Logo
image

পানীৰ কথা ওলালেই অথাই সাগৰত বিজেপি

মহানগৰীত পৌৰ নিৰ্বাচন

জল ব’ৰ্ডৰ পৰিচালন সঞ্চালকৰ পলায়ন

আমাৰ অসম,১৯ এপ্ৰিলঃ গুৱাহাটীবাসীয়ে শীঘ্ৰেই বিশুদ্ধ খোৱাপানী লাভ কৰাৰ কোনো সম্ভাৱনা নাই৷ জিএমচি নিৰ্বাচনত শাসকীয় বিজেপি দলৰ নেতৃত্বৰ লগতে মন্ত্ৰী-বিধায়কে নিৰ্বাচনৰ পাছতেই পানী লাভ কৰিব বুলি নাগৰিকক প্ৰতিশ্ৰুতি দিলেও বাস্তৱত শীঘ্ৰে পানী লাভ নকৰে মহানগৰীয়ে৷ খোদ মুখ্যমন্ত্ৰীয়ে পূৰ্বে প্ৰতিশ্ৰুতি দিলেও জুন মাহত পানী লাভৰ সম্ভাৱনা নাই বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই স্বাভাৱিকতেই ভোটাৰ ৰাইজক পানীৰ কথা ক’বলৈ গৈ অথাই সাগৰত পৰিছে বিজেপি৷ ইপিনে,গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কেলেংকাৰি তদন্তৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছতেই জাইকাৰ পৰিচালন  সঞ্চালক এ সম্পথে ৰহস্যজনকভাৱে পদত্যাগ কৰি অসমৰ পৰা পলায়ন কৰাত জাইকাৰ অৰ্থ সাহায্যত নিৰ্মীয়মান পানীযোগান প্ৰকল্পৰ কাম-কাজত স্থবিৰতা আহি পৰিছে৷ লক্ষণীয়ভাৱে সোমবাৰে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘নিৰ্বাচনত ভোট বিচাৰি মই নিৰ্বাচনৰ পাছতেই গুৱাহাটীবাসীয়ে খোৱাপানী লাভ কৰিব বুলি ক’ব পাৰোঁ৷ কিন্তু মই অসত্য কথা ক’ব নিবিচাৰোঁ৷ কিয়নো ৰাইজে মোবাইলে মোবাইলে ৰেকৰ্ডিং কৰি লয় আৰু পাছত তাৰিখ নিমিলিলে বৰ দিগদাৰী হয়৷ জাইকা,জে এন ইউ আৰ এমৰ কাম চলি আছে৷ আজি আমি এনে পৰ্যায় পাইছোঁ যে– জুলাইৰ পৰা প্ৰতি মাহে ৫-৮ হাজাৰ লোকক পানীৰ সংযোগ দিব পাৰিম৷ গুৱাহাটীত মানুহ আছে ১ লাখ ২০ হাজাৰ৷ যদিহে প্ৰতি মাহে ৫-৮ হাজাৰকৈ পানীৰ সংযোগ দিব পাৰোঁ,তেনেহ’লে ১৬-২০ মাহৰ ভিতৰত সকলোকে পানীৰ সংযোগ দিব পাৰিম৷’মুখ্যমন্ত্ৰীয়ে জুলাইৰ পৰা আংক্ষিকভাৱে পানী লাভ কৰিব বুলি ঘোষণা কৰাৰ সময়তে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথৰ বিৰুদ্ধে৷ অৱশেষত সম্পথে ৰহস্যজনকভাৱে সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰে৷ ১২ এপ্ৰিলত গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদৰ পৰা পদত্যাগ বিচাৰি কৰা আৱেদন ৰাজ্যপালে ইতিমধ্যে গ্ৰহণ কৰিছে৷ উল্লেখ্য,পাঁচমাহ পূৰ্বে পানী প্ৰকল্পৰ কোনো কাৰিকৰী জ্ঞান নথকা সত্ত্বেও একমাত্ৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠ হোৱাৰ বাবে এ সম্পথক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰাৰ অভিযোগো উত্থাপন হৈছিল৷ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে কেবিনেটৰ অনুমোদনৰ জৰিয়তে এ সম্পথক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰিছিল৷ পিছত এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈয়ে দুৰ্নীতিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হয়৷ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদৰ দায়িত্ব লোৱাৰ পিছত গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকাৰ নামত কমিছন সংগ্ৰহৰ অভিযোগ উত্থাপিত হয়৷ ৮০ কোটিৰ ঠিকাৰ বিপৰীতে ১০ শতাংশ কমিছন ঠিকাদাৰৰ পৰা এ সম্পথে দাবী কৰাৰ কথা ঠিকাদাৰসকলে উল্লেখ কৰিছিল৷ গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ত বহিয়েই এ সম্পথে বহিৰাগত দালাল পিতা-পুত্ৰ ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াৰ সহায়ত কমিছনৰ দৰদাম কৰিছিল৷ এই অভিযোগ সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দীনেশ দাসে উত্থাপন কৰিছিল৷ তাৰ পাছতে ৰাজ্য চৰকাৰে জাইকাৰ অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ সম্পৰ্কত উত্থাপিত অভিযোগ সমূহৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক দায়িত্ব দিছিল৷ আৰু তদন্তৰ প্ৰতিবেদনৰ পাছতেই গোপনে জলব’ৰ্ডৰ একাউণ্টৰ পৰা ২৭ লাখ টকা দৰমহা লৈ সম্পথে পদত্যাগ কৰিয়েই গুৱাহাটীৰ পৰা পলায়ন কৰে৷

নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচন আয়োগে তদন্তৰ নিৰ্দেশ দিছে৷ অসম জাতীয় পৰিষদৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে৷ সোমবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰাই অসম ৰাজ্যিক নিৰ্বাচন আয়োগক দিয়া অভিযোগ-পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ সভাত প্ৰতিটো ৱাৰ্ডতে নতুনকৈ এহাজাৰগৰাকী হিতাধিকাৰী বাছনি কৰা হ’ব,নতুন ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ৱাৰ্ড কাউন্সিলাৰে দহ কোটি টকাকৈ পাব বুলি ঘোষণা কৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে অসম জাতীয় পৰিষদৰ মহানগৰ জিলা সভাপতি সঞ্জীৱ বৰাই নিৰ্বাচন আয়োগক অনুৰোধ জনায়৷ এই অভিযোগৰ ভিত্তিত সোমবাৰে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে৷

মুখ্যমন্ত্ৰীয়ে ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক আপৰ গৰিহণা

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰি দিন বাকী থকাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ আজি আপৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দোবে কয়–বছৰ ধৰি শাসনত থকাৰ পাছতো মহানগৰখনৰ বাবে একো কৰিব নোৱাৰা বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ প্ৰলোভন আৰু মিথ্যাচাৰত আশ্ৰয় লৈছে৷ আপৰ উত্থানত শংকিত বিজেপি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবিধান আৰু গণতান্ত্ৰিক প্ৰহসনত পৰিণত কৰা কাৰ্যক গৰিহণা দিবলৈ আপে ভাষা বিচাৰি পোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ বাবে ৬০০ কোটি টকাৰ পেকেজ ভোট গ্ৰহণৰ চাৰি দিন আগতে ঘোষণা কৰা অপকৰ্মক গুৰুত্বসহকাৰে লৈ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ উত্থাপন কৰিব৷

