম আৰু আনকি চৈখোৱাৰ পৰাও সাহিত্যিক আৰু গুণমুগ্ধ আহিছে এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে৷ গুৱাহাটীত বাসকৰা অসমৰ প্ৰায় সকলো যশস্বী সাহিত্যিককো এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে৷ 

এই অনুষ্ঠানক লৈ এতিয়া যত্নৰ ত্ৰুটি ৰখা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু জনসংযোগ বিভাগে :জ্ঞানপীঠ প্ৰদানৰ এই অনুষ্ঠানটো অতি মৰ্যাদাপূৰ্ণ আৰু জাকজমকীয়াভাৱে আয়োজন কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু জনসংযোগ বিভাগৰ তৎপৰতাত কাইলৈৰ অনুষ্ঠানত কবি নীলমণি ফুকনৰ জীৱনভিত্তিক এখন গ্ৰন্থ প্ৰকাশো কৰা হ’ব৷ ৰাজ্যৰ আগশাৰীৰ কেইবাজনো সাহিত্যিকে কবি নীলমণি ফুকনৰ বিষয়ে সেই গ্ৰন্থত নিজস্ব মত প্ৰকাশ কৰিছে৷ ইতিমধ্যে অনুষ্ঠানৰ ৭ দিন আগৰ পৰাই  গুৱাহাটী মহানগৰী কবি নীলমণি ফুকনৰ কবিতাৰ পংক্তিৰে ভৰাই পেলোৱা হৈছে৷ মহানগৰীৰ ঠায়ে ঠায়ে লাগিছে হৰ্ডিং,ষ্টেণ্ডি– য’ত অংকিত হৈছে নীলমণি ফুকনৰ বিখ্যাত কবিতাৰ শাৰী৷ এই অনুষ্ঠানৰ ‘কাউণ্টডাউন’কৰিছে চৰকাৰীভাৱে৷ অনুষ্ঠানলৈ ৭ দিন,অনুষ্ঠানলৈ ৬ দিন.... এনেদৰে কাউণ্টডাউন কৰি :জ্ঞানপীঠ প্ৰদানৰ অনুষ্ঠানটোলৈ ৰাজ্যবাসীৰ আকৰ্ষণ বৃদ্ধি কৰি তোলা হৈছে৷ সংবাদপত্ৰত প্ৰকাশিত হৈছে তেনে বিজ্ঞাপন৷ আক্ষৰিক অৰ্থতে অভূতপূৰ্ব হ’ব এই অনুষ্ঠান,যিদৰে পূৰ্বে অসমত :জ্ঞানপীঠ প্ৰদানৰ অনুষ্ঠান আয়োজন হোৱা নাছিল আৰু অভূতপূৰ্বভাৱে এইবাৰেই ৰাজ্যত :জ্ঞানপীঠ প্ৰদানৰ অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে,ঠিক সেইদৰে৷ 

অশীতিপৰ কবিয়ে বাৰ্ধক্যজনিত কাৰণতে ধুতি-পাঞ্জাৱী পৰিধান কৰিব নোৱাৰিব আৰু সেইবাবেই তেওঁ পায়জামা-পাঞ্জাৱী পৰিধান কৰিয়েই :জ্ঞানপীঠ হাতত তুলি লোৱাৰ কথা৷ নিজৰ কবিতা পাঠ কৰাৰ পাছত তেওঁ সাৰগৰ্ভ ভাষণৰ প্ৰথমকেইটামান শব্দ অথবা কেইটামান শাৰী পঢ়িব আৰু তাৰ পাছত তেওঁৰ হৈ প্ৰায় ১৫-২০ মিনিট দৈৰ্ঘৰ ভাষণটো পাঠ কৰিব সুযোগ্য পুত্ৰ অমিতাভ ফুকনে৷ জীৱনত সাহিত্যকৃতিৰ বাবে পাব পৰা সকলো বঁটা-সন্মানেই পাইছে তেওঁ৷ ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল‘কবিতা’নামৰ কবিতা সংকলনৰ বাবে৷ ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত লাভ কৰিছিল সাহিত্য অকাডেমীৰ ফেল’শ্বিপ৷ তাৰো পূৰ্বে ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল পদ্মশ্ৰী৷ ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত জন্ম লাভ কৰা কবি নীলমণি ফুকনে তেওঁৰ ৯০ বছৰীয়া জন্মদিন  উদ্‌যাপন কৰিবলৈ মাথোঁ ৫ মাহ সময়হে বাকী৷ কবিৰ মনত সামান্য আক্ষেপ এটাই– যদিহে দেশৰ সাহিত্য ক্ষেত্ৰৰ এই সৰ্বশ্ৰেষ্ঠ স্বীকৃতি আৰু কিছুদিন পূৰ্বেই আহিলহেঁতেন,তেতিয়া তেওঁৰ বাবে সেয়া হয়তো অধিক উপভোগ্য হৈ উঠিলহেঁতেন,অন্ততঃ তাৰুণ্যৰ বাবে৷