স্থগিতাদেশ সত্ত্বেও উচ্ছেদ, তোলপাৰ দিল্লী
হনুমান জয়ন্তীৰ সংঘাতৰ প্ৰতিশোধ?
আমাৰ অসম,২১ এপ্ৰিলঃ যোৱা শনিবাৰে হনুমান জয়ন্তীৰ শোভাযাত্ৰাত দিল্লীৰ যি স্থানত একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছিল সেই জাহাংগীৰপুৰীত ঘটনাৰ ৪ দিন পাছতে আজি দিল্লী পৌৰ নিগমে বুলডজাৰ চলাই মোহাৰি পেলালে বহু দোকান আৰু স্থায়ী ঘৰ৷ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ দুঘণ্টা পিছলৈকে পৌৰনিগমৰ বুলডজাৰে ধবংসলীলা চলাই গ’ল আৰু বাঁওপন্থী নেত্ৰী বৃন্দা কাৰাটে হাতত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ নিৰ্দেশৰ প্ৰতিলিপি লৈ ঘটনাস্থলত উপস্থিত হোৱাৰ পাছতহে বুলডজাৰৰ চকা স্তব্ধ হ’ল৷ তেতিয়া দিল্লী পৌৰ নিগমৰ বুলডজাৰ আৰু এস্কেভেটৰে ভাঙি আছিল সেই বিশেষ মছজিদটোৰ দুৱাৰমুখত থকা একাংশ বৈধ-অবৈধ দোকান, যিটো মছজিদৰ পৰা শনিবাৰে হনুমান জয়ন্তীৰ শোভাযাত্ৰালৈ শিলগুটি নিক্ষেপ কৰা হৈছিল৷ সদ্যহতে চৰ্চাত থকা জাহাংগীৰপুৰীত এই উচ্ছেদ অভিযান চলিছিল দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাৰ লিখিত অভিযোগৰ ভিত্তিত৷ মঙলবাৰে দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাই কৈছিল,হনুমান জয়ন্তীৰ শোভাযাত্ৰালৈ শিলগুটি নিক্ষেপ কৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰা দিল্লীৰ জাহাংগীৰপুৰীত বহু অবৈধভাৱে নিৰ্মিত দোকান আৰু বাসগৃহ আছে৷ তাৰ পৰা সকলো অবৈধ আবাসীক তৎকালে উচ্ছেদ কৰা হ’ব৷ আদেশ গুপ্তাৰ এই ৰাজহুৱা ভাবুকিৰ ২৪ ঘণ্টা অতিক্ৰম নৌহওঁতেই বুধবাৰে পুৱাই জাহাংগীৰপুৰীত দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাৰ আবেদনৰ ভিত্তিত বুলডজাৰ চলিল আৰু এপিনৰ পৰা ধবংস কৰা হ’ল বৈধ-অবৈধ দোকান তথা বাসগৃহ৷ জাহাংগীৰপুৰীত যেতিয়া বিজেপিৰ নেতা আদেশৰ নিৰ্দেশত বুলডজাৰ চলি আছিল তেতিয়াই আদেশ গুপ্তা,বিজেপিৰ সাংসদ ৰমেশ বিধুৰী,বিধায়ক ৰামবীৰ বিধুৰী আৰু দিল্লী বিজেপিৰ নেতা মনিন্দৰ সিং ছিৰছাই গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ কাৰ্যালয়ত সাক্ষাত কৰি জাহাংগীৰপুৰীৰ উচ্ছেদ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত ‘তাজা খবৰ’যোগান ধৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনা সন্দৰ্ভত দিল্লী বিজেপিৰ নেতা কেইজনৰ সৈতে ৰঘণ্টাৰো অধিক সময় আলোচনা কৰে৷ অৱশ্যে তেওঁলোকে কি আলোচনা কৰিলে সেই বিষয়ে ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে আদেশ গুপ্তাই৷ উচ্চতম ন্যায়ালয়ে দিনৰ ১০.৫৮ বজাত জাহাংগীৰপুৰীৰ উচ্ছেদ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে যদিও সৰ্বোচ্চ আদালতৰ নিৰ্দেশ নোপোৱাৰ বাবে উত্তৰ দিল্লী পৌৰ নিগমে উচ্ছেদ কাৰ্য বন্ধ কৰিবলৈ অস্বীকাৰ কৰে৷ মেয়ৰ ৰাজা ইকবাল সিঙে কয়,তেওঁলোকৰ হাতত উচ্ছেদ বন্ধৰ কোনো আদালতৰ নিৰ্দেশ আহি পৰা নাই৷ সেয়ে অবৈধ উচ্ছেদ অব্যাহত থাকিব৷ অধিবক্তা দুষ্ম্যন্ত ডাভেই সেই কথা মুখ্য ন্যায়াধীশক অৱগত কৰে আৰু মুখ্য