Logo
image

ভাৰতৰ সৈতে ‘শান্তিপূৰ্ণ’ সম্পৰ্ক বিচাৰিছে পাকিস্তানে

মোদীলৈ পত্ৰ পাক্‌-প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফৰ

আমাৰ অসম,১৮ এপ্ৰিলঃ ভাৰতৰ সৈতে বন্ধুত্বৰ নতুন বাৰ্তা প্ৰেৰণ কৰিছে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফে৷ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে নৰেন্দ্ৰ মোদীলৈ উদ্দেশ্যি এক পত্ৰ প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰীজনে৷ উক্ত পত্ৰত শ্বৰীফে উল্লেখ কৰে যে ‘ভাৰতৰ সৈতে আমি সহযোগিতামূলক আৰু শান্তিপূৰ্ণ সম্পৰ্ক বিচাৰিছো৷ এই সম্পৰ্ক অৰ্থৱহ আলোচনাৰ জৰিয়তেহে সম্ভৱ হ’ব পাৰে৷’সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে পাক প্ৰধানমন্ত্ৰীজনৰ এই পত্ৰ শনিবাৰে লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ পত্ৰখনত শ্বৰীফে পাকিস্তানৰ আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে৷ উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খানক ক্ষমতাচ্যুত কৰি শাসনৰ গাদীত অধিষ্ঠিত হৈছে শ্বৰীফ৷ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে মোদীলৈ প্ৰেৰণ কৰা এই পত্ৰই বিশেষ তাৎপৰ্য বহন কৰিছে৷ কিয়নো ২০১৯ চনত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল৷ বিশেষকৈ ২০১৯ চনৰ ফেব্ৰুৱাৰীত পুলওৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতৰ কেইবাজনো চি আৰ পি এফৰ জোৱান নিহত হোৱাত ভাৰত-পাক সম্পৰ্কত জটিলতা আহি পৰিছিল৷