Logo
image

শতাব্দী ‘বিহুসম্ৰাজ্ঞী’

আমাৰ অসম,১৯ এপ্ৰিলঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনা৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো অব্যাহত আছে ৰঙালী বিহুৰ আনন্দ৷ চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ৷ মহানগৰীৰ আগশাৰীৰ বিহু সমিতিসমূহৰ ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত দেওবাৰে নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পীসকলে গীতৰ শৰাই আগবঢ়ায়৷ ইফালে মঞ্চ বিহুৰ বাটকটীয়া লতাশিল খেলপথাৰত গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত ২০২২ চনৰ ‘বিহু সম্ৰাজ্ঞী’খিতাপ লাভ কৰে শিৱসাগৰৰ শতাব্দী কলিতাই৷ গুৱাহাটী বিহু সন্মিলনীৰ ৭১সংখ্যক ৰঙালী বিহু এইবাৰ ১৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে৷ দেওবাৰে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ থকা ‘বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা ২০২২’অনুষ্ঠিত হয়৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ পাঁচ গৰাকী প্ৰতিযোগী ক্ৰমে জুপাৰি কাশ্যপ,শতাব্দী কলিতা,প্ৰতীক্ষা বৰগোঁহাই,ৰাজশ্ৰী নাথ আৰু সংগীতা ৰাভাৰ মাজৰ পৰা শ্ৰেষ্ঠ বিবেচিত হয় শিৱসাগৰৰ শতাব্দী কলিতা৷ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰা শতাব্দী কলিতাই ‘আমাৰ অসম’ক কয়– ‘বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰি মই যথেষ্ট সুখী৷ এইখন মঞ্চত বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰাৰ বাবে সকলোৰে সপোন থাকে৷ ময়ো এই খিতাপ লাভ কৰাৰ সপোন মনত পুহি ৰাখিছিলোঁ৷ এইখন মঞ্চত মই ২০১৫ চনত বিহু কুঁৱৰীৰ সন্মান লাভ কৰিছিলোঁ৷ এইবাৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ লাভ কৰি মোৰ সপোন পূৰণ কৰিলোঁ৷ ইয়াৰ বাবে যথেষ্ট কষ্ট কৰিছিলোঁ৷ এই খিতাপ লাভ কৰি উৎসাহিত হৈছোঁ৷ মই তিনি বছৰ বয়সৰ পৰা বিহুনাচ শিকিছোঁ৷ মোৰ গুৰু দেৱজিৎ চলিহা৷ ভৱিষ্যতে অসমৰ বিহু সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে মই প্ৰয়াস কৰিম৷ লগতে উঠি অহা প্ৰজন্মক বিহুনাচ শিকাবলৈ চেষ্টা কৰিম,যাতে আমাৰ চহকী সংস্কৃতি হেৰাই নাযায়৷ নিজৰ শিপা ধৰি ৰখাৰ বাবে সকলোৱে শৈশৱৰ পৰা নিজৰ সংস্কৃতিৰ সৈতে জড়িত হ’ব লাগে৷ মোৰ এই সফলতাৰ বাবে মোৰ দল বিৰিণা বিহু দলৰ লগতে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ ইয়াৰোপৰি মোৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোক,বন্ধু-বান্ধৱী,শুভাকাংক্ষী সকলোকে ধন্যবাদ জনালোঁ৷ সম্প্ৰতি মই লাইব্ৰেৰী ছায়েঞ্চ আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছোঁ৷’ উল্লেখ্য,বিহু সম্ৰাজ্ঞীলৈ নগদ এক লাখ টকা,মানপত্ৰ,ট্ৰফী,মুকুট, ফ্ৰীজ,ৱাচিং মেচিন,টিভি,১০ গ্ৰাম সোণৰ মূদ্ৰাৰ উপৰি আৰু বহুতো পুৰস্কাৰ দিয়াৰ লগতে ৪ দিনৰ বাবে গোৱা ভ্ৰমণৰ সুবিধা আৰু নেমকেয়াৰ হাস্পতালত স্থায়ী নিযুক্তি দিয়া হয়৷ লগতে গুৱাহাটী বিহু সন্মিলনীৰ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিহুৰাণী সন্মান লাভ কৰা মৰাণৰ নিমিষা দিহিঙীয়া আৰু শ্ৰেষ্ঠ বিহুকুঁৱৰীৰ সন্মান লাভ কৰা ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়৷ শ্ৰেষ্ঠ বিহুৰাণীক ৫১ হাজাৰ টকা,মানপত্ৰ,মুকুট আৰু অন্যান্য উপহাৰ সামগ্ৰী দিয়া হয়৷ সেইদৰে শ্ৰেষ্ঠ বিহুকুঁৱৰীক ৩১ হাজাৰ টকা,মানপত্ৰ,মুকুট আৰু অন্যান্য উপহাৰ সামগ্ৰী দিয়া হয়৷ আনহাতে শ্ৰেষ্ঠ ঢুলীয়া– নয়ন জ্যোতি বৰাক ১০ হাজাৰ টকা,বঁটা আৰু মানপত্ৰ,শ্ৰেষ্ঠ পেপাদাৰী– দেৱজিত তামুলীক ১০ হাজাৰ টকা,বঁটা আৰু মানপত্ৰ দিয়া হয়৷ উল্লেখ্য, প্ৰতিকূল বতৰকো নেওচি গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা ‘বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা ২০২২’চাবলৈ বহুসংখ্যক কলানুৰাগীৰ সমাগম হয়৷