Logo
image

‘প্লিজ মোক ভাৰতত আশ্ৰয় দিয়ক’

ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পাক অধিকৃত কাশ্মীৰৰ মহিলাৰ কাতৰ আহ্বান

আমাৰ অসম,১৪ এপ্ৰিলঃ দলবদ্ধ ধৰ্ষণৰ বলি হৈ কোনোমতে প্ৰাণৰক্ষা পৰা পাক অধিকৃত কাশ্মীৰৰ এগৰাকী মহিলাই প্ৰাণৰ মমতাত ভাৰতত আশ্ৰয় লোৱাৰ অনুমতি বিচাৰিছে৷ সাত বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে ন্যায় বিচাৰি যুঁজ অব্যাহত ৰাখিছে যদিও ন্যায় পোৱাটো দূৰৰে কথা,এতিয়া তেওঁৰ প্ৰাণলৈকে ভাবুকি আহিছে৷ গতিকে সন্তান আৰু নিজৰ প্ৰাণৰক্ষাৰ বাবে তেওঁ ভাৰতত আশ্ৰয় লোৱাৰ বাবে অনুমতি বিচাৰিছে৷ তেওঁ এটা ভিডিঅ’ৰ জৰিয়তে নিজৰ দুখৰ কথা প্ৰকাশ কৰে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সহায় কৰিবলৈ কাতৰ আহ্বান জনায়৷ পাক অধিকৃত কাশ্মীৰত থাকিলে তেওঁ আৰু সন্তান হত্যাৰ বলি হ’ব পাৰে৷ এই আৱেগিক ভিডিঅ’ৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সহায় বিচৰা মহিলাগৰাকীৰ নাম হ’ল মাৰিয়া তাহিৰ৷ তেওঁক পাক অধিকৃত কাশ্মীৰৰ আৰক্ষী,চৰকাৰ আৰু ন্যায়ালয়ে এতিয়ালৈকে ন্যায় প্ৰদান কৰা নাই৷ বৰং স্থানীয় আৰক্ষী আৰু জ্যেষ্ঠ ৰাজনীতিবিদ চৌধুৰী তাৰিক ফাৰুকে যিকোনো সময়তে তেওঁ আৰু সন্তানক হত্যা কৰিব পাৰে৷ উল্লেখ্য,২০১৫ চনত হাৰুণ ৰাছিদ,মামুন ৰাছিদ,জামিল ছাফি,ৱাকাছ আশ্ৰফ,ছনম হাৰুণ আৰু আন তিনিজনে এই মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ গৈছিল৷