Logo
image

মোদীক কটুক্তি, অসম আৰক্ষীৰ জিম্মাত জিগনেশ

এটা টুইট, ২৫০০ কিঃমিঃ গৈ গ্ৰেপ্তাৰ কৰি অনা হ’ল গুজৰাটৰ বিধায়কক

আমাৰ অসম, ২২ এপ্ৰিলঃ  ‘গড্‌চেক [নাথুৰাম] নিজৰ আৰাধ্য দেৱতা বুলি জ্ঞান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০ তাৰিখে গুজৰাট ভ্ৰমণৰ বাবে আহিব৷ তেওঁলৈ আহ্বান গুজৰাটৰ হিম্মত নগৰ,খামভাত আৰু ৱেৰাবলত যি গোষ্ঠী সংঘৰ্ষ সংঘটিত হ’ল ইয়াক লৈ ৰাইজক শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান কৰক৷ মহাত্মাৰ মন্দিৰ নিৰ্মাতাক এয়া আশা কৰিব পাৰিতো নিশ্চয়?’–দুদিন আগলৈকে টুইটাৰৰ ট্ৰেণ্ডিঙৰ শীৰ্ষত আছিল এই বিশেষ টুইটটো৷ মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গড্‌চেক প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান মনা বুলি কটুক্তি কৰি এই টুইটটো কৰিছিল গুজৰাটৰ ভাডগাম সমষ্টিৰ জনপ্ৰিয় কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে৷ বিধায়ক মেৱানীৰ এই টুইটক লৈ একাংশ বিজেপি সমৰ্থকে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতেই টুইটাৰে নিজাকৈ ডিলিট কৰিছিল বিধায়ক জিগনেশৰ বিশেষ টুইটটো৷ কিন্তু এই টুইটটোৱে যেন  নিজলৈ বিপদ মাতি আনিলে বিধায়ক জিগনেশে৷ যাৰ বাবে নিশাটোৰ ভিতৰতে দেশৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ অৰ্থাৎ ২,৫০০ কিলোমিটাৰ অতিক্ৰম কৰিবলগীয়া হ’ল গুজৰাটৰ কংগ্ৰেছী বিধায়কজন৷ কোকৰাঝাৰৰ বিজেপি এমচিএলএ অৰূপ কুমাৰ দেয়ে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ উক্ত টুইটটোৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ তুলি কোকৰাঝাৰ সদৰ থানা এজাহাৰ দাখিল কৰাত বুধবাৰে নিশা ১১.৩০ বজাত গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক৷ বিধায়ক জিগনেশে ১৮ এপ্ৰিলত কৰা টুইটটোক লৈ বিজেপি নেতা অৰূপ কুমাৰ দেয়ে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে সদৰ থানাত ১৯ এপ্ৰিলত ভাৰতীয় দণ্ডবিধি ১২০ [বি]/১৫৩ [এ] /২৯৫ [এ] /৫০৪/৫০৫ [ৰ], [বি],[চি],[২] ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৫৩/২০২২ নম্বৰত গোচৰ ৰুজু কৰে৷ উক্ত অধিকাংশ ধাৰা জামিন অযোগ্য বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতেই বুধবাৰে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে পালামপুৰৰ আৱৰ্ত ভৱনৰ পৰা বিধায়কজনক গ্ৰেপ্তাৰ কৰে৷ নিশা গুজৰাট আৰক্ষীৰ সহযোগত কংগ্ৰেছ বিধায়কজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও গ্ৰেপ্তাৰৰ সময়ত বিধায়কজনক আৰক্ষীয়ে কোনো ধৰণৰ গোচৰ সংক্ৰান্তীয় এজাহাৰ প্ৰদৰ্শন নকৰাৰ অভিযোগ উঠিছে৷ যাৰ পৰিপ্ৰেক্ষিত নিশাই বিধায়কজনৰ একাংশ সমৰ্থকে আৱৰ্ত ভৱন ঘেৰাও কৰি অসম আৰক্ষী আৰু বিজেপি মুৰ্দাবাদ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ গ্ৰেপ্তাৰৰ পাছতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক জিগনেশে আৰক্ষীয়ে কোনো টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিলেও কোনটো টুইটৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল সেয়া আৰক্ষীয়ে জানিবলৈ দিয়া নাই বুলিও অভিযোগ কৰে৷ ভাডগাম সমষ্টিৰ বিধায়কজনে আৰক্ষীয়ে এজাহাৰৰ সন্দৰ্ভত  