Logo
image

জুনত ঘৰে ঘৰে পানী!মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

আমাৰ অসম,১২ এপ্ৰিলঃ গুৱাহাটীৰ খোৱাপানীক লৈ গৰম হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ কিমান আৰু গেলন-বা লৈ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ  বাবে হাহাকাৰ কৰিব৷ চাৰিখনকৈ অভিলাষী পানী যোগান আঁচনি গ্ৰহণ কৰাৰ পাছতো সুদীৰ্ঘ ১৩ বছৰে গুৱাহাটীবাসীয়ে নাপালে বিশুদ্ধ খোৱাপানী৷ নিৰ্বাচন আহে আৰু যায়,বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি কাগজতে ৰৈ যায়৷ কাৰ্যতঃ পৌৰনিগমৰ নিৰ্বাচনত বিৰোধীয়ে এইবাৰ চৰকাৰক ঘেৰি একপ্ৰকাৰে কৈফিয়ৎ তলব কৰিছে কিয় অতবছৰে গুৱাহাটীবাসীয়ে নাপালে খোৱাপানী৷ ইয়াৰ মাজতে আজি  বিজেপিৰ দলীয় ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ক’লে চলিত বৰ্ষৰ জুন মাহৰ পৰাই গুৱাহাটীবাসীয়ে পাব বিশুদ্ধ খোৱাপানী৷ জুন মাহৰ পৰাই প্ৰতিমাহে গুৱাহাটীৰ  ৫০০০-৮০০০ মানুহে জাইকা প্ৰকল্পৰ বিশুদ্ধ খোৱাপানী লাভ কৰিব৷ একৰ পৰা ডেৰবছৰৰ ভিতৰত গুৱাহাটীৰ ১ লাখ ২০ হাজাৰ বাসিন্দাৰ ঘৰত সংযোজিত হ’ব জাইকা প্ৰকল্পৰ পানীৰ পাইপ৷’সোমবাৰে হেঙেৰাবাৰীস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দলীয় সংকল্প-পত্ৰ উন্মোচন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘ইতিমধ্যে গুৱাহাটীৰ অমিয়নগৰ,কৃষ্ণনগৰ,হোলি চাইল্ড,চান্দমাৰী,মিলনপুৰ,চৰকাৰী প্ৰেছ, বামুণীমৈদাম,ৰাজগড়,পূব শৰণীয়া,ভাস্কৰ নগৰ,জুৰোড,জু-নাৰেংগী,অম্বিকাগিৰি নগৰ, আকাশীপথ, বিএছএফ কেম্প,এম টি ৰ’ড,নাৰিকলবস্তি,গীতা মন্দিৰ আদিত জাইকাৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে৷ পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতেই এই স্থানসমূহত পানীৰ পাইপ সংযোগৰ কাম আৰম্ভ হ’ব৷ একেদৰে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবেও কেইবাখনো বিজ্ঞানসন্মত আঁচনি হাতত লোৱা হৈছে৷ গুৱাহাটীৰ নলা-নৰ্দমা  পৰিষ্কৰণৰ বোকা মাটিয়ে জাৱৰ পেলোৱা স্থানত এতিয়া তিনিটা পাহাৰৰ ৰূপ লৈছে৷ গুৱাহাটীৰ পানী নিৰ্গমন ব্যৱস্থা সুচল কৰিবৰ বাবে বাহিনীকে ধৰি আটাইবোৰ নদীৰ গৰ্ভ খন্দাৰ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷’উল্লেখ্য যে ৰাজ্যিক সাধাৰণ সম্পাদক দ্বিপ্লুৰঞ্জন শৰ্মাই আঁত ধৰা আজিৰ সংকল্প-পত্ৰ উন্মোচন অনুষ্ঠানত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহাল, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,সাধাৰণ সম্পাদক পল্লৱ লোচন দাস,ৰাজ্যিক উপ-সভাপতি তথা লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ,নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে আদি কৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত আছিল৷ 

