Logo
image

পত্নী-সন্তানক এৰি ম্যানমাৰ পালেগৈ কংগ্ৰেছৰ যুৱনেতা

আমাৰ অসম,১৮ এপ্ৰিলঃ  চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ সপোন বুকুত বান্ধি এজনৰ পাছত এজনকৈ অসমীয়া যুৱক-যুৱতীৰ আলফা গমন অব্যাহত আছে৷ অসমৰ স্বাধীনতা বিচাৰি বিদ্ৰোহী সংগঠনটোত ইতিমধ্যে আৰক্ষী,চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ যুৱতী খেলুৱৈও যোগদান কৰিছে৷ অনানুষ্ঠানিক তথ্য অনুসৰি বিগত ৭-৮ মাহত আলফাত যোগদান কৰিছে প্ৰায় ২৪০ জন তেজাল যুৱক-যুৱতীয়ে৷ এইবাৰ অন্তসত্তা পত্নী,পুত্ৰ আৰু বৃদ্ধা মাতৃক এৰি আলফাত যোগদান কৰিছে এজন কংগ্ৰেছ নেতাই৷ শনিবাৰে আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰত উপস্থিত হৈছে কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি জনাৰ্দন গগৈ ওৰফে চেংকায়৷ শদিয়াৰ জনাৰ্দন গগৈয়ে আলফাত যোগদান কৰাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পত্নীলৈ এটা পোষ্ট লিখি ৰাজহুৱা কৰিছে৷ আলফা নেতা আইচেং অসমৰ প্ৰচেষ্টাত জনাৰ্দনে আলফাত যোগদানৰ সন্দেহ কৰা হৈছে৷ জনাৰ্দন গগৈয়ে ফেচবুকত লিখিছে– মৰমৰ ৰিমা...,মই গুচি আহিলোঁ৷ এচাম মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে৷ জাতিটোৰ নামত দালালি কৰা সকলো ৰাজনৈতিক অথবা তথাকথিত জাতীয় দল-সংগঠনৰ চৰিত্ৰবোৰ দেখিলোঁ৷ আজি আমাৰ মানুহবোৰ নিজ মাতৃভূমিতেই অসহায় হৈ পৰিছে৷ এনেকৈ চকুৰ আগতে জাতিটো তিল তিলকৈ ধবংস হৈ যোৱাটো মই চাই থাকিব নোৱাৰো৷ বছৰ বছৰ ধৰি নিজ মাটিতেই প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ যন্ত্ৰনাখিনি দেখি বুজিও হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ৷ কাৰণ পূৰ্বপুৰুষ সকলে আমাক বীৰ জাতিৰ সন্তান হিচাপে পৰিচয় দি গৈছে৷ জাতিৰ এই দুৰ্দিনৰ সময়ত আমি যদি হাত সাৱটি বহি থাকো তেন্তে পূৰ্বপুৰুষ সকলৰ আত্মাই শান্তি নাপাব৷ আনহাতে গণতন্ত্ৰৰ নামধাৰী এই চৰকাৰখনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদক কেতিয়াও গুৰুত্ব নিদিয়ে৷ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে,জাতিৰ হেৰুওৱা স্বাধিকাৰ আৰু স্বাভিমান ঘূৰাই আনিবলৈ সশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই৷ এই সংগ্ৰামত বহুতে বহু ত্যাগ দিলে,আমিও দিব লাগিব৷ জাতিৰ স্বাধিকাৰ ঘূৰাই নোপোৱা পৰ্যন্ত;দেহত অসমীয়াৰ তেজ থকা শেষজন ব্যক্তি জীয়াই থকালৈকে এই সংগ্ৰাম চলি থাকিব৷ জয় পৰাজয় সময়ত নিৰূপণ হ’ব৷ কিন্তু বুৰঞ্জীৰ পৃষ্ঠাত বীৰ জাতিৰ তালিকাত লিখা থকা আমাৰ নামটো আমি মচিব দিব নোৱাৰো৷ মই জানো তোমালোকৰ কষ্ট হ’ব,বিশেষকৈ তোমাৰ৷ কিন্তু কি