কোনো কথা জানিবলৈ দিয়া নাই বুলি কৈ তেওঁ কোনো মিছা অভিযোগক ভয় নকৰো বুলিও মন্তব্য কৰে৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে অসম আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত লৈ গুজৰাটৰ আহমেদাবাদৰ পৰা বিমানেৰে গুৱাহাটীলৈ আনে বিধায়কজনক৷ গুৱাহাটীৰ বৰঝাৰৰ বিমানবন্দৰত সাংবাদিকৰ অগোচৰে গুজৰাটৰ বিধায়কজনক বৃহস্পতিবাৰে দুপৰীয়া আৰক্ষীয়ে পোনে পোনে কোকৰাঝাৰলৈ লৈ যায়৷ ইপিনে বিধায়কজনক গ্ৰেপ্তাৰক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদৰ ছাৰাংপুৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ গুজৰাটৰ কংগ্ৰেছৰ সভাপতি জগদিশ ভাই ঠাকুৰে এখন সংবাদমেল সম্বোধন কৰি বিধায়ক জিগনেশে প্ৰধানমন্ত্ৰীক সমালোচনা কৰাৰ বাবেই বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলিও ক্ষোভ ব্যক্ত কৰে৷ ইপিনে টুইটাৰ যোগে কংগ্ৰেছ হাইকামাণ্ড ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰি বাক্‌-স্বাধীনতা খৰ্ব কৰিবলৈ চেষ্টা কৰিলেও সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে বুলি সমালোচনা কৰে৷ ইপিনে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুজৰাটৰ বিধায়কজনক গ্ৰেপ্তাৰ কাৰ্যক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়–জিগনেশ মেৱানী বিজেপিৰ এজন কঠোৰ সমালোচক আছিল৷ গুৱাহাটীত ১২ দিনত ১৩টা হত্যাকাণ্ড হৈছে,ঘৰৰ কাষতে মানুহক গুলীয়াই মাৰিছে,সেইবোৰত কিন্তু অসম পুলিচে তাৎক্ষণিক পদক্ষেপ ল’ব পৰা নাই৷ অথচ এটা টুইটৰ বাবে এজন বিধায়কক অসমৰ পৰা গৈ ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীকো ৰাজনীতিৰ হাঠিয়াৰ হিচাপে কাম নকৰিবলৈ অনুৰোধ জনাইছো৷’ইপিনে বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মেৱানীৰ গ্ৰেপ্তাৰক গৰিহণা জনাইছে৷ অতি শীঘ্ৰে জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবী শিৱসাগৰৰ বিধায়কজনৰ৷ বিধায়ক অখিল গগৈয়ে কয় যে– এটা টুইটৰ বাবে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ জনাইছো৷ অসম চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তোষামোদ কৰিবলৈ এই কাৰ্য কৰিছে৷ বিধায়ক গগৈয়ে লগতে কয় যে জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ কাৰ্যই সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অপমান কৰিছে৷ এই কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু মেৱানীক মুকলি কৰি দিয়ক৷ ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো গুজৰাটৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে বিয়লি বিধায়ক মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈছে৷ মেৱানী জামিন আবেদন দাখিল কৰা হৈছিল যদিও আদালতে সেই আবেদন নামাঞ্জুৰ কৰে৷ সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত জামিন বিচাৰি দ্বাৰস্থ হ’ব বুলি বিধায়কজনৰ অধিবক্তাই সদৰি কৰিছে৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানী কোন হয় চিনি নাপাও বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘কোন হয় তেওঁ? মই চিনি নাপাও৷’ বিধায়কজন গ্ৰেপ্তাৰৰ সন্দৰ্ভতো তেওঁ একো নাজানে বুলি প্ৰকাশ কৰে৷

