Logo
image

ৰণবীৰ কাপুৰক আগতীয়াকৈ বিয়াৰ শুভেচ্ছা সঞ্জয় দত্তৰ

আমাৰ অসম,১৩ এপ্ৰিলঃ বলীউডৰ জনপ্ৰিয় প্ৰেমিক যুগল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ১৪ এপ্ৰিলত বিয়াত বহাৰ কথা৷ মুম্বাইৰ আৰ কে ষ্টুডিঅ’ইতিমধ্যে সজাই-পৰাই তোলা হৈছে৷ বিয়ালৈ মাত্ৰ ২৮জন অতিথিকহে মতা হৈছে বুলিও বাতৰি প্ৰকাশ পাইছে৷ দুয়োৰে বিয়াক লৈ বৰ্তমান বলীউডত ব্যাপক চৰ্চা অব্যাহত আছে৷ অনুৰাগীসকলেও অধীৰ আগ্ৰহেৰে বাট চাই আছে৷ কিন্তু তাৰ মাজতে বিয়াৰ তাৰিখ সলনি হ’ব পাৰে বুলিও চৰ্চা চলিছে৷ কিন্তু বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তই ৰণবীৰ কাপুৰক আগতীয়াকৈ বিয়াৰ শুভেচ্ছা জনোৱাত এয়া নিশ্চিত হৈছে যে ১৪ তাৰিখেই বিয়াত বহিব ৰণবীৰ-আলিয়া৷ উল্লেখ্য,ৰণবীৰ কাপুৰে সঞ্জয় দত্তৰ জীৱনৰ আধাৰত নিৰ্মিত ‘সঞ্জু ’নামৰ চিনেমাখনত অনবদ্য অভিনয় কৰিছিল৷ সঞ্জু চিনেমাখনৰ পাছতে ৰণবীৰ কাপুৰে পুনৰ বলীউডত স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছিল৷ এই চিনেমাখনৰ পৰাই সঞ্জয় দত্ত আৰু ৰণবীৰৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হৈছিল৷ গতিকে সঞ্জয় দত্তই ৰণবীৰক বিয়াৰ শুভেচ্ছা আগতীয়াকৈ জনোৱা মানেই এয়া নিশ্চিত যে অতি সোনকালেই আলিয়াক নিজ কৰি ল’ব ৰণবীৰে৷ বিয়া কৰাই সোনকালেই সন্তানৰ কথাও চিন্তা কৰিবলৈ সঞ্জয় দত্তই ৰণবীৰক পৰামৰ্শ দিয়ে৷ উল্লেখ্য,আলিয়া আৰু ৰণবীৰ ব্ৰহ্মাস্ত্ৰ নামৰ চিনেমাখনৰ জৰিয়তে অন্তৰংগ হৈছিল আৰু তাৰ পাছতে দুয়োৰে সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হৈছিল৷