Logo
image

দেশত পুনৰ বাঢ়িবলৈ লৈছে সংক্ৰমণ

কৰ’নাৰ পৰা সকাহ নাই!

আমাৰ অসম, ১৯ এপ্ৰিলঃ দেশত লাহে লাহে পুনৰ বাঢ়িছে ক’ভিড সংক্ৰমণ৷ যি সময়ত চীনে কঠোৰ লকডাউন দিও কৰ’না ভাইৰাছ ৰোধ কৰিব পৰা নাই,সেই সময়তে ভাৰতত লাহে লাহে বাঢ়িবলৈ ধৰিছে ইয়াৰ সংক্ৰমণ৷ ভাৰতত এদিনতে সংক্ৰমণৰ হাৰ ৯০ শতাংশ বাঢ়ে৷ অৰ্থাৎ দেওবাৰে পুৱাৰ তুলনাত সোমবাৰে পুৱালৈ ভাৰতত সংক্ৰমণৰ হাৰ ৯০ শতাংশ বাঢ়ে৷ দেওবাৰে পুৱা ভাৰতত সংক্ৰমণৰ সংখ্যা আছিল ১,১৫৯৷ কিন্তু সোমবাৰে পুৱাৰ ভিতৰত এয়া ২,১৮৩ জনলৈ বৃদ্ধি হয়৷ গতিকে হঠাতে ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে দিল্লী চৰকাৰো চিন্তিত হৈ পৰিছে৷ ভাৰতত কৰ’নাৰ প্ৰতিষেধক আৰু বুষ্টাৰ ড’জ প্ৰদানৰ কাম দ্ৰুত গতিত অব্যাহত আছে৷ তাৰ পাছতো লাহে লাহে ক’ভিডে মূৰ দাঙি উঠাত পুনৰ সাৱধানতা অৱলম্বনৰ সময় আহি পৰিছে৷ বিশেষকৈ দেশৰ ৰাজধানী দিল্লী আৰু এন চি আৰত বাঢ়িছে সংক্ৰমণ৷ ইয়াত সোমবাৰে পুৱা ৫১৭জন লোক নতুনকৈ আক্ৰান্ত হয়৷ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা গাজিয়াবাদ,নয়দা আদি চহৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হোৱাত কেতবোৰ শিক্ষনুষ্ঠান সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছে৷ দেশত বৰ্তমান সকলো ক’ভিড বিধি উঠাই দিয়া হৈছে আৰু মাস্ক পৰিধানৰ বাধ্য-বাধকতাও নাই৷ গতিকে লাহে লাহে পুনৰ কৰ’নাৰ সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছে৷ গতিকে ইয়াক ভাৰতত কৰ’নাৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ লক্ষণ বুলিও বিশেষজ্ঞই মত প্ৰকশ কৰিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লী দুৰ্যোগ পৰিচালনা প্ৰাধিকৰণে ২০ এপ্ৰিলত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে৷