ন্যায়াধীশ এন ভি ৰামাল্লাই দ্বিতীয়বাৰৰ বাবে বিষয়টোত হস্তক্ষেপ কৰি পঞ্জীয়কক টেলিফোনত উত্তৰ দিল্লী পৌৰ নিগম,দিল্লী আৰক্ষীকে ধৰি সংশ্লিষ্ট বিভাগক স্থগিতাদেশৰ বিষয়ে জনাবলৈ নিৰ্দেশ দিয়ে আৰু ইমেইলৰ জৰিয়তে নিৰ্দেশ প্ৰেৰণ কৰে৷ তথাপি পৌৰ নিগমৰ উচ্ছেদ অব্যাহত থাকে আৰু জাহাংগীৰপুৰী অঞ্চলত উত্তেজনা বাঢ়িবলৈ ধৰে৷ ইতিমধ্যে উচ্ছেদ কাৰ্যৰ কেইবাঘণ্টাও পাৰ হৈছিল আৰু জ্ঝখন বুলডজাৰে প্ত শতাধিক আৰক্ষী বাহিনীৰ পহৰাৰ মাজত উচ্ছেদ চলাই গৈছিল৷ বুলডজাৰে ভাঙি যোৱা দোকান-ঘৰৰ মাজত ১৯৭৭ চনতে দিল্লী পৌৰ নিগমে অনুমতি প্ৰদান কৰা দোকান, ঘৰো আছিল৷ তেনে সময়তে হাতত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতিলিপি লৈ বুলডজাৰৰ সন্মুখত থিয় দিয়ে চিপিএম নেত্ৰী বৃন্দা কাৰাট৷ তেওঁ উচ্ছেদকাৰীৰ সৈতে তৰ্কত লিপ্ত হয় আৰু উচ্ছেদ অভিযান বন্ধ কৰিবলৈ আহ্বান জনায়৷ বৃন্দা কাৰাটে স্থগিতাদেশৰ প্ৰতিলিপি দেখুওৱাৰ পাছতো দুঘণ্টা ধৰি উচ্ছেদ অভিযান অব্যাহত থাকে৷ অৱশেষত সৰ্বোচ্ছ আদালতৰ দ্বিতীয়বাৰৰ হস্তক্ষেপ আৰু বৃন্দা কাৰাটৰ সবল প্ৰতিবাদত উচ্ছেদ বন্ধ হয়৷ উচ্ছতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই বিষয়ত জৰুৰীভাৱে শুনানি গ্ৰহণ কৰিব৷ যোৱা শনিবাৰে এই জাহাংগীৰপুৰীতে হনুমান জয়ন্তীৰ শোভাযাত্ৰালৈ এটা মছজিদৰ সন্মুখৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ ফলত শোভাযাত্ৰাকাৰী আৰু দুষ্কৃতিকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ পাছলৈ এই সংঘৰ্ষই সাম্প্ৰদায়িক হিংসাৰ ৰূপ লয়৷ উভয় পক্ষৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়৷ আৰক্ষীয়ে শোভাযাত্ৰাকাৰীলৈ শিলগুটি নিক্ষেপ কৰা আৰু হিংসা বিয়পোৱা ২৫ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ কোৱা বাহুল্য মাথোঁ হিন্দু ধৰ্মাৱলম্বীৰ সেই ধৰ্মীয় শোভাযাত্ৰা বিঘ্নিত কৰি হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰা প্ৰত্যেক দুষ্কৃতিকাৰীয়েই হৈছে জাহাংগীৰপুৰীত বাস কৰা মুছলিম যুৱক৷ অৱশ্যে দেশৰ আন আন ঠাইৰ পৰা যোৱা মুছলিম দুষ্কৃতিকাৰীয়ে সেই হিংসা বিয়পোৱাত অৰিহণা যোগাইছিল৷ আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰিলেও অঞ্চলটোত উত্তেজনা অব্যাহত আছিল৷ দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাই মঙলবাৰে উত্তৰ দিল্লী পৌৰ নিগমলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছিল যে হনুমান জয়ন্তীৰ শোভাযাত্ৰাত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা একাংশই জাহাংগীৰপুৰীত অবৈধভাৱে বাস কৰি আছে আৰু দোকান-পোহাৰ দি পথ বন্ধ কৰি ৰাখিছে৷ সেয়ে অবিলম্বে তেওঁলোকক উচ্ছেদ কৰিব লাগে৷ বুধবাৰে প্ৰশাসনৰ তাৎক্ষণিক পদক্ষেপত চলা উচ্ছেদ অভিযান এটা বিশেষ ধৰ্মৰ লোকৰ প্ৰতি লক্ষ্য কৰি লৈ চলোৱা বুলি জাহাংগীৰপুৰীবাসীয়ে অভিযোগ কৰিছে৷ এয়া হনুমান জয়ন্তীৰ শোভাযাত্ৰাত ঘটা ঘটনাৰ বিৰুদ্ধে চৰকাৰৰ প্ৰতিশোধ বুলিও একাংশই মন্তব্য কৰিছে৷