Logo
image

নাইজেৰিয়াৰ হেকাৰ ৰাছিয়াৰ ভাইৰাছ

‘অইল’ৰ হেকাৰ চিনাক্ত, দাবী ৭৫ লাখ ডলাৰ

আমাৰ অসম,২২ এপ্ৰিলঃ সুদীৰ্ঘ ১০ দিনেও চাইবাৰ হেকাৰৰ পৰা মুক্ত হোৱা নাই অইল ইণ্ডিয়া৷ দেশৰ অন্যতম নৱৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড আন্তৰ্জাতিক হেকাৰ চক্ৰৰ কৱলত পৰাত অইলৰ কাম-কাজ বৰ্তমান স্থবিৰ হৈ পৰিছে৷ অইলৰ ওপৰত চাইবাৰ আক্ৰমণৰ এই ঘটনা তদন্ত কৰি অসম আৰক্ষীয়ে অইল ইণ্ডিয়া লিমিটেড নাইজেৰিয়ান হেকাৰৰ নিয়ন্ত্ৰণলৈ যোৱাটো নিশ্চিত কৰিছে৷ অইলে প্ৰফেশ্বনেল আই টি বিশেষজ্ঞৰ সহায়ৰ লোৱাৰ লগতে অসম আৰক্ষীৰ ফালৰ পৰাই হেকাৰৰ চক্ৰৰ পৰা অইলক মুক্ত কৰাৰ চেষ্টা চলালেও কাৰ্যতঃ অলপো সফল হোৱা নাই৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে– অজ্ঞাত নাইজেৰিয়ান হেকাৰে অইলৰ কম্পিউটাৰত ই-মেইলৰ মাধ্যমেৰে ৰাছিয়াৰ মালৱেৰৰ [ভাইৰাছ] দ্বাৰা সমগ্ৰ ইণ্টাৰনেট ছাৰ্ভাৰ বিকল কৰি ৰাখিছে৷ ইপিনে,হেকাৰ চক্ৰটোৱে অইলক ৭৫ লাখ ইউ এছ ডলাৰ মূল্যৰ ক্ৰিপ্তকাৰেন্সি দাবী কৰা বুলিও জানিবলৈ দিছে অইল কতৃৰ্পক্ষই৷ দাবীকৃত ধন মোকলাই দিলেহে হেকাৰ চক্ৰই নেটৱৰ্ক খুলি দিব বুলিও সদৰি কৰিছে৷ উল্লেখ্য,বিগত ১০ এপ্ৰিলত অইলৰ মুখ্য কাৰ্যালয়ে এটা অচিনাক্ত আই ডিৰ পৰা ই-মেইল লাভ কৰিছিল৷ এই ই-মেইল খোলাৰ পাছতেই অইলৰ ইণ্টাৰনেট ছাৰ্ভাৰ বিকল হৈ পৰিছিল৷ অৰ্থাৎ ই-মেইলটোৰ জৰিয়তে কম্পিউটাৰটোত ৰাছিয়ান মালৱেৰ প্ৰৱেশ কৰি কোম্পানীটোৰ ইণ্টাৰনেটৰ আন্তঃসংযোগ বিচ্ছিন্ন কৰি দিয়ে৷ ফলত সকলো কামৰ উপৰি কাৰ্যালয়ৰ ডাটা আদান-প্ৰদান বন্ধ হৈ পৰে৷ অইল কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে দীৰ্ঘদিনৰ পৰা হেকাৰৰ টাৰ্গেটত আছিল অইল ইণ্ডিয়া৷ আনহাতে হেকাৰ চক্ৰটোক অইলে দাবীকৃত ক্ৰিপ্তকাৰেন্সি দিলেও অনাগত দিনত চক্ৰটোৱে কোম্পানীটোৰ ছফ্‌টৱেৰ হেক নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