Logo
image

১১ মে’ৰ পৰা ঘৰতে বহি পঞ্জীয়ন কৰিব পাৰিব মাটি!দাবী মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ১৭ এপ্ৰিলঃ  ‘১১ মে’ৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যবাসীয়ে ঘৰতে বহি পঞ্জীয়ন কৰিব পাৰিব মাটি৷ ১০ মে’ৰ পিছত গুৱাহাটীৰ মাটি কিনা-বেচাৰ বাবে আৰু মণ্ডল অফিচলৈ যাব নালাগে৷ ঘৰতেই অনলাইনত সকলো সম্ভব হৈ উঠিব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে গুৱাহাটীত পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ চলাই  মুখ্যমন্ত্ৰীয়ে কয় যে ১০ মে’ৰ পৰা গুৱাহাটীৰ মাটি বা ফ্লেটৰ পঞ্জীয়নৰ সৈতে একেলগে নামজাৰি হ’ব৷ ইয়াৰ বাবে সুকীয়া ছফটৱেৰৰ ব্যৱস্থা কৰা হ’ব৷ চাব ৰেজিষ্টাৰৰ অফিচতে পঞ্জীয়ন আৰু নামজাৰি দুয়োটা কাম একত্ৰে হ’ব৷ ইতিমধ্যে ফ্লেটৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰী অনুমতি উঠাই দিয়া হৈছে৷ জিলা উপায়ুক্তৰ অনুমতি নোহোৱাকৈয়ে এতিয়া ক্ৰেতা-বিক্ৰেতাই ফ্লেটৰ কিনা-বেচা কৰিব পাৰে৷ ৰাজ্য চৰকাৰে এপাৰ্টমেণ্ট ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত থকা ব্যৱস্থাসমূহ সৰলীকৰণ কৰিছে যাতে মধ্যবিত্ত পৰিয়ালেও তেওঁলোকৰ সপোনৰ এটা ঘৰ লাভ কৰিবলৈ সমৰ্থ হয়৷ একচনীয়া মাটি তথা গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত বসবাস কৰা থলুৱা লোকসকলে যাতে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে ‘মিছন বসুন্ধৰা-২.০১ জৰিয়তে যথোচিত পদক্ষেপ লোৱা হ’ব৷ গুৱাহাটীৰ একচনিয়া ভূমি,দেৱত্তৰ ভূমি,পাহাৰীয়া মাটিত বাস কৰা খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব৷ মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ইতিমধ্যে গুৱাহাটীৰ ৮ লাখ ৩০ হাজাৰ লোক উপকৃত হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ্য কৰিব পাৰি যে গুৱাহাটীৰ ফ্লেট-ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত থকা চৰকাৰী অনুমতি বাতিল কৰি দিয়াৰ ফলত চৰকাৰী জটিলতা দূৰ হৈছে যদিও কেতবোৰ অসুবিধায়ো দেখা দিছে৷ ইয়াৰ ফলত ফ্লেটৰ মূল্য নিৰ্ধাৰণৰ সঠিক তথ্য নথকাৰ অভিযোগ উঠিছে৷ ফলত চৰকাৰে বুজন ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ গ্ৰাহকে বেংকৰ ঋণ লোৱাটো অসুবিধাই দেখা দিছে৷