Logo
image

কংগ্ৰেছ আৰু তৃণমূলৰ পাৰ্থক্য নাই

ৰিপুণ বৰা

আমাৰ অসম,২০ এপ্ৰিলঃ নতুন পেকেজেৰ অসমত আত্মপ্ৰকাশ ঘটিব তৃণমূল কংগ্ৰেছৰ৷ অসমত তৃণমূল কংগ্ৰেছৰ নাম হব ‘অসম তৃণমূল কংগ্ৰেছ৷ আজি নতুন দিল্লীত এই কথা ঘোষণা কৰিছে সদ্য কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই৷ তৃণমূল কংগ্ৰেছৰ দিল্লীস্থ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বৰাই নিজকে আজিৰ দিনতো এজন প্ৰকৃত কংগ্ৰেছী হিচাপে চিহ্নিত কৰি কয় যে তৃণমূল কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মাজত নীতিগতভাৱে কোনো পাৰ্থক্য নাই৷ পূৰ্বতে তেওঁ কেৱল কংগ্ৰেছী আছিল আৰু এতিয়া তেওঁ তৃণমূল কংগ্ৰেছী৷ বিজেপিৰ নিচিনা সাম্প্ৰদায়িক তথা ফেচিবাদী শক্তিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সমগ্ৰ দেশত কংগ্ৰেছৰ স্থিতি এতিয়া দুৰ্বল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কেৱল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছেই প্ৰত্যাহ্বান জনাব পাৰে৷ সেয়েহে তেওঁ নিজৰ নেত্ৰী সলনি কৰা বুলি বৰাই মন্তব্য কৰে৷ প্ৰদেশ কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিবৰ্তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিতিৰালি স্থাপন কৰি আহিছে৷ সেয়েহে আদৰ্শগতভাৱে কংগ্ৰেছ ত্যাগ নকৰিলেও কৌশলগতভাৱে বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ শিবিৰ পৰিবৰ্তন কৰা বুলি সংবাদমেলত যুক্তি দাঙি ধৰে৷ আনকি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ছোনিয়া গান্ধী কিম্বা ৰাহুল গান্ধীৰ বিৰুদ্ধেও তেওঁৰ কোনো অভাযোগ নাই বুলি বৰাই মত ব্যক্ত কৰে৷ তেওঁ যে ক্ষমতাৰ লোভত দল সলনি কৰা নাই সেই কথাও তেওঁ সংবাদমেলত জনাই দি কয় যে ক্ষমতাৰ লোভত যদি তেওঁ দল সলনি কৰিবলগীয়াহেঁতেন তেনেহ’লে বিজেপিতহে যোগদান কৰিলে হেতেন৷ আনহাতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব তেওঁক দিয়া হব নেকি,ৰাজ্যসভাত তৃণমূল কংগ্ৰেছে তেওঁক পঠাব নেকি— সাংবাদিকৰ এইবোৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমত তৃণমূল কংগ্ৰেছৰ সাংগঠিনক ভেটী প্ৰস্তুত কৰাটোয়ে হৈছে এই মুহূৰ্তত তেওঁৰ অন্যতম লক্ষ্য৷ নতুন দলটোয়ে তেওঁক যি দায়িত্বই নিদিয়ে কিয় সেয়া তেওঁ পালন কৰিব৷ অনাগত দিনত তেওঁ ৰাজ্যৰ বিভিন্ন সামাজিক দল সংগঠনৰ লগতে বুদ্ধিজীৱীসকলৰ সৈতেও আলোচনাত মিলিত হব আৰু সকলোৰে মতামত গ্ৰহণ কৰিব৷ লক্ষ্যনীয়ভাৱে সংবাদমেলত যোৱা বছৰ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ যোগদান কৰা বৰাকৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱও উপস্থিত আছিল৷ ৰিপুণ বৰাক অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব দিয়া হব নে নাই এই প্ৰসংগত দেবে কয় যে বৰা এগৰাকী অত্যন্ত পৰিশ্ৰমী ব্যক্তি,প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ এদিনৰ বাবেও ঘৰত বহি থকা নাছিল৷ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেত্ৰী হিচাপে মমতা বেনাৰ্জীয়েও পৰিশ্ৰমী লোকসকলক সদায় মৰ্যাদা প্ৰদান কৰি আহিছে৷ সেয়েহে অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্ব যে ৰিপুণ বৰাকেই প্ৰদান কৰা হব সেই ইংগিত সুস্মিতা দেৱে আজিৰ সংবাদমেলত প্ৰদান কৰে৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ তৃণমূল কংগ্ৰেছ তথা নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি কয় যে কংগ্ৰেছত থকাৰ সময়ৰ পৰাই তেওঁ সংবিধানবিৰোধী এই আইনখনৰ বিৰোধীতা কৰি আহিছিল৷ ধৰ্মৰ আধাৰত আমাৰ দেশত নাগৰিকত্ব প্ৰদানৰ কোনো দিহা নাই বুলি সুস্মিতা দেৱে আজি স্পষ্ট কৰি দি কয় যে নাগৰিকপঞ্জীৰ ক্ষেত্ৰতো তৃণমূল কংগ্ৰেছ তথা তেওঁৰ বক্তব্য হৈছে— ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰা ব্যক্তিসকলক বাংলাদেশলৈ প্ৰেৰণ কৰা হব নে তেওঁলোকৰ বাবে কি ব্যৱস্থা কৰা হব সেয়াই তেওঁ বাৰম্বাৰ উত্থাপন কৰি আহিছিল৷ লক্ষ্যনীয়ভাৱে ৰিপুণ বৰাও সুস্মিতা দেৱৰ এই স্থিতিক সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়৷