Logo
image

নামনি তচ্‌নচ্‌ কৰি ধুমুহাৰ তাণ্ডৱ অব্যাহত,মৃতৰ সংখ্যা ২৫লৈ বৃদ্ধি

জনপ্ৰতিনিধিৰ দেখাদেখি নাই,চৰকাৰী সাহায্য দূৰ পৰাহত

আমাৰ অসম, ১৯ এপ্ৰিলঃ ৰঙালী বিহুৰ উৰুকাৰ নিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ৷ বিগত ৫ দিনে ঠাই বিশেষে অব্যাহত থকা প্ৰচণ্ড ধুমুহা, প্ৰৱল বৃষ্টিপাত আৰু বজ্ৰপাতত ৰাজ্যত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি পাইছে৷ দেওবাৰেও ধুমুহা আৰু বৃষ্টিপাতৰ ফলত নামনি অসম একপ্ৰকাৰ তচনচ হৈ পৰে৷ ধুমুহা-বৰষুণত অতিকমেও ৰাজ্যৰ প্ৰায় ৪ হাজাৰ পৰিয়াল গৃহহাৰা হৈছে৷ আনহাতে,প্ৰকৃতিৰ কালৰূপৰ ফলত ২৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হ’ব লগা হৈছে৷ দেওবাৰে নিশা ধুমুহাত গছ ভাগি পৰাত লাহৰিঘাটত শ্বাহিদুল ইছলাম নামৰ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিতাবৰৰ ৰনং কেঁচাইখাটিত ধুমুহাত ঘৰ ভাগি পৰাত মাইকন মুণ্ডা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়৷ আনহাতে,মঙলদৈতো ধুমুহা-বজ্ৰপাতৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ দেওবাৰৰ নিশা ধুমুহাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰত ডুব যায় ১৫খনকৈ যন্ত্ৰচালিত নাও৷ অৱশ্যে এছডিআৰএফ আৰু এনডিআৰএফে ১১খন নাও উদ্ধাৰ কৰে যদিও ৪খন নাৱৰ বৰ্তমানেও সন্ধান নাই৷ ধুমুহাত সোণাপুৰ আৰু গোলকগঞ্জত বিহু পেণ্ডেল ভাঙি পৰাত আহত হৈছে কেইবাজনো লোক৷ কলিয়াবৰ,দুমুনিচকী,ছিপাঝাৰ,শ্ৰীৰামপুৰ,কৈঠালকুছি,তামুলপুৰ,মৈৰাবাৰী আদি অঞ্চলত ধুমুহাত শিক্ষানুষ্ঠানৰ লগতে বিদ্যুৎ খুঁটা ভাগি পৰা দেখা যায়৷ আশ্বৰ্যজনকভাৱে ধুমুহা-বৃষ্টিপাতে একাংশ পৰিয়াললৈ বিহু নহয় বৰবিহ হৈ পৰাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালসমূহৰ কাষত উপস্থিত হোৱা নাই চৰকাৰী বিষয়া-কৰ্মচাৰী৷ আনকি জনপ্ৰতিনিধি মন্ত্ৰী-বিধায়কসকলো পৰিয়ালসমূহক সহায়ৰ বাবে আগবাঢ়ি অহা নাই৷ স্বাভাৱিকতেই এতিয়া ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰী সাহায্য সুদূৰ পৰাহত৷ ইপিনে,বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২২ এপ্ৰিল পৰ্যন্ত ৰাজ্যত বহাত-বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ অৱশ্যে,সংবাদ মাধ্যমৰ বাতৰিৰ পাছত ৰাজ্যত ধুমুহা-বৰষুণত মৃত্যুমুখত পৰা ক্ষতিগ্ৰস্ত সকললৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে৷ ধুমুহা-বজ্ৰপাতত প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ৪ লাখকৈ টকা সাহায্য দিয়াৰ কথা সদৰি কৰিছে অসম চৰকাৰে৷ ধুমুহাত বিধবস্ত হোৱা বিদ্যালয়ে লাভ কৰিব ১.৫০ লাখ টকা৷ কেঁচা ঘৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব ৯৫ হাজাৰ টকা আৰু সম্পূৰ্ণ ঘৰ-দুৱাৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব ১ লাখ ১,০০০ টকা৷ এই কথা সদৰি কৰে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহনে৷

