Logo
image

বাস্তৱ এৰি সপোন বিচাৰি অৰণ্যলৈ দলে দলে যুৱক

পাঠশালাৰ খেলুৱৈসহ ৩জন ম্যানমাৰৰ শিবিৰত

আমাৰ অসম, ২০ এপ্ৰিলঃ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকক সহায় কৰিবলৈ ইখনৰ পাছত সিখনকৈ আঁচনি ঘোষণা কৰি গৈ আছে৷ চৰকাৰে দাবী কৰা অনুসৰি হিতাধিকাৰীসকলে এই আঁচনিসমূহৰ সুবিধা নিয়মীয়াভাৱে পায়েই আছে৷ অধিকাংশ আঁচনিৰ বিপৰীতে হিতাধিকাৰীয়ে লাভ কৰি আছে নগদ ধন আৰু অন্যান্য সা-সুবিধা৷ ৰাজ্যৰ অন্যতম প্ৰধান সমস্যা নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে প্ৰতিবছৰে এক লাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰখনে৷ ইতিমধ্যে বিভিন্ন পৰ্যায়ত নিযুক্তি প্ৰক্ৰিয়া চলিও আছে৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যত অব্যাহত আছে আলফা গমনৰ প্ৰক্ৰিয়া৷ শেহতীয়াভাৱে আৰক্ষী,চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি গৃহিণী,যুৱক-যুৱতী উপস্থিত হৈছে আলফাৰ শিবিৰত৷ সমাজৰ আৰ্থকভাৱে দুৰ্বল শ্ৰেণীক সবল কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিসমূহে যেন সন্তুষ্ট কৰিব পৰা নাই আলফালৈ যোৱা এইসকল লোকক৷ আনকি উজ্জ্বল কেৰিয়াৰক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈও গৈছে আলফাৰ শিবিৰলৈ৷ কিন্তু এইসকল যুৱক-যুৱতীয়ে কিয় বাছি লৈছে এটা বিদ্ৰোহী সংগঠনৰ কণ্টকময় আৰু বিপদসংকুল জীৱন৷ স্বাধীন অসমৰ সপোন দেখি অৰণ্যলৈ সোঁত বৈছে দলে দলে যুৱক-যুৱতীৰ৷ ৰাজ্য চৰকাৰে নিবনুৱাক আৰ্থিক উদগনি দিয়াৰ লগতে সংস্থাপনৰ বাবে ইখনৰ পাছত সিখনকৈ আঁচনি ঘোষণা কৰি হিতাধিকাৰী সৃষ্টি কৰিলেও চৰকাৰী আঁচনিয়ে যুৱপ্ৰজন্মৰ অৰণ্যগমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ এক কথাত সংস্থাপন নহ’লেও মনত দুখ,ক্ষোভ আৰু আৱেগ বুকুত বান্ধি বাস্তৱ এৰি সপোনৰ সন্ধানত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰিছে এজনৰ পাছত এজনকৈ তেজাল অসমীয়াই৷ দুদিন পূৰ্বে কংগ্ৰেছৰ এজন যুৱ নেতাই অন্তঃসত্ত্বা পত্নী আৰু পুত্ৰক এৰি আলফাত যোগদান কৰাৰ পাছত এইবাৰ পাঠশালাৰ মাৰ্চিয়েল আৰ্টৰ খেলুৱৈকে ধৰি শিৱসাগৰ আৰু নাহৰকটীয়াৰ আন দুজন যুৱকো বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছে৷ আলফাৰ ম্যানমাৰস্থিত শিবিৰত ইতিমধ্যে উপস্থিত হোৱা যুৱক তিনিজন পাঠশালাৰ বিভাকৰ কলিতা,নাহৰকটীয়াৰ পংকজ গগৈ আৰু শিৱসাগৰৰ পংকজ মেছ বুলি জানিব পৰা গৈছে৷ লক্ষণীয় বিষয়টো হৈছে নাহৰকটীয়া নেখাম বাঁহধাৰী গাঁৱৰ যুৱক পংকজ গগৈয়ে কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যাওঁ বুলি ঘৰত কৈ পত্নী আৰু ৭ বছৰীয়া সন্তানক এৰি আলফা শিবিৰত উপস্থিত হৈছে৷ ইপিনে শিৱসাগৰৰ পংকজ মেছেও চাহ ব্যৱসায়ৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিছিল যদিও এটা চৰকাৰী চাকৰিৰ সন্ধানত আছিল৷ আনকি কেইবাটাও বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈয়ো নিযুক্তি লাভ নকৰাত নিৰাশ হৈ পৰিছিল যুৱকজন৷ একেদৰে পাঠশালাৰ সুদক্ষ খেলুৱৈ বিভাকৰ কলিতাইয়ো দীৰ্ঘদিন চাকৰিৰ সন্ধানত থকা বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে৷ আনহাতে,১৭ এপ্ৰিলত আলফাত যোগদান কৰা শদিয়াৰ জনাৰ্দন গগৈ নামৰ কংগ্ৰেছ নেতাজনেও কৃষি বিপ্লৱৰে পৰিৱৰ্তন আনিব বিচৰা সপোনক চৰকাৰে সফল হ’বলৈ নিদিয়াৰ বিস্ফোৰক অভিযোগ আনিছে৷ আলফাৰ এটা শীৰ্ষ সূত্ৰই নিশ্চিত কৰা অনুসৰি বিগত ৭-৮ মাহত বিদ্ৰোহী সংগঠনটোত প্ৰায় ২৫০জন যুৱক-যুৱতীয়ে যোগদান কৰিছে৷ এইসকলৰ ভিতৰত আৰক্ষী জোৱান,চৰকাৰী কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈও আছে৷ অৱশ্যে আলফাত যোগদান কৰা অধিকাংশই হৈছে সংস্থাপন বিচাৰি হাবাথুৰি খোৱা একো একোজন নিবনুৱা যুৱক-যুৱতী৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ বাবে  একলাখ নিযুক্তিৰ লগতে অৰুণোদয়,এককালীন সাহায্য,জবকাৰ্ড আদি বিভিন্ন আঁচনিত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও এনে আঁচনিয়ে যেন ঢুকি পোৱা নাই এইসকল যুৱক-যুৱতীক৷ ফলত সন্মুখত অনিশ্চিত ভৱিষ্যত দেখিও বিদ্ৰোহী সংগঠনটোত যোগ দিয়াৰ বাবে ঢাপলি মেলিছে এজনৰ পাছত এজন যুৱক-যুৱতী৷ আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ পৰিৱেশ সূচনা হোৱাৰ সময়ত দলে দলে যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা কাৰ্যই চৰকাৰে যে যুৱপ্ৰজন্মক আশ্বস্ত কৰিব পৰা নাই,তাৰে যেন প্ৰতীয়মান হৈছে৷ যুৱ প্ৰজন্মৰ আলফা গমনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘আলফাত যোগ দিয়াটো সঠিক ৰাস্তা নহয়৷ এই কাৰ্যই মোক চিন্তিত কৰিছে৷ আমি যুৱকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগত আছোঁ৷ মিছা তথা আৱেগৰ বশৱৰ্তী হৈ একাংশই আলফাত যোগদান কৰিছে৷ পাছত এইসকলে আত্মসমৰ্পনো কৰে৷ সেয়েহে অভিভাৱকসকল সচেতন হ’ব লাগে৷ জীৱন ধবংস কৰাৰ কোনো যুক্তি নাই৷’ ইপিনে ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৩জন যুৱকে আলফা স্বাধীনত যোগদান কৰিছিল৷ ইয়াৰে