Logo
image

এছপি ছাৰ, ডিটিঅ’ ছাৰ! এওঁলোকে হেলমেট পিন্ধা নাই, কিবা কৰক

যান-বাহন আইনক বুঢ়া আঙুলি নেতা-মন্ত্ৰীৰ

আমাৰ অসম, ২১ এপ্ৰিলঃ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে বাইক-স্কুটী চালকসকলে এতিয়া যেন চৰকাৰক জৰিমনা দি দি ভাগৰি পৰিছে৷ কিয়নো দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে কোনো এজনেও যদিহে ভুলতে হেলমেট অবিহনে যাত্ৰা কৰিছে,তেনেহ’লে পাছ মুহূৰ্ততেই মোবাইলত জৰিমনাৰ মেছেজ লাভ কৰাটো খাটাং৷ বিশেষকৈ গুৱাহাটী মহানগৰীৰ ৰাজপথত প্ৰতিখন বাইক-স্কুটীৰ গৰাকীয়েই নিজৰ লগতে আৰোহীজনৰ বাবেও অতিৰিক্তভাৱে এটা হেলমেট লগত লৈহে বাহন চলোৱাৰ দৃশ্য সুলভ হৈ পৰিছে৷ কিয়নো কোনো মুহূৰ্তত ৰাজপথত পৰিবহণ বিভাগৰ এনফ’ৰ্চমেণ্ট বিষয়া আৰু যান-বাহন আৰক্ষীৰ শেনচকু পৰে তাৰ যেন কোনো নিশ্চয়তা নাই৷ যদিও হেলমেট পিন্ধাৰ বিষয়টোত চালক-আৰোহীৰ ব্যক্তিগত লাভালাভ জড়িত তৎসত্ত্বেও হেলমেট অবিহনে গুৱাহাটী ৰাজপথত দুচকীয়া বাহন চলোৱাটো সাধাৰণ নাগৰিকৰ বাবে দুঃসাহসৰ দৰে হৈ পৰিছে৷ লক্ষণীয়ভাৱে চালক-আৰোহীয়ে হেলমেট পিন্ধি বাইক-স্কুটীত যাত্ৰা কৰাৰ বাবে চেলিব্ৰেটি পৰিবহণ বিষয়া হিচাপে পৰিচিত গৌতম দাসে সজাগতামূলক প্ৰচাৰ চলোৱাতে ক্ষান্ত নাথাকি মাজে-সময়ে বিভাগীয় মন্ত্ৰীজনকো একাষৰীয়া কৰি একাংশ অনুষ্ঠানত পৰিবহণ বিভাগৰ হৈ পথ সুৰক্ষাৰ চৰকাৰী ধন ব্যয় কৰাৰো অভিযোগ আছে৷ পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে গুৱাহাটীৰ ৰাজপথত হেলমেট নিপিন্ধা সাধাৰণ চালক-আৰোহীক ২,০০০ টকা জৰিমনা বিহি ত্ৰাসৰ সৃষ্টি কৰিলেও ৰজাঘৰীয়া মানুহ হ’লে আইন ভংগ কৰিলেও ভিজা মেকুৰীৰ ভূমিকাহে লোৱা দেখা যায় পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীক৷ কিয়নো বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন প্ৰচাৰৰ অন্তিম দিনটোত শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কৰ পৰা সমৰ্থনক লৈ অধিকাংশই দুচকীয়া বাহনত হেলমেট অবিহনে প্ৰচাৰ ৰেলীত ভাগ লোৱা দেখা গ’ল৷ নিৰ্বাচনী প্ৰচাৰ ৰেলীত হেলমেট নিপিন্ধাকৈ বাইক চলোৱা ৰাজনৈতিক নেতাসকলৰ ভিতৰত অন্যতম আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰী অশোক সিংঘালক৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকো হেলমেট অবিহনে বেপেৰুৱাকৈ দুচকীয়া বাহনত চফৰ কৰা দেখা গ’ল৷ যান-বাহন আইন ভংগ কৰি হেলমেট অবিহনে বিজেপি বিধায়ক দিগন্ত কলিতা,জিতু গোস্বামী আৰু হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্তয়ো বাইক-স্কুটীত আৰক্ষীৰ চকুৰ সন্মুখতে নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ ল’লে৷ কেৱল শাসক পক্ষই নহয়,বিৰোধী আম আদমী পাৰ্টী,আৰু কংগ্ৰেছৰ নেতা-সমৰ্থকেও অতি বেপৰোৱাভাৱে যান-বাহন আইন ভংগ কৰি বুধবাৰে প্ৰচাৰ ৰেলীত অংশ লোৱা দেখা গ’ল৷ যান-বাহন আইন ভংগ কৰাৰ লগাত যান-জঁট সৃষ্টি কৰি ৰাইজক দুৰ্ভোগ ভোগাই যদিও এনে নেতাসকলৰ বিৰুদ্ধেও