কোক্‌ৰাঝাৰ থানাৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

গুজৰাটৰ দলিত নেতা জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰিলে কোক্‌ৰাঝাৰ আৰক্ষীয়ে৷ উল্লেখ্য যে, গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা কালি নিশা ১১.৪০ বজাত গুজৰাটৰ বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰীক সাঙুৰি  ১৮ এপ্ৰিলত বিধায়ক মেৱানীয়ে এটা বিতৰ্কিত টুইট কৰিছিল আৰু কোক্‌ৰাঝাৰৰ সদৰ থানাত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ ইয়াৰ পাছতে কোক্‌ৰাঝাৰৰ উপ-আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল গুজৰাটত উপস্থিত হৈ জিগনেছ মেৱানীক আটক কৰি আহমেদাবাদৰ পৰা আকাশী পথেৰে গুৱাহাটীলৈ আনে৷ তাৰ পাছত গুৱাহাটীৰ পৰা স্থলপথেৰে পোনে পোনে বিধায়ক মেৱানীক কোক্‌ৰাঝাৰ থানাত উপস্থিত কৰোৱাৰ পাছত আজি আদালতত হাজিৰ কৰোৱায়৷ আনহাতে,কংগ্ৰেছৰ বিধায়ক মেৱানীক আটক কৰি কোক্‌ৰাঝাৰত উপস্থিত হোৱাৰ পাছত কোক্‌ৰাঝাৰ থানাৰ সন্মুখত আৰু কোক্‌ৰাঝাৰ আদালতৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা গৰ্জন মুছাহাৰীৰ নেতৃত্বত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আৰএছএছ মুৰ্দাবাদ, অসম আৰক্ষী হায় হায়, বিজেপিৰ দাদাগিৰি নচলিব ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷  কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰীয়ে মেৱানীৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া অসাংবিধানিক,অগণতান্ত্ৰিক আখ্যা দি অসম পুলিচৰ কাম নাই নেকি বুলি প্ৰশ্নৰ উত্থাপন কৰি চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ধৰ্ষণকাৰী-হত্যাকাৰীক আটক কৰিব নোৱাৰে বুলি অসম আৰক্ষীক তুলাধূনা দিয়ে৷ তেওঁ লগতে বিনাচৰ্তে মেৱানীক মুক্তি দিয়াৰো দাবী তোলে৷ আনহাতে, বিগত ১৯ এপ্ৰিলত এজাহাৰ দাখিল কৰাৰ পাছত ২০ এপ্ৰিলত অসম আৰক্ষীয়ে গুজৰাটত গৈ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্য পূৰ্বপৰিকল্পিত বুলিও একাংশ মহলে দাবী কৰিছে৷ বিশেষকৈ মেৱানীৰ জামিনৰ বাবে অহা অধিবক্তাসকলে এয়া নিশ্চিতভাৱে পৰিকল্পিত বুলি দাবী কৰিছে৷ আৰু তেওঁলোকে জামিনৰ যো-জা চলোৱা বুলি সদৰি কৰে৷ ইফালে সংবাদ মাধ্যমৰ আগত মেৱানীৰ অধিবক্তাই মেৱানীৰ সপক্ষে অতিশীঘ্ৰে জামিন মঞ্জুৰ কৰিবৰ বাবে সকলোধৰণৰ আইনী সাহায্য আগবঢ়াব৷ লগতে জামিন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে, কোক্‌ৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিধায়ক মেৱানীৰ বিৰুদ্ধে ১২০[বি]/১৫৩-[এ]/২৯৫ [এ]/৫০৪ /৫০৫[এ] [বি] [চি] [২] আইপিচি আৰযডব্লিউ চেক্‌চন ৬৬ আইটি  আইনৰ ধাৰাসমূহেৰে ১৮৩য২০২২নম্বৰত এক গোচৰ ৰজু কৰা হৈছে৷ কোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য টুইটাৰযোগে প্ৰদান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি আজি কোকৰাঝাৰলৈ আনে৷ দেশৰ প্ৰধানমন্ত্ৰী মোদীক বিধায়কজনে গডছেৰ ভক্ত বুলি ইতিকিংসূচক মন্তব্য প্ৰদান কৰিছিল৷