Logo
image

৩,৫০০ কিলোমিটাৰ ট্ৰাক চলাই কাশ্মীৰ পালেগৈ মহিলা

আমাৰ অসম,১৪ এপ্ৰিলঃ ভূ-স্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰক এবাৰ নিজ চকুৰে চোৱাৰ হেঁপাহ সকলোৰে থাকে৷ ইয়াৰ বাবে বহুতে বিভিন্নধৰণৰ পৰিকল্পনা কৰে৷ কিন্তু কেৰালাৰ এগৰাকী মহিলাই ৩,৫০০ কিলোমিটাৰ ট্ৰাক চলাই কাশ্মীৰত উপস্থিত হোৱাৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ তেওঁৰ এই সাহসিক কাৰ্যৰ বিষয়ে ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে৷ সাধাৰণতে আন আন লোকে দূৰ ঠাইলৈ যাবলৈ বিমান,গাড়ী,বাছ বা ৰে’লৰ সহায়ত যাত্ৰা কৰে৷ কিন্তু এই মহিলাগৰাকীয়ে ট্ৰাক চলাই প্ৰিয় ঠাই কাশ্মীৰত উপস্থিত হয়গৈ৷ এই সাহসী মহিলাগৰাকীৰ নাম হৈছে জেলাজা ৰথীশ৷ তেওঁৰ বয়স ৪০ বছৰ৷ এই বিশেষ যাত্ৰা তেওঁ কেৰালাৰ এৰ্নাকুলাম জিলাৰ পৰা আৰম্ভ কৰিছিল৷ তেওঁৰ সপোনৰ ঠাই হৈছে কাশ্মীৰ৷ এই যাত্ৰাত সংগ দিয়ে স্বামী ৰথীশ আৰু সম্পৰ্কীয় আনিশে৷ তেওঁলোকৰ যাত্ৰা ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল৷