‘গুৱাহাটীৰ পাহাৰ,দেবোত্তৰ ভূমি,গো-চৰণীয়া পথাৰকে ধৰি চৰকাৰী ভূমিত বসবাস কৰা সকলো লোককে মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰে এক বিশাল ব্যৱস্থা হাতত ল’ব৷ মিছন বসুন্ধৰা আঁচনি-২ অধীনত গুৱাহাটীৰ লোকে ভূমিৰ অধিকাৰ পাব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দলীয় সংকল্প পত্ৰ উন্মোচন কৰি মুখ্যন্ত্ৰী ড॰ শৰ্মাই কয়–‘অহা ১০ মে’ৰ পৰা গুৱাহাটীত ভূমি সংক্ৰান্তত আৰু এক নতুন ব্যৱস্থা বলবৎ কৰা হয়৷ সেই অনুসৰি ভূমিৰ পঞ্জীয়ন আৰু নামজাৰি একত্ৰে উপ পঞ্জীয়ক কাৰ্যালয়তে সম্পন্ন হ’ব৷ পঞ্জীয়নৰ পাছত নামজাৰিৰ বাবে পুনৰ ৰাজহ কাৰ্যালয়ত যাব নালাগে৷ একেটা কম্পিউটাৰ ছফটৱেৰটে ইয়াক সম্পন্ন কৰা হ’ব৷ এনেবোৰ পদক্ষেপৰ দ্বাৰা গুৱাহাটীয়ে দেশৰ আগশাৰীৰ ৰাজহ প্ৰশাসনৰ মহানগৰ সমূহৰ মাজত স্থান লাভ কৰিব৷ গুৱাহাটীৰ মানুহৰ জীৱন সৰল কৰিবলৈ ইতিমধ্যে মিছন মুডত চৰকাৰখনে কাম কৰিছে৷ ট্ৰেড লাইচেন্সৰ ব্যৱস্থা অনলাইন কৰা হৈছে,ফ্লেটৰ ক্ৰয়-বিক্ৰয়ত চৰকাৰী অনুমতি ৰেহাই দিয়া হৈছে,অফিচত অনলাইন ড্ৰাইভিং লাইচেন্স আৰু গাড়ীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীত বাসগৃহৰ নিৰ্মাণৰ অনুমতি প্ৰক্ৰিয়া আৰু অধিক সৰল কৰা হ’ব৷ জাতিগত প্ৰমাণ পত্ৰৰ পৰা বিদ্যালয়,মহাবিদ্যালয়ত নামভৰ্তি লৈকে সকলো প্ৰক্ৰিয়া সৰল কৰা হৈছে৷ গুৱাহাটীবাসীৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰিবলৈ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় নামৰ আন এখন মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হৈছে৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ১০ মহলীয়া চুপাৰ স্পেচিয়েলিটি ব্লকৰ নিৰ্মাণ হ’ব৷ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে ৩০০ বিচনাযুক্ত কেন্সাৰ হাস্পতাল৷ ১০ মে’ত উদ্বোধন হ’ব কাৰ্ডিঅল’জী আৰু নিউৰল’জীৰ বিশাল হাস্পতাল৷ গুৱাহাটীৰ ৬০টা ৱাৰ্ডতে নিৰ্মাণ হ’ব ৬০খনকৈ অত্যাধুনিক চিকিৎসালয়৷ মালিগাঁৱৰ উৰণীয়া সেতু,কামাখ্যাৰ বিকল্প পথ,চাৰাবভাটীৰ উৰণীয়া সেতু,জু-ৰোডৰ উৰণীয়া সেতু,দীঘলীপুখুৰী নুনমাটিৰ আটাতকৈ দীঘল উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম সময় মতে সমাপ্ত হ’ব৷ পলাশবাৰী-শুৱালকুছি,ফাচীবজাৰ-উত্তৰ গুৱাহাটী,নাৰেংগী-কুৰুৱাৰ দলঙৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে৷ গুৱাহাটীৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথক জি এছ ৰোডৰে সামৰি এটা প্ৰকাণ্ড ৰিং ৰোড নিৰ্মাণ কৰা হ’ব৷ ফাচীবজাৰ-উত্তৰ গুৱাহাটীৰ দলংখন ২০২৪ ৰ জানুৱাৰী মাহত উদ্বোধন কৰা হ’ব৷ নতুন মেট্ৰলাইনৰ বাবে কনচালটেন্সিক দায়িত্ব দিয়া হৈছে৷ বাৰাণসীৰ দৰে বিমান বন্দৰৰ পৰা গুৱাহাটী মহানগৰক সংযোগী নিৰ্মাণ হ’ব ৰোপৱে৷ উমানন্দ,কামাখ্যাক জাহাজেৰে সংলগ্ন কৰা হ’ব৷ ৬ মাহৰ ভিতৰত গুৱাহাটীৰ যানযতৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে ইণ্টিগ্ৰেটেড ট্ৰেফিক ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব৷ প্ত হাজাৰ দৰ্শক বহিব পৰা এটা নতুন অত্যাধুনিক প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ কৰা হ’ব৷ সৌন্দৰ্যবন্ধনৰ আঁচনিৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰৰ পৰা পুৰণি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কৈ পাৰ্কলৈ কনভাৰ্ট কৰা হ’ব৷ গুৱাহাটীৰ আৰু ৬০ হাজাৰ মহিলাক অৰুণোদয়ৰ নতুন হিতাধিকাৰী হিচাপে সামৰি লোৱা হ’ব৷ ৰ লাখ ১০ হাজাৰলৈ গুৱাহাটীত অৰুণোদয়ৰ হিতাধিকাৰী বৃদ্ধি কৰা হ’ব৷ ৬০-৭০ ইউনিট বিদ্যুৎ ৰেহাই দিবৰ বাবে অৰুণোদয় হিতাধিকাৰীক মাহে ২৫০ টকা অতিৰিক্তভাৱে দিয়া হ’ব৷ ইয়াৰ ফলত অৰুণোদয়ৰ মাহিলী পেন্সন ১২৫০ টকালৈ বৃদ্ধি পাব৷