Logo
image

ৰে’লে মহটিয়ালে ছজনক নিহত যাত্ৰীৰ ৩জন অসমৰ

আমাৰ অসম,১৩ এপ্ৰিলঃ অন্ধ্ৰপ্ৰদেশত সংঘটিত এটা অপ্ৰত্যাশিত ৰে’ল দুৰ্ঘটনাত অসমৰ তিনিজন যাত্ৰীকে ধৰি মুঠতে ৬জন লোকৰ মৃত্যু হৈছে৷ সোমবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ শোকাৱহ দুৰ্ঘটনাটোত মৃত্যু হোৱা মুঠ ছজন যাত্ৰীৰ অসমৰ তিনিজন যাত্ৰীক ৰে’ল বিভাগ আৰু অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে চিনাক্ত কৰিছে৷ তেওঁলোক হ’ল– পশুমন্ত্ৰি ভাজুলু,বানেশ্বৰ বসুমতাৰী আৰু ৰছিদুল ইছলাম৷ এওঁলোক আটায়েই কোইম্বাটোৰ-শিলচৰ এক্সপ্ৰেছত উঠি অসমলৈ আহি আছিল৷ এই দুৰ্ঘটনা প্ৰকৃতাৰ্থতে অপ্ৰত্যাশিত কিয়নো,দুৰ্ঘটনাটো ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত হোৱা নাছিল৷ অন্ধ্ৰপ্ৰদেশ প্ৰশাসনে জনোৱা অনুসৰি,কোইম্বাটোৰ-শিলচৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ এটা ডবাত জুই আৰু ধোঁৱা দেখিবলৈ পাই যাত্ৰীসকলে চেইন টানি ৰে’লগাড়ীখন ৰখাবলৈ সংকেত দিয়ে৷ সেই অনুসৰি ৰে’লগাড়ীখনৰ চালকে নিশা শ্ৰীকাকুলাম জিলাৰ চেপুৰুপাল্লে আৰু জি ছিগাদাম ৰে’ল ষ্টেচনৰ মাজত বাটুৱা গাঁৱত ৰে’লগাড়ীখন ৰখাই দিয়ে৷ লগে লগে দবাটোৰ পৰা যাত্ৰীসকল হুৰমুৰকৈ নামি আহে কাষতে থকা ৰে’লৰ ট্ৰেকত থিয় হৈ ঘটনাটো নিৰীক্ষণ কৰে৷ সেইসময়তে কাষৰ সেইটো ট্ৰেকেৰেই ভুবনেশ্বৰ-চিএছটি মুম্বাই কোণাৰ্ক এক্সপ্ৰেছ ৰে’লগাড়ীখন তীব্ৰ গতিৰে আহি আছিল আৰু কোনেও তৎ ধৰিব পৰাৰ পূৰ্বেই সেই ৰে’লগাড়ীখনে ট্ৰেকত থিয় হৈ থকা যাত্ৰীসকলক মহটিয়াই লৈ যায়৷ ইয়াৰ ফলত থিতাতে ৫জন যাত্ৰীৰ মৃত্যু হয় আৰু বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ আহত এজন যাত্ৰীৰ পাছত চিকিৎসালয়ত মৃত্যু হয়৷ ৰে’লগাড়ীখনে মহটিয়াই নিয়া যাত্ৰীসকলক নিশাই উদ্ধাৰ কৰি স্থানীয় বিজিয়ানগৰম চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ নিহতৰ মৰণোত্তৰ পৰীক্ষাও সেই চিকিৎসালয়তে সম্পন্ন কৰা হয়৷ দুৰ্ঘটনাত নিহত অসমৰ ৩ যাত্ৰীৰ দেহ অসমলৈ অনাৰ ক্ষেত্ৰত এতিয়ালৈকে অনিশ্চয়তা অব্যাহত আছে৷ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ টকাৰ এককালীন অৰ্থসাহায্য ঘোষণা কৰিছে৷