গুৱাহাটী মহানগৰীত নিশা ২ বজাতো যাতে এজনী মহিলা বা যুৱতীয়ে ফাঁচীবজাৰৰ পৰা লংকেশ্বৰলৈ মুক্তমনে খোজ কাঢ়ি আহিব পাৰে সেই লক্ষৰে  বিজেপি মিটজোঁটে কাম কৰি আহিছে৷ আনকি বিগত বৰ্ষৰ মে মাহত চৰকাৰ গঠন হোৱাৰ পাছত যোৱা ১১ মাহত চৰকাৰখনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত অপৰাধৰ সংখ্যা ৩৯ শতাংশলৈ হ্ৰাস পাইছে৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটী পৌৰ নিগমৰ আগন্তক নিৰ্বাচন উপলক্ষে সোমবাৰে বিয়লি পশ্চিম গুৱাহাটীৰ গাড়ীগাঁও উদয় সমূহীয়া কেন্দ্ৰৰ খেলপথাৰত তিনিটা ৱাৰ্ড ক্ৰমে ১,২ আৰু ৯ নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত ভাগ লৈ এই মন্তব্য কৰে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ড॰ শৰ্মাই কয় আৰক্ষীয়ে যেতিয়া ড্ৰাগছ বেপাৰীক গুলীয়াই তেতিয়া কংগ্ৰেছ দলৰ নেতা সকলে কান্দে৷  এইয়াই হল কংগ্ৰেছ দলৰ প্ৰকৃত স্বৰূপ৷ দিল্লী-দিছপুৰত যেতিয়া আমাৰ চৰকাৰ আছে তেতিয়া ৰাইজে পৌৰ নিগমৰ নিৰ্বাচনত অগপ-বিজেপি দলৰ প্ৰাৰ্থীসকলক ভোট দিলেহে উন্নয়নৰ গতি ক্ষিপ্ৰতৰ হব৷ ১ নং ৱাৰ্ডকে ধৰি পৌৰ নিগমৰ ৬০ গৰাকী কাউন্সিলৰৰ বিপৰীতে দহ কোটিকৈ মুঠ ছশ কোটি টকা অহা দুবছৰৰ ভিতৰত প্ৰদান কৰা হ’ব৷ এই ধনেৰে প্ৰতিটো ৱাৰ্ডৰ সৰু-বৰ পথ পকী কৰাৰ বাবে ব্যৱহাৰ কৰিব লাগিব কাউন্সিলৰসকলে৷ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৮ লাখ ৩০ হেজাৰ লোক উপকৃত হৈছে৷ এইবাৰ গুৱাহাটীত একচনীয়া ভূমি,দেৱোত্তৰ ভূমি,পাহাৰীয়া মাটিত বসবাস কৰা খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে মিছন বসুন্ধৰা-২ আঁচনি ৰূপায়ণ কৰা হ’ব৷ ইফালে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ জৰিয়তে পুনৰ গুৱাহাটীৰ ষাঠি হেজাৰ লোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্ত কৰে৷ গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জাইকা নামৰ পানী যোগান আঁচনিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা পানী লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ ব্যক্ত কৰে৷ আনহাতে চিকিৎসাৰ ক্ষেত্ৰত গুৱাহাটীবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডতে নহলেও দুটা ৱাৰ্ডৰ মাজত এখনকৈ হলেও চিকিৎসালয় স্থাপন কৰা হব৷  প্ৰথম পৰ্যায়ত দুটা ৱাৰ্ডৰ মাজত এখন চিকিৎসালয় স্থাপন হ’ব যদিও পৰৱৰ্তী সময়ত ৱাৰ্ডে ৱাৰ্ডে হ’ব একোখনকৈ চিকিৎসালয়৷  ইফালে গুৱাহাটীৰ মাজমজিয়াত থকা সকলো চৰকাৰী কাৰ্যালয় পৰ্যায় ক্ৰমে বেতকুছিলৈ স্থানান্তৰ কৰাৰ পাছত পৰৱৰ্তী সময়ত সেই খালী হোৱা ঠাইত উদ্যান নিৰ্মাণ আদিৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইফালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিশা পৰ্যন্ত পূব গুৱাহাটী সমষ্টিৰ মিত্ৰজোঁটৰ কেবাজনো প্ৰাৰ্থীৰ হৈ জ্যোতিনগৰ আৰু লুটুমা,দিছপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ খানাপাৰাত থকা ইন’ডৰ ষ্টেডিয়ামত মুঠ তিনিখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে৷