Logo
image

শিৱদ’লত পুনৰুদ্ধাৰ পাতাল ভৈৰৱকুণ্ড

আধুনিক নিৰ্মাণশৈলীৰ নামত ঢাকি পেলোৱা হৈছিল এই কুণ্ড

আমাৰ অসম,১১ এপ্ৰিলঃ বুৰঞ্জীপ্ৰসিদ্ধ  শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ইতিহাসত অন্তভুক্তিৰ বাবে পুৰাতত্ত্ব বিভাগে আধূনিক নিৰ্মাণৰ পৰশ আঁতৰাবৰ বাবে যুদ্ধকালীন তৎপৰতা চলাই থকাৰ সময়তেই শিৱদৌলৰ গৰ্ভগৃহত আৱিষ্কাৰ হল তিনি শতিকা পুৰণি পাতাল ভৈৰৱ কুণ্ড৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তভূক্তিৰ বাবেই নতুন নিৰ্মাণ শৈলী আঁতৰোৱাৰ সময়তেই এনেদৰে তিনিশ বছৰীয়া পুৰণি পাতাল ভৈৰৱ কূণ্ড আৱিস্কাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতেই সৰ্বসাধাৰণ ৰাইজক উৎফু্যল্লিত কৰি তুলিছে৷ উল্লেখ্য যে,কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে পুৰণা নিৰ্মাণ শৈলী উদ্ধাৰৰ বাবে চলোৱা খননৰ সময়তে আজি ঐতিহাসিক শিৱদৌলত এনেদৰে  পুৰণি পাতাল ভৈৰৱ কুণ্ড উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি উৎসুকতা বৃদ্ধি পাইছে৷ ইফালে একাংশ অভিজ্ঞ বুৰঞ্জীবিদৰ মত অনুসৰি ইতিহাসত এই কুণ্ডক পাতাল ভৈৰৱ কুণ্ড বুলি কোৱা হৈছে৷ স্থানীয় অভিযোগ অনুসৰি বিগত প্ৰায় তিনি চাৰি দশকৰ পূৰ্বে কোনো এক চক্ৰই শিৱদৌলৰ ভিতৰত থকা উক্ত পাতাল ভৈৰৱ কুণ্ড টাইলছ লগাই বন্ধ কৰিছিল৷ উল্লেখযোগ্য যে,ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পৰা শিৱদৌলৰ ভিতৰলৈ আছে পাতাল ভৈৰৱ কুণ্ড নামৰ এই পানীৰ নলা৷ দৌলৰ ভিতৰত থকা উক্ত কুণ্ডৰ পৰা ভক্ত সকলে পানী তুলি ঐতিহাসিক শিৱদৌলৰ গৰ্ভ গৃহত থকা শিৱ লিংগত পানী ঢলাৰ ব্যৱস্থা আছিল৷ অতি বিজ্ঞান সন্মতভাৱে ১৭৩৪ চনতে নিৰ্মাণ কৰা অসমীয়া জাতিৰ গৰিমাময় সেই ঐতিহ্য কিন্তু আধুনিক নিৰ্মাণ শৈলীৰে বন্ধ কৰি দিয়া হৈছিল৷ শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰত শিৱদ’লক অন্তৰ্ভূক্তকৰণৰ অংশ ৰূপে শিৱদ’লৰ পৰা আঁতৰাই পেলোৱা হৈছে নতুন নিৰ্মাণ শৈলী৷ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ দ্বাৰা আঁতৰাই পেলোৱা হৈছে টাইলছকে ধৰি সকলো আধুনিক নিৰ্মাণ কাৰ্য৷ ঐতিহাসিক সম্পদটোৰ নতুন নিৰ্মাণ আঁতৰাই আহোম যুগৰ প্ৰকৃত নিৰ্মাণ শৈলী উদ্ধাৰৰ কাম চলি থকাৰ সময়তে পুনৰ উদ্ধাৰ হয় পাতাল ভৈৰৱ কুণ্ড৷