Logo
image

উজনিত বিষাক্ত কাঠফুলা খাই মৰণ শিশুসহ ১৩জনৰ

আমাৰ অসম,১৩ এপ্ৰিলঃ বিষাক্ত কাঠফুলাই প্ৰাণ কাঢ়ি নিলে শিশু,মহিলাসহ ১৩জনকৈ লোকৰ৷ ব’হাগ বিহুৰ প্ৰাক্‌ক্ষণত বিষাক্ত কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ১৩জনকৈ লোকৰ মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ সোমবাৰে সোণাৰী লালতি পথাৰৰ চাৰিজনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ পাছত আজি পুনৰ ৯জন লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ থকা অৱস্থাতে ডিব্ৰুগড় জিলাৰ মুঠ ১৯ জন ৰোগীৰ ভিতৰত ৫জন,চৰাইদেউ জিলাৰ মুঠ ৭জনৰ ভিতৰত ৬ জন,শিৱসাগৰৰ ৩জনৰ ভিতৰত ৰজন লোকৰ মৃত্যু হৈছে৷ ইফালে তিনিচুকীয়া জিলাৰ ২জন লোক ভৰ্তি হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই জানিবলৈ দিয়া মতে,বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰা চাৰিজন শিশুৰ ভিতৰত চৰাইদেউ জিলাৰ অজয় কৰ্মকাৰ নামৰ এটি শিশুৰ মৃত্যু হৈছে৷ আনহাতে,এ এম চিত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে আজি পুৱাৰ ভাগত চম্পা কৰ্মকাৰ[২৪],সৰুমাই কৰ্মকাৰ[১৯]আৰু ৰীতা কেওটৰ [৪০]মৃত্যু হয়৷ ইফালে সোমবাৰে সোণাৰীৰ ২নং লালতি পথাৰৰ মীৰা কৰ্মকাৰ, জোনালী পৰ্জা আৰু মীৰা কৰ্মকাৰৰ পুত্ৰ অজয় কৰ্মকাৰ [১১]আৰু কন্যা চয়নিকা কৰ্মকাৰৰ [১৩]মৃত্যু হৈছিল৷ উল্লেখ্য যে,সোণাৰিৰ ২ নং লালটি পথাৰৰ সমান্তৰালকৈ ডিব্ৰুগড়, তিনিচুকীয়া,শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ৩৫জন ৰোগী বৰ্তমানেও অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই প্ৰকাশ কৰিছে৷ আনহাতে,বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰা লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ বৰ্তমানেও বহুজনৰ স্বাস্থ্যৰ অৱস্থা অতিশয় সংকটজনক বুলি চিকিৎসকে জনাইছে৷

ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ প্ৰাক্‌ক্ষণত চৰাইদেউৰ এখন গাঁৱত উঠিছে কান্দোনৰ ৰোল৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পাশ্বৱৰ্তী ২নং লালতীপথাৰ গাঁৱত বনৰীয়া কাঠফুলা খাই মৃত্যু হৈছে শিশুসহ সাতজন লোক৷ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত কালি  মাতৃ-পুত্ৰসহ চাৰিজন লোকৰ মৃত্যু হোৱাৰ পাছত পুনৰ আজি গাঁওখনৰ ৩ গৰাকী মহিলাৰ মৃত্যু হোৱাত গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ বিষাক্ত  কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আজি পুৱা গাঁওখনৰ চম্পা কৰ্মকাৰ[২৪],সৰুমাই কৰ্মকাৰ[১৯]আৰু ৰীতা কেওটৰ[৪০]মৃত্যু হয়৷ উল্লেখ্য,চৰাইদেউ জিলাৰ সোণাৰিৰ পাশ্বৱৰ্তী ২ নং লালতিপথাৰ গাঁৱত বিগত ৬ এপ্ৰিলত দুটি শিশুসহ জ্জ্ব জন লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল৷ জানিব পৰা মতে,টিঙালীবাম চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক ক্ৰমে ৰীমা কৰ্মকাৰ,জোনাকী প্ৰজা,চম্পা কৰ্মকাৰ,সৰুমাই কৰ্মকাৰ,ৰীতা কেওট,জোৎস্না গড়ে চাহ বাগিচাত চাহপাত চিঙি থাকোঁতে বনৰীয়া কাঠফুলা প্ৰত্যক্ষ কৰি চিঙি আনি পৰিয়ালৰ সৈতে আঞ্জা ৰান্ধি খোৱাৰ লগে লগে পৰিয়ালৰ সকলো লোক অসুস্থ হৈ পৰে৷ বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰা শিশুসহ ৮জন শ্ৰমিকক লগে লগে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত আটাইকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ কিন্তু কালি নিশা চিকিৎসাধীন অৱস্থাতে আক্ৰান্তসকলৰ মাজৰ ছয়নিকা কৰ্মকাৰ,জোনাকী প্ৰজা,ৰীমা কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ অজয় কৰ্মকাৰসহ চাৰিজন লোকৰ মৃত্যু হোৱাৰ পাছত আজি পুৱা পুনৰ ৩ গৰাকী মহিলাৰ মৃত্যু হয়৷ এই লৈ বনৰীয়া কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন অৱস্থাত থকা ৮জন লোকৰ ৭ জন লোকৰে মৃত্যু হৈছে৷ ইফালে, চিকিৎসাধীন হৈ থকা জ্যোৎস্না গড়[৩৫]নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ একেটা চুবুৰীতে এদিনৰ অগা-পিছাকৈ ৭জন লোকৰ মৃত্যু হোৱাত গাঁওখনত শোকাকুল পৰিস্থিতিৰ সূচনা হোৱাৰ লগতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই যুগতো চাহ শ্ৰমিকসকলৰ মাজত উপযুক্ত শিক্ষা আৰু সজাগতাৰ অভাৱৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলে দুখ প্ৰকাশ কৰিছে৷ আনহাতে, চৰাইদেউ জিলা স্বাস্থ্য বিভাগে অঞ্চলটো পৰ্যৱেক্ষণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে৷

