Logo
image

নয়দাৰ ৬০০ মন্দিৰ,২৬৫টা মছজিদলৈ জাননী

ধৰ্মীয় স্থানৰ লাউডস্পীকাৰক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশনা

আমাৰ ,২১ এপ্ৰিলঃ এতিয়াৰে পৰা উত্তৰ প্ৰদেশৰ ধৰ্মীয় স্থানত লউডস্পীকাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব৷ ৰাজ্যখনৰ ধৰ্মীয় স্থানত লাউডস্পীকাৰ নিয়ন্ত্ৰণৰ বাবে ব্যাপক দাবী উঠি অহাৰ সময়তে মঙলবাৰে যোগী চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে৷ এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো মছজিদ,মন্দিৰ,বিবাহ ভৱন আদিত উচ্চস্বৰত কোনোধৰণৰ আজান,ধৰ্মীয় গীত বা ডিজে বাজিব নোৱাৰিব৷ এইবোৰ নিম্নস্বৰত বজাবলৈ নিৰ্দেশ দিয়া হৈছে,যাতে শব্দ প্ৰদূষণ নহয়৷ চৰকাৰৰ এই নিৰ্দেশৰ পাছতে নয়দাৰ প্ৰশাসনে ৬০০টা মন্দিৰ,২৬৫টা মছজিদ আৰু ২০০টা বিবাহ ভৱনলৈ জাননী জাৰি কৰে৷ লগতে ১৭০জন ডিজে সঞ্চালকলৈও এনে জাননী প্ৰেৰণ কৰা হয়৷ যদিহে কোনোৱে চৰকাৰৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা মানি নচলে,তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ যোগী চৰকাৰে মঙলবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ মন্দিৰ,মছজিদ,বিবাহ ভৱনত মাইক আৰু ছাউণ্ড ছিষ্টেম ব্যৱহাৰত কোনো বাধা নাই,কিন্তু উচ্ছস্বৰত নহয়৷ শব্দ যাতে বাহিৰলৈ যাব নোৱাৰে,আনৰ কাণক আঘাত কৰিব নোৱাৰে,তালৈ লক্ষ্য ৰাখিব লাগিব৷ শোভাযাত্ৰা বা ধৰ্মীয় সমদল উলিয়াবলৈ হ’লেও চৰকাৰৰ অনুমতি ল’ব লাগিব আৰু ইয়াত উচ্চস্বৰৰ ডিজে সংগীত বা মাইক বজাব নোৱাৰিব৷ থানাৰ ইনচাৰ্জৰ পৰা আৰম্ভ কৰি অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে এই সন্দৰ্ভত ধৰ্মীয় গুৰুসকলৰ সৈতে আলোচনা কৰিব৷