Logo
image

কংগ্ৰেছৰ সভাপতি কেৱল নেহৰু পৰিয়ালৰে হ’ব লাগিব নেকি!

ৰাহুল গান্ধী অস্থিৰ! পি জে কুৰিয়েনৰ দাবী

আমাৰ অসম,১৯ এপ্ৰিলঃ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা কংগ্ৰেছ দলৰ নেতৃত্ব কোনে ল’ব,কাক দিয়া হ’ব,তাকে লৈ ব্যাপক চৰ্চা অব্যাহত আছে৷ কংগ্ৰেছৰ নেতৃত্ব দি অহা গান্ধী পৰিয়ালৰ বিৰুদ্ধে লাহে লাহে দলৰ ভিতৰতে প্ৰতিবাদ আৰম্ভ হৈছে৷ নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী কৰি অহা কংগ্ৰেছৰ ‘জি ২৩’য়েই নহয়,আন আন নেতায়ো গান্ধী পৰিয়ালক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰিছে৷ তেনে সময়তে দলৰ জ্যেষ্ঠ নেতা পি জে কুৰিয়েনে ছোনিয়া গান্ধীৰ পুত্ৰ তথা দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে মাত মাতিছে৷ ৰাহুল গান্ধীক সমালোচনা কৰি পি জে কুৰিয়েনে কয় যে কংগ্ৰেছৰ সভাপতি কেৱল গান্ধী-নেহৰু পৰিয়ালৰে যে হ’ব লাগে,তাৰ কোনো মানে নাই৷ তেওঁ আৰু কয় যে বৰ্তমান কংগ্ৰেছত নাই কোনো পূৰ্ণকালীন সভাপতি৷ যাৰ ফলত দলৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে গতি কৰিছে৷ কেৰালাৰ আগশাৰীৰ কংগ্ৰেছ নেতাজনে ৰাহুল গান্ধীক ‘অস্থিৰ’মনৰ বুলি অভিহিত কৰি কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পাছত ৰাহুল গান্ধীয়ে পদত্যাগ কৰি নিজৰ অস্থিৰতা প্ৰমাণ কৰিছিল৷ দলটো বিপদত পৰাৰ সময়ত ৰাহুল গান্ধীয়ে দায়িত্ব এৰি আৰু অধিক বিপদৰ মাজলৈ ঠেলি দিয়া বুলিও কুৰিয়েনে অভিযোগ কৰে৷ এখন মালায়ালম আলোচনীত প্ৰকাশিত সাক্ষাৎকাৰত কুৰিয়েনে এনেদৰে সমালোচনা কৰে ৰাহুল গান্ধীক৷