দুলীয়াজানৰ উপকণ্ঠ ঐতিহাসিক ভাদৈ অঞ্চলত বিষাক্ত কাঠফুলা ভক্ষণ কৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০জন সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰঙালী বিহুৰ আগে আগে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ভাদৈ আৰক্ষী চকীৰ অধীনস্থ ৪ নং চপাতলী গাঁৱত৷ জানিব পৰা মতে,যোৱা ৮ এপ্ৰিলৰ দুপৰীয়া গাঁওখনৰ তিনিটা পৰিয়ালৰ লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পাছত কালি গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ পাছত অসুস্থ লোকসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চীনে লামা [৬৭]কিউটি লামা [৬০] সুস্মিতা খাৰিয়াৰ [৭] মৃত্যু হয়৷ আনহাতে,উমা লামা,গুণা লামা,মোহন ভূমিজকে ধৰি মহিলা,দুটি শিশুসহ ১০জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷

হেঁপাহৰ ব’হাগ বিহুলৈ মাজত মাথোঁ তিনিটা দিন থকাৰ সময়তে শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ বৰচুমনি মিচিং গাঁৱত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ দুই বায়েক-ভায়েকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে,বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত গাঁওখনৰ কৃষক দম্পতী কেশৱ মিলি[৪৫]আৰু ববিলা মিলিয়ে [৪০]বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি থকাৰ বিপৰীতে তেওঁলোকৰ কন্যা পূৰ্ণিমা মিলিয়ে [১৪]কালি নিশা ১১ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আঁকোৱালি লয়৷ আনহাতে,একমাত্ৰ পুত্ৰ হীৰামন মিলিৰ [৯] আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়৷ ঘটনা সন্দৰ্ভত গাঁওখনৰ ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে,৭ এপ্ৰিলৰ নিশা মিলি দম্পতীয়ে ঘৰৰ ওচৰৰ বাৰীৰপৰা তুলি অনা বিষাক্ত কাঠফুলা খায়৷ কাঠফুলা খোৱাৰ দুদিনমান পাছতে পৰিয়ালটোৰ আটাইৰে স্বাস্থ্যৰ অৱনতি ঘটে৷ স্থানীয় এখন ফাৰ্মাচীত প্ৰাথমিক চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ যাবলৈ কয়৷ ১০ এপ্ৰিলত পৰিয়ালটো ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হয় যদিও চিকিৎসকে পৰিস্থিতি জটিল দেখি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ অৱশেষত কালি নিশা চিকিৎসাৰ অন্ততঃ পূৰ্ণিমা মিলিয়ে মৃত্যুৰ ওচৰত হাৰ মানে৷ আনহাতে,ভ্ৰাতৃ হীৰামন মিলিৰ আজি মৃত্যু হয়৷ গাঁওখনৰ ৰাইজে লগতে কয় যে,কেশৱ মিলিৰ মাতৃয়ে বিষাক্ত কাঠফুলা খাবলৈ মানা কৰিছিল যদিও তেওঁৰ কথা কোনোৱে গুৰুত্ব নিদিলে৷ ইফালে সৌভাগ্যক্ৰমে তেওঁলোকৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা কনিষ্ঠ কন্যা বিনিতা মিলি[১২]উক্ত দিনা নিজগৃহৰ পৰিৰ্ৱতে গাঁৱৰ আন এঘৰত থকাৰ বাবে প্ৰাণৰক্ষা পৰে৷ কেশৱ মিলিৰ মাতৃ বিষাক্ত কাঠফুলা খোৱাৰপৰা বিৰত থাকে যদিও পুত্ৰ-বোৱাৰী চিকিৎসাধীন হৈ থকা আৰু দুই নাতিয়েকৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত শোকত ভাগি পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে,কটিয়ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা পূৰ্ণিমা মিলি আৰু বৰচুমনি বেচিক প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা হীৰামন মিলিৰ অকাল মৃত্যুৱে গাঁওখনক শোকস্তব্ধ কৰি তুলিছে৷ ইফালে টিএমপিকে পানীদিহিং আঞ্চলিক সমিতিৰ সভাপতি কুশল পেগু,জিলা সমিতিৰ সভাপতি ললিত পাংগিং,সম্পাদক পঞ্চানন বড়ী,এমএমকে শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীনেশ পাংগিং, সম্পাদক ধমেন্দ্ৰ টাৱ,মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৪নং দিচাং-দিখৌ সমষ্টিৰ সদস্যা নিভা পেগু মিলি পৰিয়ালটোৰ গৃহত উপস্থিত হৈ পৰিয়ালটোৰ চিকিৎসাৰ বাবে যাৱতীয় সহায় আগবঢ়োৱাৰ লগতে দুই কণমানি বায়েক-ভায়েকৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে৷