আৰক্ষী-প্ৰশাসনে মৌন ব্ৰতহে পালন কৰিলে৷ নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত নেতাসকলে আইন ভংগ কৰি হেলমেট নিপিন্ধাকৈ বাইক ৰেলীত অংশ ল’লেও পৰিবহণ বিষয়া গৌতম দাস,হিমাংশু দাস আৰু ৰফিকুল ইছলাম এণ্ড কোম্পানীৰ লগতে গুৱাহাটীৰ আৰক্ষীৰ যান-বাহন আৰক্ষীয়েও জৰিমনা বিহিবলৈ সাহস নকৰিলে৷ শাসক-বিৰোধীৰ এইসকল নেতাই নিৰ্বাচনী প্ৰচাৰ ৰেলীৰ নামত হেলমেট অবিহনে দুচকীয়া বাহনত যাত্ৰা কৰাই নহয়,দায়িত্বশীল মন্ত্ৰী-বিধায়কসকলেই ৰেলীৰ নামত ৰাজপথত ব্যাপক যান-জঁটৰ সৃষ্টি কৰি মহানগৰবাসীক হাৰাশাস্তি কৰাও দেখা যায়৷ ফলত সামাজিক মাধ্যমত বিভিন্নজনে মন্ত্ৰী-বিধায়কসকলৰ ফটো শ্বেয়াৰ কৰি হেমলটে ক’ত বুলিও প্ৰশ্ন কৰাৰ লগতে গুৱাহাটী আৰক্ষী আৰু পৰিবহণ বিষয়াক ব্যৱস্থা ল’বলৈ আহ৩ান জনোৱা দেখা গ’ল৷ ইপিনে মহানগৰীৰ এবিচি ট্ৰেফিক পইণ্টত দুজনমান যুৱকে বিজেপি নেতাই হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱা কাৰ্যৰ বাবে  কৰ্তব্যৰত যান-বাহন আৰক্ষীক জৰিমনা কিয় বিহা নাই বুলি প্ৰশ্নই কৰা পৰিলক্ষিত হয়৷ আ(ৰ্যজনক বিষয়টো হৈছে বুধবাৰে দুপৰীয়া যি সময়ত বিজেপিৰ নেতা-মন্ত্ৰীসকলে হেলমেট নিপিন্ধাকৈ বাইক ৰেলী উলিয়াইছি, ঠিক সেই সময়তে চেলিব্ৰেটি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে মহানগৰীৰ বিলাসী চেণ্ট্ৰেল মলত এফ এম চেনেল ৰেডিঅ’মিৰ্ছিৰ বিহুতলীত দুচকীয়া বাহনৰ চালক-আৰোহীক হেলমেট অবিহনে যাত্ৰা নকৰিবলৈ সজাগতামূলক ভাষণৰ ফুলজাৰি মৰাতহে ব্যস্ত থকাহে দেখা গৈছিল৷ পৰিবহণ বিষয়াজনৰ লগতে যান-বাহন আৰক্ষীয়ে ৰাজপথত বিজেপি নেতাসকলক আইন ভংগ কৰাৰ অপৰাধত জৰিমনা বিহি দৃষ্টান্ত দাঙি ধৰিব লাগিছিল যদিও চকু মুদাৰ কুলিৰ ভাৱত শ্বপিং মলৰ ভিতৰতহে পথ সজাগতাৰ প্ৰচাৰ চলাই ফটা-ঢোল কোবোৱা দেখা গ’ল৷ ৰাজপথত অপাৰেচন ছাৰখাৰ,অপাৰেচন অলআউট,অপাৰেচন অলক্লিয়াৰৰ নামত জনসাধাৰণৰ পৰা জোৰ-জুলুমকৈ ১০০০ কোটি টকা কৰ সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰ ওচৰত বাঃ বাঃ লোৱা পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এতিয়া আইন ভংগকাৰী সতীৰ্থ মন্ত্ৰী-বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বনে সেয়া সময়েহে ক’ব৷ লক্ষণীয়ভাৱে দুদিন পূৰ্বে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাইও গাড়ীগাঁৱত নিৰ্বাচনী প্ৰচাৰত হেলমেট অবিহনে বেপেৰুৱাকৈ বাইক চলাই ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ অৱশ্যে এই সমালোচনাৰ পাছতেই সংবাদ মাধ্যমৰ আগত নিজৰ দোষ স্বীকাৰ কৰি মন্ত্ৰী অতুল বৰাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈও বাধ্য হৈছিল৷ স্বাভাৱিকতেই এতিয়া বিজেপিৰ লগতে বিৰোধী দলৰ দায়বদ্ধ মন্ত্ৰী-বিধায়কসকলে হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলাই যুৱপ্ৰজন্মক আইন ভংগ কৰিবলৈ উৎসাহিত কৰাই নহয়,দুৰ্ঘটনাজনিত কাৰণত মৃত্যুমুখলৈ ঠেলি দিবলৈ উছটনি দিয়া বুলিহে অভিযোগ উঠিছে৷