Logo
image

‘ৰণলিয়া’ৰ বিয়াত অভিনৱ উপহাৰ,ঘোঁৰাৰ নাম ৰাখিলে ৰণবীৰ-আলিয়া

আমাৰ অসম,১৮ এপ্ৰিলঃ বিগত কিছুদিন ধৰি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ সমগ্ৰ বলীউডত তীব্ৰ চৰ্চা চলিছিল৷ যোৱা বৃহস্পতিবাৰে বলীউডৰ এই তাৰকাযুটীয়ে যুগ্মজীৱন আৰম্ভ কৰাৰ পাছত তেওঁলোকৰ বিয়াৰ বিভিন্ন আলোকচিত্ৰ ৰাজহুৱা হ’বলৈ ধৰিছে৷ ইয়াৰ মাজতে ৰণবীৰ-আলিয়াৰ বাবে এটা স্বেচ্ছাসেৱী সংগঠনে আগবঢ়োৱা অভিনৱ উপহাৰে সকলোকে আকৰ্ষণ কৰিছে৷ আচৰিত যে স্বেচ্ছাসেৱী সংগঠনটোৱে ৰণবীৰ আৰু আলিয়াৰ বাবে উচৰ্গা কৰে এহাল শুকুলা ঘোঁৰা৷ ইয়াৰে মাইকী ঘোঁৰাটোৰ নাম আলিয়া আৰু মতা ঘোঁৰাটোৰ নাম ৰণবীৰ বুলি ৰাখিছে স্বেচ্ছাসেৱী সংগঠনটোৱে৷ জানিব পৰা মতে মাইকী ঘোঁৰাটোক এখন বিয়াৰ কামত লগোৱা হৈছিল৷ সেই ঘোঁৰাটো স্বেচ্ছাসেৱী সংগঠনটোৱে উদ্ধাৰ কৰি আনি আলিয়া নাম ৰাখে৷ আনহাতে মুম্বাইৰ ইণ্ডিয়া গেটৰ ওচৰত সংগঠনটোৱে উদ্ধাৰ কৰে মতা ঘোঁৰাটোক৷ ৰণবীৰ-আলিয়াৰ বিয়াৰ দিনা এই ঘোঁৰা দুটাৰ নামো ৰণবীৰ আৰু আলিয়া বুলি উল্লেখ কৰি স্বেচ্ছাসেৱী সংগঠনটোৱে তাৰকাযুটীৰ বিবাহ উপলক্ষে উচৰ্গা কৰে৷ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এই বিশেষ ঘোঁৰা দুটাৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে৷