Logo
image

এছ জয়শংকৰক প্ৰকৃত ‘দেশভক্ত’ আখ্যা

ভাৰতৰ বিদেশ নীতিত মুগ্ধ ৰাছিয়া

আমাৰ অসম,২১ এপ্ৰিলঃ ভাৰতৰ বিদেশ নীতিত মুগ্ধ হোৱা ৰাছিয়াই ভাৰত চৰকাৰ আৰু ভাৰতৰ বিদেশ মন্ত্ৰীক প্ৰশংসাৰে ভৰাই পেলায়৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ সময়ত আমেৰিকা,ইউৰোপ,নাটো দেশ আদিকে ধৰি আন আন দেশে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে ভাৰতে নিৰপেক্ষ ভূমিকা পালন কৰি আহিছে৷ আমেৰিকা আৰু ইউৰোপৰ প্ৰচণ্ড হেঁচাৰ পাছতো ভাৰতে নিজৰ বিদেশ নীতি অটুত ৰাখিছে আৰু কাৰোৰে ওচৰত আঁঠু লোৱা নাই৷ আমেৰিকা আৰু ইউৰোপে ভাৰতক হেঁচা দি আহিছে ৰাছিয়াৰ সৈতে সম্পৰ্ক আৰু ব্যৱসায়-বাণিজ্য বন্ধ কৰিবলৈ৷ আনকি তেল ক্ৰয় নকৰিবলৈও আহ্বান জনাইছে৷ কিন্তু ভাৰতে আমেৰিকা আৰু ইউৰোপক দিয়া উত্তৰে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ গতিকে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লাভৰভে ভাৰতক অন্তৰৰ পৰা প্ৰশংসা কৰে আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰক প্ৰকৃত ‘দেশভক্ত’বুলি অভিহিত কৰে৷ ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে মঙলবাৰে ‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে৷ বৰ্তমান পৰিস্থিতিত বহু দেশে আমেৰিকা আৰু ইউৰোপৰ হেঁচাত নিজৰ স্থিতিত অটল হৈ থাকিবলৈ সাহস কৰা নাই৷ কিন্তু ভাৰতে কৰিছে৷ এয়া প্ৰকৃততেই সাহসৰ কথা৷ গতিকে ৰাছিয়াই ভাৰতৰ দৰে নিজৰ স্থিতিত অটল থকা দেশবোৰৰ সৈতেহে সকলোধৰণৰ সম্পৰ্ক ৰক্ষা কৰিব৷ ভাৰতে কাৰোৰে হেঁচা নামানি ৰাছিয়াৰ পৰা  তেল আমদানি কৰিছে আৰু ৰাছিয়ালৈ ঔষধকে ধৰি আন আন সামগ্ৰী ৰপ্তানি কৰিছে৷ ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে লগতে এই অভিযোগো আনে যে অমেৰিকা আৰু ইউৰোপৰ দেশবোৰে নিজৰ লাভ আৰু সমগ্ৰ বিশ্বতে প্ৰভুত্ব বিস্তাৰৰ বাবেই ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ লগালে৷