Logo
image

‘ৰণলিয়া’হ’ল ৰণবীৰ-আলিয়া

আমাৰ অসম,১৭ এপ্ৰিলঃ ‘ৰণলিয়া’হ’ল ৰণবীৰ-আলিয়া৷ অৱশেষত বিবাহ-বান্ধোনত আবদ্ধ হ’ল বলীউডৰ বহুচৰ্চিত প্ৰেমিকযুগল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট৷ ১৪ এপ্ৰিলত মুম্বাইত নিৰ্বাচিত নগণ্যসংখ্যক আত্মীয় আৰু অতিথিৰ উপস্থিতিত ৰাজকীয়ভাৱে বিবাহ সম্পন্ন হ’ল অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ৷ ডিজাইনাৰ সব্যসাচীয়ে তৈয়াৰ কৰা অফ হোৱাইট ৰঙৰ সাজত বিয়াত বহিল ৰণবীৰ-আলিয়াই৷ মুম্বাইৰ বান্দ্ৰাস্থিত‘বাস্তু’আৱাসতে বিয়লি ৩-৩০ বজাত লগ্ন অনুযায়ী ৰীতিমতে আলিয়াই স্বামীবৰণ কৰে ৰণবীৰক৷ বিবাহস্থলীত ৰণবীৰৰ মাতৃ নিতু কাপুৰৰ লগতে ভগ্নী ৰিধিমা,কৰিস্মা আৰু কৰিণাও উপস্থিত থাকে৷ বলীউডৰ বহু চৰ্চিত বিয়াখনক লৈ ৰণবীৰৰ প্ৰাক্তন প্ৰেয়সী কেটৰিণা আৰু দীপিকাই বিশেষ বাৰ্তা প্ৰেৰণ কৰা দেখা গ’ল৷ উল্লেখ্য,ৰণবীৰতকৈ আলিয়া বয়সত ১০ বছৰৰ সৰু৷ শাহুৱেক ছনী ৰাজদানে সৰু জোঁৱাই ৰণবীৰক আঢ়ৈ কোটি টকা মূল্যৰ এটা ঘঁড়ী বিয়াত উপহাৰ দিয়ে৷ উল্লেখ্য,বলীউডত বিভিন্ন হিট ছবি উপহাৰ দিয়া ৰণবীৰ কাপুৰৰ সম্পত্তিৰ মূল্য হৈছে ৩২০ কোটি টকা৷ মহেশ ভাটৰ কন্যা অভিনেত্ৰী আলিয়া ভাটৰো সম্পত্তিৰ মূল্য হৈছে ৫২৯ কোটি টকা৷ বিবাহৰ পাছতেই ৰাজহুৱাভাৱে ৰণবীৰ আৰু আলিয়াৰ আলিংগন আৰু চুম্বনৰ দৃশ্য ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে৷ ইপিনে কন্যাপক্ষৰ ফালৰ পৰা সকলো অতিথিকে একোখনকৈ কাশ্মীৰি ছাল উপহাৰ দিয়ে৷