Logo
image

৭০-৮০ শতাংশ কাঠফুলা ঘাতক

সাধাৰণতে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কাঠফুলা পোৱা যায়৷ প্ৰাচীন কালৰে পৰাই ই মানৱ সমাজৰ খাদ্যৰ তালিকাত গুৰুত্বপূৰ্ণ স্থান দখল কৰি অহাৰ মূলতে হৈছে ইয়াত থকা ভিন্ন প্ৰকাৰৰ ভিটামিন, খনিজ লৱন আদিৰ দৰে অত্যাৱশ্যকীয় উপাদানৰ উপস্থিতি আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধীয় গুণৰ পয়োভৰজ্ব যেনে– চৰ্বি ১০০ গ্ৰাম,কেলৰি ২২,শ্বেতসাৰ ৩.৩ গ্ৰাম,খাদ্যগত আঁহ  শৰ্কৰা ২ গ্ৰাম,প্ৰ’টিন ৩.১ গ্ৰাম,খাদ্যপ্ৰাণ [খ] ৬.৫ শতাংশ, খাদ্যপ্ৰাণ [গ]৩ শতাংশ,খাদ্যপ্ৰাণ [ঘ] ৰ শতাংশ আৰু মেগনেছিয়াম-২ শতাংশ৷ প্ৰায় ১৪,০০০বিধ বিভিন্ন প্ৰজাতিৰ কাঠফুলা বিশ্বত পোৱা যায়৷ ইয়াৰ ভিতৰত প্ৰায় ২,০০০বিধ প্ৰজাতি খোৱাৰ উপযোগী আৰু প্ৰায় ৭০০বিধ প্ৰজাতি ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়৷ উপযুক্ত বাতাৱৰণৰ বাবে প্ৰায় সৰহসংখ্যক কাঠফুলা ওখ ঠাইত,বিশেষকৈ পাহাৰ-পৰ্বতত পোৱা যায়৷ বিশ্বত উপলব্ধ কাঠফুলাৰ বেছিভাগেই বিষাক্ত৷ বিষাক্ত কাঠফুলাৰ ৭০-৮০ শতাংশ ঘাতক হিচাপে চিনাক্ত কৰা হৈছে৷ এই বিষাক্ত কাঠফুলাবোৰ খাদ্যৰ উপযোগী প্ৰজাতিৰ স’তে ইমান সামঞ্জস্য আছে যে ইয়াক পৃথক কৰা অতি কঠিন হৈ পৰে৷ বিষাক্ত কাঠফুলাৰ পৰা হ’ব পৰা ৰোগৰ লক্ষণসমূহক পাঁচভাগত ভগাব পাৰি– শাৰীৰিক, প্ৰ’টপ্লাজমিক,অন্ত্ৰৰ ৰোগ,স্নায়বিক আৰু  মূৰ আচন্দ্ৰাই ধৰা [এলকহলিক]৷ প্ৰ’টপ্লাজমিক ক্ৰিয়াৰ ফলত ৰোগীৰ যকৃত,বৃক্কৰ ক্ষতি হৈ মৃত্যুমুখত পৰে৷ বিষাক্ত কাঠফুলাত এমাট’ক্সিন, গাইৰ’মিট্ৰিন,অৰেল্লেনাইন,মিউজাক্ৰেইন,ইব’টেনিক এচিড,মিউজিমল,চিল’চায়বিন আৰু ক’প্ৰিন পোৱা যায়৷ ইয়াৰ ভিতৰত এমাট’ক্সিন বেছি প্ৰভাৱশালী৷ ৯৫ শতাংশ মৃত্যু এই এমাট’ক্সিনৰ বিহক্ৰিয়াৰ ফলতে হয়৷ বিষাক্ত কাঠফুলাত ৫-৭ মিঃগ্ৰাঃ এমাট’ক্সিন থাকে৷ এনে কাঠফুলা ০-ৰ মিঃগ্ৰাঃ সেৱন কৰিলেই মানুহ মৃত্যুমুখত পৰে৷

উত্তৰ-পূৰ্বাঞ্চলত বেছিকৈ পোৱা কেইবিধমান বিষাক্ত কাঠফুলা হ’লঃ 

লেপিয়াটা প্ৰজাতিঃ এই প্ৰজাতিৰ কাঠফুলাৰ আন খোৱা কাঠফুলাৰ সৈতে মিল আছে৷ এইবিধ কাঠফুলা খালে যকৃত বেয়া হৈ যায়৷ সময়মতে চিকিৎসা নকৰালে মানুহৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷

আগাৰিকাছ মিউৰিলিঃ এইবিধ কাঠফুলাৰ আন খোৱা  বুটাম কাঠফুলাৰ সৈতে মিল আছে৷ এইবিধ কাঠফুলা ভক্ষণ কৰিলে ৫ মিনিটৰ ভিতৰতে মানুহৰ মৃত্যু হয়৷

আমানিতা প্ৰজাতিঃ এই প্ৰজাতিৰ কাঠফুলা ভক্ষণৰ ফলত বছৰি বহু লোকৰ মৃত্যু হয়৷ বিভিন্ন  ৰঙত ইয়াক পোৱা যায়৷ সাধাৰণতে ইয়াৰ ঠাৰিডালৰ তলৰ অংশ অৰ্থাৎ মাটিৰ তলত থকা অংশ প্ৰায় গোলাকাৰ,বগা ৰঙৰ হয়৷ ইয়াক ভলভা বা বাল্ব বুলি কোৱা হয়৷ ইয়াক সেৱন কৰাৰ ফলত বমি হয়,যকৃত,বৃক্ক বিকল হৈ মানুহ মৃত্যুমুখত পৰিব পাৰে৷

গব্ৰিয় প্ৰজাতিঃ এই প্ৰজাতিৰ কাঠফুলা সাধাৰণতে হালধীয়া বা ৰঙা ৰঙৰ৷ কাঠ বা মাটিৰ ওপৰত ইয়াক পোৱা যায়৷ এই প্ৰজাতিৰ কাঠফুলা বৰ বিষাক্ত৷ ইয়াক সেৱন কৰাৰ ফলত মূৰৰ বিষ, বমি আৰু অৱশেষত যকৃত বিকল হৈ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে৷

কৰ্টিনেৰিয়াছ প্ৰজাতিঃ এই প্ৰজাতিৰ কাঠফুলাক ৱেবকেপ বুলি কোৱা হয়৷ ইয়াৰ দুটা উপজাতি থাকে৷ কৰ্টিনাৰ আৰু ৱেবকেপ৷ দুয়োবিধ দেখাত প্ৰায় একে৷ এইবিধ কাঠফুলাই প্ৰাণীৰ শৰীৰত অৰিলেনিন নামৰ বিহ তৈয়াৰ কৰে৷ ইয়াৰ ফলত শৰীৰত ফ্লুৰ দৰে লক্ষণে দেখা দিয়ে৷ যদি সময়মতে চিকিৎসা কৰা নহয়, তেন্তে বৃক্ক বিকল হৈ মৃত্যুমুখত পৰিব পাৰে৷

বিষাক্ত কাঠফুলা চিনাক্তকৰণ আৰু ল’বলগীয়া সাৱধানতাঃ ভাৰতত সাধাৰণতে বগা বুটামসদৃশ কাঠফুলা [Agaricus bisporous],শ্বিটেক কাঠফুলা,[Lentinus edodes] আৰু অইষ্টাৰ কাঠফুলাক [Pleurotus ostreatus]খোৱাৰ উপযোগী বুলি গণ্য কৰা হয়৷ কাঠফুলা চিনা-জনা লোকৰ পৰাহে ক্ৰয় কৰা উচিত বা ভালদৰে চিনাক্ত কৰাৰ পাছতহে খাব লাগে৷ সন্দেহ থাকিলে খোৱাৰ পৰা বিৰত থকা উচিত৷ কাঠফুলা নাকেৰে শুঙিব নালাগে, ইয়াৰ ৰেণুত থকা বিষাক্ত পদাৰ্থৰ বাবেও মানুহ মৃত্যুমুখত পৰাৰ আশংকা থাকে৷ সাধাৰণতে হাবিৰ পৰা ছিঙি অনা কাঠফুলাৰ সৈতে বিষাক্ত কাঠফুলা মিহলি হৈ থকাৰ সম্ভাৱনা প্ৰায় অধিক বাবে এইদৰে সংগ্ৰহ কৰি অনা কাঠফুলা ভক্ষণৰ পৰা বিৰত থকা উচিত৷ বেছি পুৰণি,উৱলি যোৱা বা কীট-পতংগৰ দ্বাৰা আক্ৰান্ত কাঠফুলা পৰাপক্ষত খোৱা অনুচিত৷