Logo
image

সলনি হৈছে বেংকৰ সময়

আমাৰ অসম,২০ এপ্ৰিলঃ বেংকৰ গ্ৰাহকসকলৰ বাবে সুখবৰ৷ এতিয়াৰ পৰা বেংকৰ কাম-কাজ সম্পন্ন কৰিবলৈ গ্ৰাহকসকলে লাভ কৰিব ৰ ঘণ্টা অধিক সময়৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই [আৰবিআই]সদৰি কৰা অনুসৰি এতিয়াৰ পৰা সকলো বেংক পুৱা ৯ বজাত খুলিব৷ উল্লেখ্য, দেশত কৰ’নাকালীন পৰিস্থিতিৰ বাবে বেংকসমূহ খোলাৰ সময় সলনি কৰিছিল৷ সেইমৰ্মে বেংকসমূহ ১০ বজাত খুলিছিল৷ বৰ্তমান কৰ’নাৰ প্ৰকোপ শাম কটাত বেংকসমূহ পুনৰ ৯ বজাত খুলিব বুলি আৰবিআইয়ে ঘোষণা কৰিছে৷ বেংক খোলাৰ সময়ৰ পৰিৱৰ্তন হ’লেও বেংক বন্ধ কৰা সময়ৰ পৰিৱৰ্তন হোৱা নাই৷ সেইমৰ্মে বেংকসমূহ পূৰ্বৰ দৰে ৫ বজাতেই বন্ধ হ’ব৷ আৰবিআইৰ অধীনস্থ ষ্টেট বেংকসহ ৭টা চৰকাৰী আৰু ২০টা বেচৰকাৰী বেংকত এই নতুন সময় কাৰ্যকৰী হ’ব৷ আনহাতে,আৰবিআইয়ে সদৰি কৰা অনুসৰি দেশত এটিএম কাৰ্ড অবিহনে এটিএমৰ পৰা ধন উলিয়াব পৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ গ্ৰাহকক অতি সোনকালে ইউপিআইৰ দ্বাৰা বেংক আৰু এটিএমৰ পৰা ধন উলিয়াব পৰা সুবিধা প্ৰদান কৰিব আৰবিআইয়ে৷ কাৰ্ডলেছ ট্ৰেনজেকশ্বনত এটিএম পিনৰ সলনি মোবাইল পিন ব্যৱহাৰ হ’ব৷ ফলত এটিএমত সংঘটিত হ’ব পৰা যিকোনো প্ৰবঞ্চনা ৰোধ কৰাত কিছু হ’লেও সফলতা লাভ কৰিব বুলি আৰবিআইয়ে আশা প্ৰকাশ কৰিছে৷