Logo
image

২৬ নৱেম্বৰত অৰ্ধ-ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ ২৬ নৱেম্বৰৰ দিনটো অৰ্ধ-ছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই অৰ্ধ-ছুটী। দিনৰ ১ বজাৰ পৰা বন্ধ থাকিব ৰাজ্যৰ সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান। ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয়, অৰ্ধ চৰকাৰী কাৰ্যালয়ৰ, বেচৰকাৰী প্ৰতিষ্ঠান লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ, নিগম, ব’ৰ্ড, শিক্ষা প্ৰতিষ্ঠান আদি সকলো প্ৰতিষ্ঠান দিনৰ ১ বজাৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।