Logo
image

দেশৰ কথা বাদেই,দলত কি হৈছে তাৰেই উম্‌ঘাম্‌ নাপায় কংগ্ৰেছ নেতৃত্বই

আমাৰ অসম,১৮ এপ্ৰিলঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই  অৱশেষত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰাই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে দল ত্যাগ কৰা কাৰ্যই অসম কংগ্ৰেছৰ নেতৃত্বৰ দুৰ্বলতা তথা সাংগঠনিক দোষ-ত্ৰুটি যেন পুনৰবাৰ প্ৰতীয়মান হ’ল৷ নিজ দলৰ এজন গুৰুত্বপূৰ্ণ নেতা তথা সৌসিদিনালৈ সাংসদ আৰু দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰা শীৰ্ষ নেতা ৰিপুণ বৰাই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছত যোগদানৰ আগতীয়াকৈ কোনো উম্‌ঘামেই পোৱা নাছিল কংগ্ৰেছ নেতৃত্বই৷ এক কথাত কংগ্ৰেছ দলৰ কোনো নেতাৰ হাতত নাছিল কোনোধৰণৰ খবৰ৷ তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে শনিবাৰৰে পৰা পুত্ৰ আৰু পত্নীৰ সৈতে ৰিপুণ বৰাই কলকাতাত বাহৰ পতাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মতে ৰিপুণ বৰাৰ দল ত্যাগৰ খবৰ আছিল সংবাদ মাধ্যমৰ কাল্পনিক বাতৰি মাথোন৷ শনিবাৰে নিশাৰে পৰা ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেওবাৰে দূপৰীয়া পৰ্যন্ত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ বক্তব্য আছিল– ‘ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয়ৰ পাছতো ৰিপুণ বৰাই এটা কথাই কৈছিল যে তেওঁ জীৱনে-মৰণে চিৰদিন কংগ্ৰেছী৷ সেয়েহে সংবাদ মাধ্যমসৃষ্ট কাল্পনিক কথাক লৈ মই চিন্তা নকৰো৷ আমাক কোনোবাই চক্ৰবেহুত সোমোৱাব বিচাৰিছে৷ মই নিজেও চক্ৰবেহুত সোমাইছো৷ কিন্তু মই মহাভাৰতৰ অৰ্জুন নহয়,আধুনিক অৰ্জুনহে৷ এনে চক্ৰবেহু ফালি ওলাই আহিম৷’ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিজনৰ এই বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে দেওবাৰে দুপৰীয়াপৰ্যন্ত কংগ্ৰেছৰ খোদ সভাপতিয়েই ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদানৰ বিষয়টোৰ কোনো ভু-পোৱা নাছিল৷ কণাৰ ফৰ্মুটি মৰাৰ দৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি মুখা খুলি দিব বুলি ভাবুকিৰে ব্লেকমেইলিং কৰিবলৈও এৰা নাছিল৷ কিন্তু কংগ্ৰেছ নেতৃত্বৰ হাতত খবৰ নাথাকিলেও শনিবাৰেই ব্যক্তিগত মোবাইল ফোনৰ ছুইটছ অফ কৰি কলকাতাত বাহৰ পাতিছিল সপত্নীক বৰাই৷ লক্ষণীয়ভাৱে ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদানৰ পূৰ্বে আম আদমি পাৰ্টিৰ সৈতে যোগাযোগ কৰিছিল যদিও সেয়া কাৰ্যকৰী ৰূপ নাপালে৷ আপৰ সৈতে ৰিপুণ বৰাই যোগাযোগ কৰা বুলি কিছুদিন পূৰ্বে এজেপি নেতা দুলু আহমেদে ছ’চিয়েল মিডিয়াযোগে অভিযোগ আনিছিল যদিও ইয়াক পোনছাটেই নস্যাৎ কৰিছিল ৰিপুণ বৰাই৷ আনকি ৰিপুণ বৰাই এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ছ’চিয়েল মিডিয়াত উল্লেখ কৰি কৈছিল– ‘এজন ব্যক্তিয়ে আপত যোগদান কৰিম বুলি এক ভিত্তিহীন পোষ্ট দিয়া মোৰ দৃষ্টিগোচৰ হৈছে৷ এই কথা সম্পূৰ্ণ অসত্য৷ মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান সৈনিক আৰু এই দলৰ প্ৰতি মই দায়বদ্ধ৷’ কিন্তু দুদিন পূৰ্বে কংগ্ৰেছৰ নিষ্ঠাবান সৈনিক বুলি দাবী কৰা ৰিপুণ বৰাই সম্পূৰ্ণ প্ৰত্যাশিতভাৱে অৱশেষত দলত্যাগ কৰিলে৷ কিন্তু আশ্বৰ্য বিষয়টো হৈছে ৰিপুণ বৰাৰ পদত্যাগ কৰা খবৰে কংগ্ৰেছৰ নেতাসকলৰ মাজত যেন সমন্বয়হীনতাৰ ছবিখনকে স্পষ্ট কৰিলে৷ কংগ্ৰেছৰ ইজন নেতাৰ লগত যেন সিজন নেতাৰ কোনো যোগাযোগ নাই৷ খোদ ৰিপুণ বৰাই পদত্যাগ পত্ৰ দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সংবাদ মাধ্যমলৈ নিজেই হোৱাটছএপযোগে প্ৰেৰণ কৰাৰ পাছতহে সমগ্ৰ তথ্য অৱগত