Logo
image

পুত্ৰ সন্তান জন্ম দিলে অভিনেত্ৰী কাজল আগৰৱালাই

আমাৰ অসম, ২০ এপ্ৰিলঃ ছাউথৰ ‘কুইন’হিচাপে পৰিচিত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাৰ ঘৰলৈ আহিল এটি দেৱদূত৷ মঙলবাৰে পুৱা এটি পুত্ৰ সন্তান জন্ম দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ কাজল আৰু গৌতম কিচলুৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই যদিও কাজলৰ ভগ্নী নিশাই এই সুখবৰটো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে৷ কাজলে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ কথা ৰাজহুৱা হোৱাৰ পাছতে অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলায়৷ গৰ্ভধাৰণৰ পাছৰে পৰাই কাজলে সকলো কাম-কাজৰ পৰা আঁতৰি ঘৰতে সময় অতিবাহিত কৰিছিল আৰু এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ পৰে৷ তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত বিভিন্নধৰণৰ ছবি আপলোড কৰি অনুৰাগীক সকলো খবৰ দি আহিছিল৷ উল্লেখ্য,২০২০ চনত কাজল আৰু গৌতম বিবাহপাশত আবদ্ধ হৈছিল৷