পাঁচজন যুৱক গুৱাহাটীৰ আৰু দুজন আছিল শিৱসাগৰৰ৷ আলফা স্বাধীনত যোগদান কৰা যুৱককেইজন আছিল– তিনিচুকীয়াৰ ঋতুৰাজ গোহাঁই,পানীতোলাৰ সুভ্ৰান্ত দুৱৰা,বকোৰ অংকুৰ কলিতা,মিৰ্জাৰ দেৱাশিস দাস,আজৰাৰ মৃণ্ময় কলিতা,বেলতলাৰ হিতেশ ডেকা,গোলাঘাটৰ বীৰেন বৰা,উমেশ বৰা,চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ,বাইহাটাৰ সঞ্জীৱ শৰ্মা,শিৱসাগৰৰ ছহিদুল আহমেদ হাজিৰকা আৰু আনোৱাৰ আলি বুলি জানিব পৰা গৈছিল৷

পাঠশালাৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে আলফাত যোগদান কৰা কাৰ্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱকজনে বাগসাৰ আন এজন যুৱকৰ স’তে মিলি আলফালৈ গমন কৰাৰ খবৰ পোৱা গৈছে৷ যি সময়ত উজনি অসমৰ বহু যুৱক আলফালৈ গমন কৰিছে সেই সময়ত শিক্ষানগৰী পাঠশালাৰ এজন যুৱক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মি’ড মাৰ্চিয়েল আৰ্টৰ খেলুৱৈয়ে আলফাত যোগদান কৰা ঘটনাই পাঠশালাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জ্ঝ মাৰ্চত পাঠশালাৰ যুৱকজনে বাগছা জিলাৰ শিমলাৰ কমল শৰণীয়া নামৰ আন এজন যুৱকৰ স’তে মিলি পাঠশালাৰ পৰা প্ৰথমে তিনিচুকীয়ালৈ আৰু তাৰ পাছত আলফাত যোগদান কৰা কথা নিশ্চিত কৰিছে আৰক্ষীয়ে৷ সম্প্ৰতি একমাত্ৰ পুত্ৰ সন্তানৰ এনে কাৰ্যত ভাগি পৰিছে পৰিয়ালটো৷ কান্দি কান্দি পিতৃ আৰু ৰো¸গীয়া মাতৃয়ে নিজৰ একমাত্ৰ পুত্ৰ সন্তানক ঘূৰাই দিবলৈ আহবান জনাইছে পৰেশ বৰুৱাক৷ বিভাকৰ কলিতাৰ পিতৃয়ে ব্যক্ত কৰা অনুসৰি, মি’ড মাৰ্চিয়েল আৰ্টৰ এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে চৰকাৰী চাকৰি পাম বুলি বহু আশা কৰি বিভিন্ন চাকৰিৰ বাবে আৱেদন কৰিছিল যদিও বিভাকৰে অৱশেষত চাকৰিৰ মুখ নেদেখি হতাশ হৈ পৰিছিল আৰু খেলত মনোনিৱেশ কৰা বাদ দি পিতৃক বিভিন্ন কামত সহায় কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছতে কাৰ প্ৰলোভনত পৰি যুৱকজনে আলফালৈ গ’ল সেয়া ভাবি পোৱা নাই পৰিয়ালটোৱে৷

যুৱ কংগ্ৰেছৰ নেতা জনাদ্দৰ্ন গগৈ স্ব-গৃহ ত্যাগ কৰি আলফাত যোগদান কৰা ঘটনাৰ লগত সম্পৰ্ক থকাৰ সন্দেহেৰে শদিয়াৰ আৰক্ষীয়ে শিৱসাগৰৰ বেতবাৰী অঞ্চলৰ স্বপ্নিল বৰপাত্ৰ গোঁহাইক গ্ৰেপ্তাৰ কৰাৰ বাতৰিয়েই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই শিৱসাগৰৰ এজন যুৱক আলফাত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে৷ পোন্ধৰ দিনৰ পূৰ্বে আলফাৰ শিবিৰলৈ ধাৱমান হোৱা বুলি ধাৰণা কৰা এই যুৱকজনৰ নাম পংকজ মেচ৷ পিতৃ নৰেন মেচ৷ শিৱসাগৰ জিলাৰ গেলেকী থানাৰ অন্তৰ্গত লক্ষিমপুৰ বস্তিৰ এই যুৱকজনে চাহপাত ব্যৱসায় কৰি জীৱন নিবাৰ্হ কৰিছিল৷ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তিৰ আশাৰে এটাৰ পাছত এটাকৈ বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈও ব্যৰ্থ হোৱাত যুৱকজন নিৰাশ হৈ পৰিছিল৷ যোৱা পোন্ধৰটা দিনৰ পূৰ্বে ঘৰ ত্যাগ কৰি এই যুৱকজন আলফাত যোগদান কৰাৰ বাবে যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও নিশ্চিত তথ্য পোহৰলৈ অহা নাই৷

হয় মোৰ ল’ৰা ঘূৰাই দিয়ক,নহ’লে মাৰি পেলাওঁক৷ মাতৃৰ বুকু উদং কৰি ইমান সৰু সৰু ল’ৰাক আপুনি আলফালৈ নিছে,মোৰ পুত্ৰক লৈ গ’ল,আপোনাৰো সন্তান আছে,আপোনাৰ সন্তানক এনেদৰে যাবলৈ দিবনে আপুনি? পুত্ৰৰ বেদনাত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে দুৰ্ভগীয়া মাতৃ অনিতা গগৈয়ে৷ উল্লেখ্য,নাহৰকটীয়াৰ নেখাম বাঁহধাৰী গাঁৱৰ অনিতা গগৈ আৰু পৱিত্ৰ গগৈৰ পুত্ৰ পংকজ গগৈয়ে পৰিয়ালে অজ্ঞাতে যোগ দিলে আলফা স্বাধীনত৷ বিগত ৪ মাৰ্চত কেৰেলালৈ কৰ্মসংস্থাপনৰ বাবে যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল পংকজে৷ তাৰ পাছত নিজৰ ৯৩৬৫০-৯৮৯৫০ ম’বাইল নম্বৰেৰে পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি কেৰেলাতে কাম কৰি থকাৰ কথা জনাইছিল পংকজে৷ শেষবাৰৰ বাবে পত্নী উদ্দীপনা গগৈক ৬ এপ্ৰিলৰ দিনা ফোনত কথা পতাৰ পাছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হ’ল পংকজৰ৷ ৬ এপ্ৰিলৰ দিনা ফোনত পত্নীয়ে বিহুৰ বাবে বজাৰ-সমাৰ কৰাৰ খৰচ বিচৰাত পত্নীৰ সৈতে ফোনতে বাক-বিতণ্ডাত লিপ্ত হয় পংকজে৷ তাৰ পাছত পত্নীক হোৱাটছএপ কণ্টেক লিষ্টত ব্লক কৰি দিয়ে পংকজ গগৈয়ে৷ আনকি বিহুৰ দিনাও পৰিয়ালৰ সৈতেও কোনো যোগাযোগ কৰা নাছিল পংকজ গগৈয়ে৷ ইফালে সংবাদ মাধ্যমৰ জৰিয়তে আজি পুৱা পংকজে আলফা স্বাধীনত যোগ দিয়াৰ কথা জানিব পাৰি দিক্‌বিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ যকৃতৰ ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ পংকজে পত্নী আৰু ৭ বছৰীয়া সন্তানক এইদৰে এৰি থৈ আলফাত যোগদান কৰা কাৰ্য সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গই৷ পুত্ৰৰ বেদনাত সংবাদ মাধ্যমৰ সন্মুখত আলফা স্বাধীনৰ বিৰুদ্ধে তীব্ৰ বাক্যবানেৰে মাতৃ অনিতা গগৈয়ে হয় মোৰ ল’ৰা ঘূৰাই পঠাওক নহ’লে মাৰি পেলাওঁক বুলি  ক্ষোভ উজাৰে৷ জানিব পৰা মতে, ১৮ এপ্ৰিলৰ দিনা ম্যানমাৰ শিবিৰত উপস্থিত হৈছেগৈ পংকজ গগৈ৷