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু লাহৰীঘাটত দেওবাৰে নিশা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰে৷ আনকি লাহৰীঘাটৰ মৰিতলীত প্ৰচণ্ড ধুমুহাত গছ বাগৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ নাম শ্বহিদুল ইছলাম [৩২]৷ পৰিয়ালৰ লোকে জনোৱা মতে, নিশা  ধুমুহা আৰু প্ৰৱল বৰষুণৰ ফলত গছ উভালি শ্বহিদুল ইছলামৰ গাত পৰাত নাকে-মুখে তেজ ওলায়৷ সংকটজনক অৱস্থাত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নি থকা অৱস্থাত আদবাটতে তেওঁৰ মৃত্যু হয়৷ এই ধুমুহাত ভূৰাগাঁও আৰু লাহৰীঘাটৰ বহু ঠাইত বহু ঘৰ-দুৱাৰ ভাঙি যায় আৰু মূল্যবান গছ-গছনি উভালি পৰে৷ ধুমুহাত বিদু্যতৰ খুঁটা ভাঙি যোৱাত বিদু্যৎ যোগানো ব্যাহত হৈ আছে৷

বিহুৰ আনন্দ উল্লাসৰ মাজতে দেওবাৰে নিশা কলিয়াবৰৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিত বাগৰি পৰে বহু কেইডাল প্ৰকাণ্ড গছ৷ বিধবস্ত হ’ল দহটাৰো অধিক ঘৰ,বিদু্ৎতৰ খুঁটা৷ কলিয়াবৰৰ চতিয়ালৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ২খনকৈ গাড়ীৰ ওপৰত গছ বাগৰি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক-আৰোহীৰ৷ ইফালে স্বাস্থ্যমন্ত্ৰীৰ গৃহ গাঁও তেলীয়াগাঁৱতো ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰি মানুহৰ ঘৰ-দুৱাৰ,গছ-গছনিৰ ক্ষতি কৰে৷ গাঁওখনৰ কেইবাঘৰ লোকৰ ঘৰৰ টিনপাত ভাঙি-চিঙি উৰুৱাই লৈ যায় বহু দূৰলৈ৷ ঘৰৰ ভিতৰত থকা পৰিয়ালৰ লোকসকল কোনোমতে প্ৰাণ লৈ আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া হয়৷ আনহাতে,চতিয়ালৰ ৩৭নং ৰাষ্ট্ৰীয় পথত বাহনৰ ওপৰত গছ বাগৰি সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই শ শ বাহন ৰাজপথত আৱদ্ধ হৈ পৰে৷ উজনি-নামনিৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷ আজি পুৱাহে পথচোৱা বনবিভাগে স্থানীয় লোকৰ সহায়ত মুকলি কৰে যদিও সম্পূৰ্ণভাৱে এতিয়াও মুকলি হোৱা নাই৷ ইফালে চিমনাবস্তিটো এঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত পৰিয়ালটো কথমপি ৰক্ষা পৰে৷ স্থানীয় লোকে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰা পৰিয়ালটোক উদ্ধাৰ কৰে৷ ৰাজহ চক্ৰ বিষয়া নিতীষা বৰাই জনোৱা মতে,মহকুমাটোৰ বিশেষকৈ দলগাঁও,বৰহোলা,নিজপূৱথৰীয়া,চিমনাবস্তি,তেতুলগুৰি, হাতীগাঁও, চিকনি পথাৰ,বুঢ়াপাহাৰ আৰু চতিয়াল আদি ঠাইত দহটাৰো অধিক পৰিয়ালৰ ঘৰ বিধবস্ত হোৱাৰ লগতে বহুসংখ্যক বিদু্ৎতৰ খুঁটা আৰু গছ-গছনিৰ উভালি পৰে৷

