Logo
image

উচ্ছেদ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ফোন

কিন্তু পূৰ্বেই মৃত্যু হোজাইৰ ব্যৱসায়ীৰ

আমাৰ অসম, ২০ এপ্ৰিলঃ হোজাই চহৰৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ মেইন ৰোডৰ ষ্টেচনৰ গাতে লাগি থকা ভূমিত আজি ৰে’ল বিভাগ আৰু হোজাই জিলা প্ৰশাসনে কোনোধৰণৰ পূৰ্বজাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উঠিছে৷ এই উচ্ছেদক লৈ আজি হোজাই চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰে’ল বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ বুলডজাৰৰ কোব আনকি হোজাই বিজেপিৰ প্ৰথম সভাপতি প্ৰয়াত অৱণী দাসৰ পুত্ৰ পাণদোকানী অমিত দাসৰ দোকানতো পৰে৷ দোকানৰ ভিতৰত থাকোতেই অসিত দাসৰ দোকানত উচ্ছেদ চলোৱাত ব্যৱসায়ীজনে দৌৰি পলাবলৈ চেষ্টা কৰোঁতে হূদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দাসৰ আকস্মিক মৃত্যু হোৱা বুলি অভিযোগ উঠিছে৷ ততালিকে ব্যৱসায়ীজনক হাম হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ ইয়াৰ পাছতে উচ্ছেদস্থলীত ব্যৱসায়ী আৰু স্থানীয় ৰাইজে ৰে’ল বিভাগৰ ডিআৰএমৰ বিৰুদ্ধে শ্লোগান দি পুনৰ পৰিস্থিতি উত্তাল কৰি তোলে৷ কিন্তু ক্ষান্ত নহয় প্ৰশাসনৰ উচ্ছেদ অভিযান৷ পুৱাৰ পৰা ৰে’ল বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত হোজাই ৰে’ল ষ্টেচনৰ সন্মুখত থকা প্ৰায় ৬০খন ব্যৱসায়ী প্ৰতিষ্ঠান আৰু আৱসগৃহত উচ্ছেদ অভিযান চলায় ৰে’ল বিভাগৰ উচ্ছ পদস্থ বিষয়া আৰু হোজাই জিলা আৰক্ষী প্ৰশাসনৰ এটি বৃহৎ দল হোজাইৰ পুৰণা বজাৰস্থিত ৰে’ল ষ্টেচনৰ সম্মুখত উপস্থিত হয়৷ আনকি উচ্ছেদিতক কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ কথাও জিলা প্ৰশাসনৰ ফালৰ পৰা নস্যাৎ কৰে৷  উচ্ছেদস্থলীৰ পৰাই ৰাজ্যৰ  মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰে’ল বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদ চলোৱা  বন্ধ কৰাৰ কাকূতি মিনতি কৰি বাৰ্তালাপ কৰে প্ৰয়াত ব্যৱসায়ী অমিত দাসৰ ভ্ৰাতৃ আন এজন ব্যৱসায়ী অসিত দাসে৷ মুখ্যমন্ত্ৰী ততালিকে উচ্ছেদ কাৰ্যত জড়িত থকা ৰে’ল বিভাগৰ উধৰ্তন আৰক্ষী বিষয়াক কিয় জাননী নিদিয়াকৈ উচ্ছেদ চলাই আছে বুলি প্ৰশ্ন কৰাৰ লগতে ব্যৱসায়ীসকলক সময় দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে সকলো কাম আইন মানি চলাবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে,অসিত দাসৰ ককাই অসিত দাসৰ উচ্ছেদ অভিযানৰ সময়ত মৃত্যু হোৱাৰ বাবে এফ আই আৰ দিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে বুলি অমিত দাসে সাংবাদিকৰ আগত কয়৷ মুখ্যমন্ত্ৰীৰ লগত উচ্ছেদস্থলীৰ পৰা বাৰ্তালাপৰ পছতেই লগে লগে বন্ধ হৈ পৰে জিলা প্ৰশাসন আৰু ৰে’ল বিভাগৰ উচ্ছেদ অভিযান৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে হোজাইৰ মেইন ৰোডৰ ষ্টেচনৰ গাতে লাগি থকা ভূমিক কেন্দ্ৰ কৰি ৰে’ল বিভাগ আৰু শতাধিক ব্যৱসায়ীৰ মাজত গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী যুঁজ চলি আছিল৷ দহ বছৰৰো অধিককাল এই আইনী যুঁজ চলি আছিল৷ ইয়াৰ মাজতেই যোৱা এক সপ্তাহমান পূৰ্বে ন্যায়ালয়ে ব্যৱসায়ীসকলে প্ৰায় সত্তৰ বছৰ অধিক সময় ধৰি চলাই অহা ব্যৱসায় প্ৰতিষ্ঠানৰ মাটি ৰে’ল বিভাগৰ বুলি ৰায় দিয়াৰ লগতে ১৯৭১ চনৰ আইন মানি ৰাজ্য চৰকাৰে ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে উচ্ছেদ চলোৱাৰো নিৰ্দেশ দিয়ে৷ সেই নিৰ্দেশ মতে ব্যৱসায়ীসকলৰ লগত কোনোধৰণৰ আলোচনা নকৰাৰ লগতে সকলো ব্যৱসায়িক উচ্ছেদ কৰাৰ জাননী নিদি আজি উচ্ছেদ কৰিবলৈ অহাক লৈ সৃষ্টি হয় উত্তেজনা৷ ৰে’ল বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদিত ব্যৱসায়ীসকলৰ কোনো কথাৰ গুৰুত্ব নিদি একপক্ষীয়ভাৱে উৰণীয়া সেতু নিৰ্মাণৰ নামত উচ্ছেদ অভিযান চলায় ৰে’লবিভাগে৷ প্ৰশাসনৰ বুলডজাৰ চলিল ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাস গৃহৰ ওপৰত৷