Logo
image

যাগ-যজ্ঞৰে গুৰুজনা,নাম-ধৰ্মক অপমান!উদ্বিগ্ন সুধীজন

আমাৰ অসম, ১৭ এপ্ৰিলঃ অসমত এতিয়া কেৱল বিহুতে নহয়,একশৰণ ধৰ্মৰ মূল উপাসনাস্থল নামঘৰতো প্ৰৱেশ কৰিলে উত্তৰ ভাৰতীয় যাগ-যজ্ঞই৷ বিহুৰ কাৰ্যসূচীৰ মাজতে মাৰোৱাৰী যুৱ মঞ্চই হনুমান জয়ন্তীৰ শোভাযাত্ৰা পাতিবলৈ লৈ বিহুৰ সংস্কৃতিৰ মাজলৈ ধৰ্মৰ আমদানি ঘটোৱাৰ সময়তে অসমত নামঘৰৰ সন্মুখতো যাগ-যজ্ঞৰ ব্যৱস্থা কৰা হৈছে৷ অথচ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মত আন কোনো দেৱ-দেৱতাৰ যাগ-যজ্ঞৰে গুৰুজনা পূজা-অৰ্চনা,যাগ-যজ্ঞৰ বিধান নাই৷ ভগৱানৰ শ্ৰৱন আৰু কীৰ্তন অথবা হৰিনামেই ভগৱতপ্ৰাপ্তিৰ শ্ৰেষ্ঠতম আৰু একমাত্ৰ পন্থা বুলি মহাপুৰুষ দুজনাই দিয়া আদৰ্শ অসমীয়াই যুগে যুগে পালন কৰি আহিছে৷ এনে সময়তে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ কাষতে নিৰ্মাণ কৰা হৈছে যাগ-যজ্ঞৰ এখন স্থায়ী স্থল৷ স্বাভাৱিকতে সেই বিষয়টোক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ড॰ হীৰেন গোহাঁই,হৰেকৃষ্ণ ডেকা প্ৰমুখ্যে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আঠখেলীয়া নামঘৰৰ কাষত যাগ-যজ্ঞৰ স্থল নিৰ্মাণ কৰাৰ বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ই অসমৰ ধৰ্মীয়-সংস্কৃতিও আঘাত হানিব বুলি আশংকা প্ৰকাশ কৰিছে৷ অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই বিষয়টোক গুৰুজনাৰ প্ৰতি অপমান বুলি এটা বিবৃতি দিছে৷ সেই বিবৃতি–

গুৰুজনাৰ অপমানঃ হিন্দুত্ববাদী মহলে অসমৰ ভাষা-সংস্কৃতি অতি অনাকাংক্ষিতভাৱে নিজৰ মতে গঢ়িবলৈ অপচেষ্টা কৰি থকা আটাইৰে চকুত পৰিছে৷ তাৰ ভিতৰত শেহতীয়া উদাহৰণ হৈছে ঐতিহ্যমণ্ডিত গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ কাষতে যাগ-যজ্ঞৰ বাবে এখন স্থায়ী থলি নিৰ্মাণ কৰা৷ [’আমাৰ অসম’ত ১৭ এপ্ৰিলত প্ৰকাশিত এখন চিঠি দ্ৰষ্টব্য]এই কথা সকলোৰে জ্ঞাত মে গুৰুজনাই বাৰে বাৰে নামধৰ্মত যাগ-যজ্ঞৰ প্ৰয়োজন নাই বুলি সকীয়াই গৈছে৷ কাৰণ হৰিনাম ঈশ্বৰোপাসনাৰ সৰ্বশ্ৰেষ্ঠ পন্থা৷ তেনে স্থলত নামঘৰৰ সমুখত যাগযজ্ঞৰ ব্যৱস্থা গুৰুজনা আৰু নামধৰ্মৰ প্ৰতি অপমান বুলি ধাৰণা হয়৷ আমি আশা কৰোঁ যাতে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা থকা সকলো ব্যক্তি আৰু সংগঠনে এই অকাৰ্য্যৰ নিন্দা কৰাৰ লগতে উক্ত নিৰ্মাণ তুৰন্তে ভাঙি পেলাবলৈ প্ৰবল দাবী জনাব৷ 

ইতি৷ 

[স্বাক্ষৰ]

হীৰেন গোহাঁই,হৰেকৃষ্ণ ডেকা,ডঃঅপূৰ্ব কুমাৰ বৰুৱা,অধ্যাপক উদয়াদিত্য ভড়ালী,অজিত কুমাৰ ভূঞা, সাংসদ,চন্দ্ৰকান্ত দাস,অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া,অৰূপ বৰবৰা,ডঃঅখিল ৰঞ্জন দত্ত,নিত্য বৰা, ময়ূৰ বৰা,লোকনাথ গোস্বামী,ডঃপৰমানন্দ মজুমদাৰ,দেবেন তামূলী,বিবেক দাস৷