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দেওবাৰে নিশা পুনৰ ধুমুহাই তাণ্ডৱ চলায়৷ জিলাখনৰ উত্তৰাঞ্চলত প্ৰৱল ধুমুহা-শিলাবৃষ্টিৰ ফলত যথেষ্ট ক্ষতি হয় স্থানীয় লোকৰ৷ ১৫ এপ্ৰিলৰ নিশা জিলাসদৰকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত যথেষ্ট ক্ষতি হোৱাৰ লগতে মৃত্যু হৈছিল এগৰাকী মহিলাৰ৷ গছ-গছনি উভালি চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ ঘৰ-দুৱাৰ, পকীবেৰ,বিদু্ৎতৰ ১৫০টা খুঁটা আৰু কিছু বিদু্যৎ পৰিবাহী তাঁৰ চিঙি যায়৷ যাৰ ফলত আজি পৰ্যন্ত লোকসকলে জীয়াতু ভুগি নিজৰ ঘৰ-দুৱাৰ আৰু বিদু্ৎ বিভাগ,বনবিভাগে মেৰামতি কৰাব লগা হৈছে৷ ধুমুহাৰ ফলত তামুলপুৰত বিদু্ৎ বিভাগৰ কেইবা লক্ষ টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়৷ বিদু্যৎ বিভাগে শনিবাৰৰে পৰা যুদ্ধকালীন তৎপৰতাৰে মেৰামতিৰ কাম কৰি আছে যদিও আজিও শেষ হোৱা নাই সংশ্লিষ্ট কাম-কাজ৷ ফলত বিগত দুদিন ধৰি ঠায়ে ঠায়ে বিদু্যৎ সেৱা বন্ধ হৈ আছে৷ অৱশ্যে জিলা সদৰৰ মটঙা চ’ককে ধৰি কিছু অংশ বিভাগে মেৰামতি কৰাৰ পাছত বিদু্ৎ সেৱা আৰম্ভ হৈছে যদিও সকলো ঠাইতে প্ৰয়োজনীয় সেৱা আগবঢ়াব পৰা নাই৷ একাংশ পৰিয়ালৰ খোৱাপানীকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে৷ আনহাতে পুনৰ দেওবাৰৰ নিশাৰ ধুমুহাত কাউলী,পাহাৰপুৰ,এক নং পাহাৰপুৰ,হৰিণচৰা আদি গাঁৱত যথেষ্ট ক্ষতি হয়৷ ঘৰ-দুৱাৰ ভাঙি যোৱাত বহু লোক গৃহহীন হৈ অন্য পৰিয়ালৰ ঘৰত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ জিলাখনৰ দ্বাৰকুছিতো নিশা ধুমুহাই ক্ষতি কৰিছে৷

কামৰূপ জিলাৰ উত্তৰ প্ৰান্তৰেৰে দেওবাৰে নিশা প্ৰায় এঘণ্টাজুৰি সংহাৰী ৰূপ ধাৰণ কৰি পাৰ হৈ যোৱা এজাক ধুমুহাই জালুকবাৰী সমষ্টিৰ বহুসংখ্যক পৰিয়ালৰ ঘৰ-দুৱাৰ,গছ-গছনি,বৈদু্তিক খুঁটা ধবংসস্তুপত পৰিণত কৰে৷ সৰু-বৰ গছ-গছনিৰ লগতে প্ৰকাণ্ড বৃক্ষও উভালি পৰি কেইবাজনো লোকক আহত কৰে৷ বৃহত্তৰ অঞ্চলটিত অভাৱনীয় ক্ষতিসাধন কৰা এইজাক কালৰূপী ধুমুহাৰ তাণ্ডৱত কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰাৰ লগতে বিহু সন্মিলনীৰ কাৰ্যসূচী বাতিল কৰিবলগা হয়৷ ধুমুহাজাকে আমিনগাঁও ৰাজহ চক্ৰ তথা বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত আলিপূব গাঁৱৰ দেবেন কাকতিৰ পুত্ৰ অশ্বিনী কাকতিৰ আটাইকেইটা ঘৰ,শৌচালয় ভাঙি  পেলায়৷ ফলত পৰিয়ালটোৰ থকাৰ বাবে ঠাই নোহোৱা হৈ পৰিছে৷ ইয়াৰ নাতিদূৰৈত থকা যতীন কলিতাৰ জাগৃত পলট্ৰি ফাৰ্মখনো থানবান হৈ পৰে৷ ধুমুহাজাকৰ  ভয়ংকৰ প্ৰভাৱ পৰে ক্ষুদ্ৰপলহা গাঁৱত৷ গাঁওখনৰ প্ৰয়াত তৰুণ ডেকাৰ এটি ঘৰত গছ বাগৰি পৰাত ঘৰটোত থকা প্ৰাঞ্জল ডেকা,দীপক ডেকা,সৰলা ডেকাসহ ৪ জনলোক আহত হোৱাৰ লগতে বিছনা,মেজ,টিভি আদি বিভিন্ন সামগ্ৰী চুচূৰ্মৈ হৈ পৰে৷ ইয়াৰে কাষৰ মুকুট ডেকা আৰু কাকতি চুবুৰীৰ হেমন্ত কাকতিৰ গৃহৰো ক্ষতি হয়৷ অনুৰূপধৰণে গাঁওখনৰ দেউৰাপাৰাৰ সুৰথ ডেকাৰ পৰিয়ালতো সৃষ্টি হয় ভয়ংকৰ পৰিৱেশ৷ তেওঁলোকৰ থকা ঘৰত গছ বাগৰি পৰাত পত্নী প্ৰণিতা দাস আৰু সন্তান হীৰকজ্যোতি দাস আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হয়৷ একেদৰে ফণীধৰ দাস,মহিন দাস,মোহন দাস,প্ৰাণেশ্বৰ দাস,গাওঁখনৰ ঝাংকাপাৰা চুবুৰীৰ বুবুল দাস,বসন্ত দাস,প্ৰণৱ দাস,প্ৰদীপ শৰ্মা,হালধিবাৰীৰ প্ৰয়াত অতুল দাস,নকুল নাথ,বৰপলহাৰ ধৰ্মকান্ত কাকতিৰ গৃহ আদিৰো বিভিন্ন ক্ষয়-ক্ষতি হয়৷

