Logo
image

নিজৰ ড্ৰয়িংৰূমতে এমট্ৰনৰ গাণনিক বিষয়াক হত্যা

মহানগৰী পুনৰ ৰক্তাক্ত আৰক্ষীৰ মতে ডকাইতি

আমাৰ অসম,১১ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ অচিনাক্ত ঘাতকে ঘৰৰ ভিতৰতে হত্যা কৰি থৈ গ’ল এমট্ৰনৰ এজন কৰ্মচাৰীক৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয় মহানগৰীৰ সমীপৱৰ্তী তেতেলীয়াৰ গ্ৰীনভিউ কলনিৰ হৰেশ্বৰ বসুমতাৰী পথত৷ ঘাতকে ৰদ জাতীয় গধুৰ অস্ত্ৰৰে মূৰত আঘাত কৰি হত্যা কৰে এমট্ৰনৰ গাণনিক বিষয়া অজিত কুমাৰ চেতিয়াক৷ ঘৰত অকলে থকা এমট্ৰনৰ কৰ্মচাৰীজনক দুবৃৰ্ত্তই হত্যা কৰি থৈ যোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে ডকাইতিজনিত ঘটনা বুলি সন্দেহ কৰিলেও প্ৰাথমিক অনুসন্ধানত তেনে কোনো সঠিক তথ্য-প্ৰমাণ উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷ স্বাভাৱিকতেই হত্যাকাণ্ডৰ ঘটনাটো বিভিন্ন দিশৰ পৰা তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য,যোৰহাটৰ নিবাসী অজিত কুমাৰ চেতিয়াই চাৰি বছৰ পূৰ্বে তেতেলিয়াত ঘৰ সাজি নিগাজিকৈ থাকিবলৈ লৈছিল৷ প্ৰায় এপষেক পূৰ্বে চেতিয়াৰ পত্নী আৰু ৮ বছৰীয়া কন্যা বৰপথাৰৰ মাতৃ গৃহলৈ গৈছিল যদিও অজিত কুমাৰ চেতিয়া বাসগৃহটোত অকলেই আছিল৷ কিন্তু দেওবাৰে পুৱা বহু সময় ধৰি অজিত চেতিয়ালৈ পত্নীয়ে ফোন কৰি কোনো সঁহাৰি নোপোৱাত প্ৰতিবেশীক চেতিয়াক মাত দিয়াৰ বাবে অনুৰোধ কৰিছিল৷ ফলত প্ৰতিবেশীয়ে চেতিয়াক মাত দিবলৈ বুলি যাওঁতেই বাসগৃহৰ চৌহদৰ বাহিৰত বিচনা চাদৰকে ধৰি বিশৃংখল অৱস্থাত কাগজ পত্ৰ পৰি থকা দেখি সন্দেহ হোৱাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে অজিত চেতিয়াক৷ লক্ষণীয়ভাৱে অজিত চেতিয়াৰ বাসগৃহৰ প্ৰৱেশদ্বাৰৰ গ্ৰীল আৰু দুৱাৰৰ তলা ভাঙি থোৱাৰ লগতে ড্ৰয়িং ৰূমত পৰি আছিল মৃতদেহটো৷ মূৰত আঘাতৰ চিহ্ন থকাৰ লগতে মূৰৰ পৰা তেজ নিগৰি থকা দেখা গৈছিল৷ অৱশ্যে বেড ৰূমত গডৰেজ খোলা অৱস্থাত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিলেও সোণৰ গহনা পাতি হত্যাকাৰীয়ে লুট কৰি নিছে নেকি তাক নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে৷ অৱশ্যে কোঠাত দুটা লেপটপ পৰি থকাৰ লগতে পেন ড্ৰাইভ আৰু ছেদেলি-ভেদেলি হৈ কিছু অফিচিয়েল কাগজ-পত্ৰ পৰি থকা দেখা গৈছিল৷ আনহাতে, ঘৰৰ বাহিত পৰি থকা বিচনা চাদৰৰ লগতে একাংশ কাগজ-পত্ৰও পৰি থকা দেখা গৈছিল৷ হত্যাকাৰীয়ে আ-অলংকাৰ বা টকা-পইচাতকৈ কাগজ পত্ৰহে গুৰুত্ব দিয়াত হত্যাকাণ্ডৰ উদ্দেশ্য কিবা নথিপত্ৰ সম্পৰ্কীয় হোৱাৰো সন্দেহ কৰিছে আৰক্ষীয়ে৷ চেতিয়াৰ এজন আত্মীয়ই কিছু সোণৰ আ-অলংকাৰ ঘাতকে  লৈ যোৱা বুলি আৰক্ষীক জানিবলৈ দিছে৷ অৱশ্যে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰত ডকাইতি নে পাৰিবাৰিক কিবা সম্পৰ্ক আছে এই দিশ দুটাও তদন্তই সাঙুৰি লৈছে৷ লক্ষণীয় বিষয়টো হৈছে অজিত কুমাৰ চেতিয়াই দুবছৰ পূৰ্বে এমট্ৰনৰ পৰা অৱসৰ লৈছিল যদিও বৰ্তমান অৱসৰৰ পাছতো সাময়িকভাৱে চাকৰিত নিয়োজিত হৈ আছিল৷ কিন্তু শেহতীয়াকৈ বিগত বৰ্ষৰ নৱেম্বৰত এমট্ৰনৰ একাউণ্টৰ পৰা ২.৫৭ কোটি টকা হৰলুকিৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল৷ এই ধন হৰলুকি কেলেংকাৰিত অজিত চেতিয়াৰ সতীৰ্থ এমট্ৰনৰ এজন অস্থায়ী গাণনিক বিষয়া ৰাহুল হুজুৰিক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ গাণনিক ৰাহুল হুজুৰিয়ে এমট্ৰনৰ হৈ বেংক অৱ মহাৰাষ্ট্ৰৰ গুৱাহাটীৰ পাণবজাৰ শাখালৈ দিয়া এটা ই-মেইলৰ ভিত্তিত বেংকটোৱে এমট্ৰনৰ একাউণ্টৰ পৰা ২.৫৭ কোটি টকা আই চি আই চি আই বেংকৰ তামিলনাডুৰ চালেম শাখাৰ এটা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল৷ আই চি আই চি আই বেংকৰ একাউণ্টটোৰ গৰাকী আছিল তামিলনাডুৰ তিৰুচিৰাপল্লিৰ ৰফিউল ৰহমান নামৰ এজন ব্যক্তি৷ পৰৱৰ্তী সময়ত এই ধন এইচ ডি এফ চি বেংক আৰু পাছত ই এছ এফ বি বেংকৰ একাউণ্টলৈ  হস্তান্তৰ কৰিছিল৷ চি আই ডিয়ে এই কেলেংকাৰিৰ গোচৰত ৰাহুল হুজুৰিৰ লগতে তামিলনাডুত ৰফিউল ৰহমান আৰু শংকৰ আনন্দ বালাকাণ্ড নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন কেইবাজনো অভিযুক্তই বৰ্তমানো পলাতক হৈ আছে৷ এমট্ৰনৰ এই ধন হৰলুকি কেলেংকাৰি ঘটনাৰ সংক্ৰান্ততে কোনোৱে গাণনিক অজিত কুমাৰ চেতিয়াক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ নুই কৰা নাই আৰক্ষীয়ে৷ আনহাতে,এমট্ৰনৰ ভিতৰত দীৰ্ঘদিনৰ পৰা চলি থকা আন কোনো বিত্তীয় অনিয়মৰ তথ্য অজিত চেতিয়াই লাভ কৰাৰো সন্দেহ কৰিছে আৰক্ষীয়ে৷ ঘটনাস্থলীত গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে চি আই ডি আৰু ফৰেনছিকৰ দল উপস্থিত হৈ তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে৷