Logo
image

‘লিভ-ইন’ সম্পৰ্ক অভিশাপ

মধ্য প্ৰদেশ উচ্ছ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

আমাৰ অসম,২১ এপ্ৰিলঃ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে মঙলবাৰে এটা গুৰুত্বপূৰ্ণ ৰায় দি ‘লিভ-ইন’ সম্পৰ্কক ‘অভিশাপ’বুলি অভিহিত কৰে৷ এটা যৌন উৎপীড়নৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লিভ-ইন সম্পৰ্কক সমাজৰ বাবে বোজা বুলি কয়৷ লিভ-ইন সম্পৰ্কই যৌন অপৰাধ বৃদ্ধি কৰাৰ লগতে সমাজিক বিকৃতিকো অধিক প্ৰেৰণা যোগোৱা বুলিও মন্তব্য কৰে ন্যায়ালয়ে৷ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ পীঠৰ ন্যায়াধীশ সুবোধ অভ্যংকৰে গোচৰটোৰ চূড়ান্ত ৰায় দিয়ে মঙলবাৰে৷ ন্যায়াধীশ অভ্যংকৰে খেদ প্ৰকাশ কৰে যে লিভ-ইন সম্পৰ্কই সমাজৰ লোকাচাৰ,ৰীতি আদিলৈ ভাবুকি অনাৰ লগতে ব্যভিচাৰো বৃদ্ধি কৰিছে৷ লিভ-ইন সম্পৰ্কত থকা এগৰাকী যুৱতীক ধাৰাবাহিকভাৱে বলাৎকাৰ কৰা,তেওঁৰ অনুমতি অবিহনে বলপূৰ্বকভাৱে গৰ্ভপাত কৰোৱা,হত্যাৰ ভাবুকি দিয়া সম্পৰ্কীয় এটা গোচৰ তৰা হৈছিল মধ্য প্ৰদেশ উচ্ছ ন্যায়ালয়ৰ ইন্দোৰ পীঠত৷ ২৫ বছৰীয়া অভিযুক্তজনে উক্ত যুৱতীগৰাকীৰ সৈতে লিভ-ইন সম্পৰ্কৰে বাস কৰাৰ সময়তে এনে অপৰাধ সংঘটিত কৰিছিল৷ তিনিবাৰ বলপূৰ্বক গৰ্ভপাত কৰিবলৈ বাধ্য কৰোৱা যুৱজকজনে আনকি লিভ-ইন সম্পৰ্ক ভংগ হোৱাৰ পাছত বেলেগ পুৰুষৰ সৈতে বিবাহ হোৱা যুৱতীগৰাকীৰ সংসাৰো ভাঙিছিল৷ গতিকে যুৱকজনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল যুৱতীগৰাকীয়ে৷ এতিয়া অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে উচ্ছ ন্যায়ালয়ে৷