ৰঙালী বিহুৰ উলাহ মালহৰ মাজতে দেওবাৰে নিশা প্ৰচণ্ড ধুমুহাত তচ্‌নচ্‌ হৈ পৰে দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকী বৰনৈ মহাবিদ্যালয়ৰ এটা নৱনিৰ্মিত ভৱন৷ প্ৰকাণ্ড গছ এডাল উভালি পৰে নৱনিৰ্মিত ডিজিটেল শ্ৰেণীকোঠাৰ হলটোৰ ওপৰত৷ গছ বাগৰি পৰাৰ উপৰিও ধুমুহাত মহাবিদ্যালয়ৰ ওপৰ অংশটোৰ টিনপাট সম্পূৰ্ণৰূপে উৰি যায়৷ ফলত হলটোৰ ভিতৰত থকা কম্পিউটাৰ,ফেন,লাইট আদিকে ধৰি বহু লাখ টকাৰ সামগ্ৰী নষ্ট হয়৷ ইফালে মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাৰ নৱনিৰ্মিত হলটো নিৰ্মাণত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ স্থানীয় ৰাইজ সৰব হৈছে অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে৷ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বাবে ১৯.৪৭ লাখ টকীয়া ভৱনটো ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ প্ৰাক্‌কলন মৰ্মে বৰনৈ মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো নিৰ্মাণ কৰা হোৱা নাছিল বুলি স্থানীয় ৰাইজে কব খোজে৷ তথ্য অনুসৰি,২০১৭-১৮ বৰ্ষত ছিপাঝাৰ উন্নয়ন খণ্ডৰ এম এচ ডি পি দ্বাদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কৰা তিনিটা কোঠাৰ ভৱনটো ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই মুকলি কৰিছিল৷ ইফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা অসম গ্ৰামীন বিকাশ বেংক দুমুনিচকী শাখাৰ গৃহটি বিধবস্ত হৈ পৰাৰ উপৰিও মুধছ ভাঙি নিয়ে৷ একেদৰে দুমুনিচকী বৰনৈ মথাউৰি সমীপৰ কেইবাটাও বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়ে৷

ৰঙালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত হোৱা প্ৰৱল ধুমুহা, শিলাবৃষ্টিৰ ফলত বিধবস্ত গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ অঞ্চল পৰিদৰ্শন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োই৷ তেওঁ আজি বিয়লি ধুমুহাত বিধবস্ত অঞ্চল শ্ৰীৰামপুৰত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ সহায়ৰ আশ্বাস দিয়াৰ লগতে ধুমুহাত মূৰত টিনপাত পৰি আঘাতপ্ৰাপ্ত হৈ নিহত হোৱা শ্ৰীৰামপুৰৰ লক্ষণ প্ৰসাদ শ্বাহৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷ অনতিপলমে পৰিয়ালটোক আৰ্থিক সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে৷ শ্ৰীৰামপুৰ অঞ্চল পৰিদৰ্শন কৰি চাওঁতাল কলনীৰ শিমলদহি গাঁৱত উপস্থিত হৈ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গীৰ্জা,বিদ্যালয়গৃহৰ মেৰামতি কৰা হ’ব বুলিও তেওঁ কয়৷