Logo
image

বছৰৰ প্ৰথমটো উপ-নিৰ্বাচনত বিজেপিৰ হাত খালী

আমাৰ অসম, ১৭ এপ্ৰিলঃ উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মণিপুৰৰ বিধানসভাৰ নিৰ্বাচনত সফলতা অৰ্জনৰ পাছত আত্মতৃপ্ত হৈ থকা বিজেপিয়ে দেশৰ তিনিখন ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনত এটাও বিজয় অৰ্জন কৰিবলৈ সক্ষম নহ’ল৷ চিৰবৈৰী কংগ্ৰেছ,অন্যতম ৰাজনৈতিক শত্ৰু তৃণমূল কংগ্ৰেছ আৰু আৰজেডিৰ বিৰুদ্ধে উপ-নিৰ্বাচনত শূন্য ফলাফলত সন্তুষ্ট থাকিবলগীয়া হ’ল বিজেপি৷ তদুপৰি লোকসভাত এখন আসনো হেৰুৱাবলগীয়া হ’ল শাসনাধিষ্ঠিত দলটোৱে৷ লোকসভাৰ আসনখন আছিল পশ্চিম বংগৰ আছানচোল সমষ্টিৰ৷ প্ৰাক্তন মন্ত্ৰী তথা ৰাজনীতিত বিজেপিৰ সদস্য হৈ যোগদান কৰা বাবুল সুপ্ৰিয়ই বিজেপি দল ত্যাগ কৰাৰ ফলত এই আসনখন খালী হৈছিল৷ তৃণমূল কংগ্ৰেছে সেই আসনত অৱতীৰ্ণ কৰোৱাইছিল এসময়ৰ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বলীউডৰ প্ৰখ্যাত অভিনেতা শত্ৰুঘ্ন সিনহাক৷ শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে বিজেপিয়ে এই আসনখন ধৰি ৰাখিবলৈ ৰাজ্যৰ বিজেপি বিধায়িকা অগ্নিমিত্ৰা পালক টিকট প্ৰদান কৰিছিল৷ পিছে বিহাৰী বাবু হিচাপে বিখ্যাত শত্ৰুঘ্ন সিনহাই মূলতঃ বিহাৰী সম্প্ৰদায়ৰ ভোটাৰৰ প্ৰভাৱ থকা পশ্চিম বংগৰ উদ্যোগিক অঞ্চল আছানচোলত বাজীমাৎ কৰি বিজেপিৰ হাতৰ পৰা অভিলেখ সংখ্যক তিনি লাখৰো অধিক ভোটত আসনখন কাঢ়ি আনে৷ ইপিনে আছানচোলৰ লোকসভা আসন ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা এসময়ৰ বলীউডৰ শিল্পী প্ৰখ্যাত গায়ক বাবুল সুপ্ৰিয়ই তৃণমূল কংগ্ৰেছৰ হৈ জয়লাভ কৰে বালিগঞ্জ বিধানসভাৰ উপ-নিৰ্বাচনত৷ ৰাজ্যৰ শীৰ্ষস্থানীয় মন্ত্ৰী সুব্ৰত মুখাৰ্জীৰ আকস্মিত মৃত্যুত এই আসনখন খালী হৈছিল৷ বাবুল সুপ্ৰিয়ই বিজেপিৰ প্ৰতিদন্দ্বী কেয়া ঘোষক বিশ হাজাৰোধিক ভোটত পৰাজিত কৰে৷ বালিগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা চিপিএমৰ প্ৰাৰ্থী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ কন্যা ছাইৰা শ্বাহ হালিমে যথেষ্ট সংখ্যক ভোট লাভ কৰি ৰাজ্যত পুনৰ বাওঁমৰ্চাৰ উত্থান হোৱাটো প্ৰতীয়মান কৰিছে৷ ইপিনে শনিবাৰে ফলাফল ঘোষণা কৰা আন তিনিখন ৰাজ্যতো বিজেপিৰ ফলাফল শূন্য আছিল৷ বিহাৰত বোচাহাঁ বিধানসভা সমষ্টিত এনডিএৰ জোঁটৰ বিকাশশীল ইনছান পাৰ্টিক পৰাস্ত কৰি আৰজেডিয়ে আসনখন দখল কৰে৷ ইপিনে ছত্তিশগড়ৰ খৈৰাগড় সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি কংগ্ৰেছে আসনখন দখল কৰিছে৷ তদুপৰি মহাৰাষ্ট˜ৰ কোলহাপুৰ [উত্তৰ]বিধানসভা সমষ্টিও কংগ্ৰেছে দখল কৰিছে৷ সেই সমষ্টিটো কংগ্ৰেছে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰে৷