Logo
image

কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত তৃতীয় লিংগৰ চাহ দোকান মুকলি

আমাৰ অসম, ২০ এপ্ৰিলঃ তৃতীয় লিংগৰ ব্যক্তিসকলৰ সামাজিক সমতা স্থাপনৰ অংশ হিচাপে কামৰূপ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত তৃতীয় লিংগৰ দ্বাৰা সম্পূৰ্ণভাৱে পৰিচালিত চাহৰ দোকান [টি ষ্টল] এখন আনুষ্ঠানিকভাবে মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে৷ অসমত এনেধৰণৰ প্ৰথমখন চাহৰ দোকান জিলা উপায়ুক্তজনে সদৌ অসম কিন্নৰ সংস্থাৰ প্ৰতিষ্ঠাপক স্বাতি বিধান বৰুৱা,সংস্থাৰ অন্যতম সদস্যবৃন্দ ক্ৰমে ছোনিয়া কিন্নৰ,কাজুলী কিন্নৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতত মুকলি কৰা হয়৷ উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে সৰ্বপ্ৰথম কিন্নৰৰ দ্বাৰা পৰিচালিত এনে চাহৰ দোকান সদৌ অসম কিন্নৰ সংস্থাই কামৰূপ জিলা প্ৰশাসনৰ সহযোগত মুকলি কৰিছে৷ ইয়াৰ দ্বাৰা কিন্নৰ ব্যক্তিসকলক ব্যাৱসায়ৰ অভিজ্ঞতা,গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা,দক্ষতা আহৰণৰ জৰিয়তে সমাজলৈ ইতিবাচক বৰঙণি যোগোৱা ইত্যাদি লক্ষ্য লোৱা হৈছে৷ কিন্নৰসকলৰ এনে ইতিবাচক উদ্যোগক স্বাগতম জনাই জিলা উপায়ুক্তই এই উদ্যোগে আৰু অধিক কিন্নৰ ব্যাক্তিক এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণত বিশেষ ভূমিকা লঅব বুলি মন্তব্য কৰে৷