হয় কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই৷ অথচ সেই সময়তো কংগ্ৰেছৰ একাধিক নেতাই কৈ আছিল ৰিপুণ বৰাই দল ত্যাগৰ কোনো সম্ভাৱনা নাই৷ ইপিনে,হাইকমাণ্ড ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত ৰাজ্যসভা নিৰ্বাচনত দলৰ বিধায়ক তথা নেতাই বিশ্বাসঘাটকতা কৰাৰ বিস্ফোৰক অভিযোগ কৰি কংগ্ৰেছ ত্যাগ কৰাৰ বাবে দুখ পোৱা বুলিও উল্লেখ কৰিছে ৰিপুণ বৰাই৷ কিন্তু ৰাজনৈতিক ভেটি গঢ় দিয়া কংগ্ৰেছ দল ত্যাগ কৰি দুখ পোৱা বুলি কোৱা ৰিপুণ বৰাই সঁচাকৈ অন্তৰৰ পৰা সেই কথা কৈছে নে,ক্ষমতাৰ লালসাত ঘঁৰিয়ালৰ চকুপানী টুকিছে? কিয়নো কংগ্ৰেছ ত্যাগ কৰিব লগা হোৱাত বৰাৰ সঁচাকৈয়ে যদি হে দুখ লাগিছে,তেনেহ’লে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দুদিন পূৰ্বে এই সিদ্ধান্ত ল’লে কিয়? নিশ্চয়কৈ জ্যেষ্ঠ্য নেতা তথা দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই দল ত্যাগ কৰাত জি এম চি নিৰ্বাচনত কংগ্ৰেছৰ সামান্য হ’লেও ক্ষতি হ’ব৷ ভোট হ্ৰাস পাব কংগ্ৰেছৰ৷ দুদিন অপেক্ষা নকৰি খৰধৰকৈ তৃণমূল কংগ্ৰেছত যোগদানৰ আঁৰত যেন ৰাজনৈতিক স্বাৰ্থ আছে সেয়া স্পষ্ট৷ কিয়নো ৰিপুণ বৰাই দেওবাৰৰ ভিতৰত যোগদান নকৰিলে পশ্চিমবংগত মে’মাহত খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনত তৃণমূল কংগ্ৰেছে আন প্ৰাৰ্থীক টিকটৰ বাবে বাছনি কৰাৰ সম্ভাৱনা আছিল৷ যাৰ বাবে যিটো দলৰ পৰা ৰাজনৈতিক নেতা হিচাপে পৰিচয় লাভ কৰিলে,সেই দলটোক পদাঘাত কৰি ৰিপুণ বৰাই ব্যক্তিকেন্দ্ৰিক স্বাৰ্থৰ বাবেই তাৎক্ষণিকভাৱে তৃণমূল কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰে৷ ব্যক্তিগত স্বাৰ্থ তথা ক্ষমতাৰ বাবে কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাই প্ৰথমজন সাংসদ নহয়৷ ইয়াৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনৰ সময়তো ভুবনেশ্বৰ কলিতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি ৰাজ্যসভাৰ সাংসদ হৈছিল৷ অৱশ্যে ৰিপুণ বৰাৰ দলত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগে বৃহৎ ক্ষতি নকৰে কংগ্ৰেছক৷ ৰিপুণ বৰাই নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে কংগ্ৰেছ দলক৷ আনহাতে,কংগ্ৰেছ ৰাজ্যিক সভাপতি ভূপেন বৰাই প্ৰাক্তন সভাপতিজনে দলত্যাগৰ বিষয়টো আনুষ্ঠানিকভাৱে নিশ্চিত হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ৰিপুণ বৰাৰ দলত্যাগত আচৰিত হৈছো৷ তেওঁক দলে বহু কিবাকিবি দিছে৷ মন্ত্ৰী,সাংসদৰ পৰা সভাপতিলৈকে সকলো দিছে৷ এইদৰে দল ত্যাগ কৰি আন দললৈ যাব নালাগিছিল৷ ৰিপুণ বৰাই আন নেতাৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে সেইবোৰ ভিত্তিহীন৷ নিৰ্বাচনৰ পূৰ্বে তেওঁ কিয় মুখ্যমন্ত্ৰীলৈ ফোন কৰিছিল? সেই বিষয়ে তেওঁক মই পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতেই সোধাৰ কথা আছিল৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিব লাগে বুলি অনুনয়-বিনয় কৰিছিল৷ সেই মন্তব্যৰ কিয় তেওঁ প্ৰত্যাহ্বান জনাব নোৱাৰিলে৷’ লক্ষণীয়ভাৱে ৰিপুণ বৰাৰ পদত্যাগৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ৰিপুণ বৰাৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়াৰ মই প্ৰয়োজনবোধ নকৰোঁ৷ কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ দুদিন পূৰ্বে কংগ্ৰেছৰ সংবাদ মেল পাতিছিল আৰু দিল্লীৰ পৰা অহা কংগ্ৰেছৰ এজেণ্টে নিৰ্বাচনত তেওঁক  হৰুৱাবলৈ  যি দৰে চেষ্টা কৰিছিল,তাৰ পাছত ৰিপুণ বৰাই পদত্যাগ কৰাটো মই ডাঙৰ কথা বুলি নাভাবো৷ এয়া এটা স্বাভাৱিক ঘটনা৷’অৱশ্যে ৰিপুণ বৰাৰ দল ত্যাগে কংগ্ৰেছক অস্তিত্বহীন কৰিব নেকি,সেয়া সময়তহে স্পষ্ট হ’ব৷