কৰিবা,আমি সংখ্যাত বহুত তাকৰ৷ আমাৰ যুদ্ধ এটা বৃহৎ শক্তিৰ সৈতে৷ গতিকে আমি প্ৰত্যেকেই কিছু কিছু ত্যাগ কৰিবই লাগিব৷ মনটো টান কৰিবা৷ আমাৰ বাংকুৰ [পুত্ৰ]দৰে লাখ লাখ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাৰ এই ত্যাগ অনিবাৰ্য৷ মাক বুজাবা,মায়ে বুজি পাব৷ দেশৰ বাবে নিজ সন্তানক ত্যাগ কৰিব পৰাটো গৌৰৱৰ কথা৷ মোক লৈ মাৰ বহুত আশা/মইয়ো বহু আশা কৰিছিলোঁ সমাজৰ এজন আদৰ্শ ব্যক্তি হোৱাৰ৷ কিন্তু দলীয় সংসদীয় ৰাজনীতিৰ কুটীল অভিসন্ধিবোৰ দুচকুৰ আগত ৰচনা হোৱাত সেইবোৰৰ প্ৰতি ঘৃণা উপজিল৷ সংসদীয় ৰাজনীতি কৰি কেৱল নিজৰ জীৱনটো বিনোদন কৰিব পাৰি সৰ্বসাধাৰণ খাটিখোৱা ৰাইজৰ নহয়,সেই কথা দেৰিকৈ হ’লেও উপলব্ধি কৰিলোঁ৷ ৰাজনীতিৰ পৰা নিজকে নিলগাই ৰাখি আদৰ্শ কৃষক হোৱাৰো সপোন দেখিছিলোঁ৷ সেইকথা তুমিও জানা৷ কিন্তু সেই সপোনে চুপহি মেলাৰ সময়তেই ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ বলি হ’ল আমাৰ বহুকেইজন সতীৰ্থ৷ তুমিয়েই কোৱাচোন আমি কি ভুল কৰিছিলোঁ? নিজৰ লগতে সমাজখনক কৰ্মমুখী কৰি তুলিব বিচৰাতো জানো অপৰাধ হ’ব পাৰে কোৱা/নব্বৈ দশকত আলফাৰ দিহা-পৰামৰ্শত সূচনা হোৱা কৃষি বিপ্লৱক ৰাষ্ট্ৰযন্ত্ৰই যিদৰে ভৰিৰে গছকি-মোহাৰি অসমীয়া মানুহক কৃষি ক্ষেত্ৰত পৰনিৰ্ভৰশীল কৰি তুলিলে৷ চৰকাৰ-প্ৰশাসন আজিও তাৰ ব্যতিক্ৰম নহয়৷ চৰকাৰ-প্ৰশাসন,বিৰোধীৰ লগতে সকলো দল-সংগঠনে অসমীয়া জাতিটোৰ কথা সঁচা অৰ্থত ভবা হ’লে আমাৰ জাতিটোৰ এই লাওলোৱা অৱস্থা কেতিয়াও নহ’ল হয়৷ ৰাজনীতিৰ পথাৰখনত ভাটৌ চৰাইৰ দৰে থাকি জাতিটোক তিল তিল কৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দি নিজকে অৱসৰ বিনোদনত মগ্ন কৰোৱাবলৈ মই নোৱাৰিম৷ মাক কবা,জাতিক বন্ধকত ৰাখি নেতা হোৱা কোনোবা দালালৰ কৃপাত নাইবা বহিৰাগত কোনো শোষণকাৰীৰ নেগুৰত ধৰি তথাকথিত সচ্ছল জীৱন জীয়াই থাকিবলৈ মোৰ বিবেকে নকয়৷ বিপ্লৱী আদৰ্শৰে পৰিপুষ্ট হোৱাকৈ বাংকুক ভালদৰে পঢ়াবা৷ তাক গীটাৰ শিকাবা৷ সি ভাল মানুহ হ’ব৷ মাক সময়মতে প্ৰেছাৰ,ছুগাৰৰ দৰৱ খাব কবা৷ বেছি চিন্তা কৰিব নালাগে৷ পুটপুট বাবুহঁত আছেই,ওচৰতে বাইদেউ ভিনিদেউহঁতো আছে৷ আত্মীয় স্বজন,ওচৰ চুবুৰীয়াৰ সৈতে মিলিজুলি থাকিবা৷ আহিব লগাটোক কবা ভুল নুবুজিবলৈ,তাৰ দেউতাই স্বদেশ আৰু স্বজাতিৰ মুকুতিৰ যুঁজলৈ গৈছে/দেশ আৰু জাতিৰ বাবে এই সিদ্ধান্ত ল’বলৈ মই বাধ্য৷ কাৰণ অন্যায় সহি থাকিব পৰাকৈ ধৈৰ্য শক্তিকণ ভগৱানে মোক নিদিলে৷ সাহসী হোৱা,আত্মবিশ্বাসী হোৱা,এদিন নহয় এদিন আমি আমাৰ যুঁজত জয়ী হৈ উদিত সূৰুজৰ পতাকাৰ তলত মুক্তভাবে উশাহ ল’ম৷ জীয়াই থকা লৈকে সকলোৰে খবৰ ৰাখিম মই৷ বহুত মৰমেৰে... চেংকয়৷