Logo
image

আজি পৌৰ ভোট ‘আপ’ৰো অগ্নিপৰীক্ষা

আমাৰ অসম,২২ এপ্ৰিলঃ বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ভিতৰৰ ৩টাত [ক্ৰমে ৫,৬ আৰু ২২ নং ৱাৰ্ড] বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাত বাকী থকা ৫৭টা ৱাৰ্ডতহে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ শুকুৰবাৰে সুকলমে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে বৃহস্পতিবাৰেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে৷ পৌৰ নিগমৰ নিৰ্বাচনকলৈ আজি পুৱাৰে পৰাই ব্যস্ত হৈ পৰে পুলিং,প্ৰিজাইডিং আৰু আৰক্ষী বিষয়াসকল৷ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা পুৱাই এইসকল বিষয়াই ই ভি এমলৈ ৰাওনা হয় নিজ নিজ ভোটকেন্দ্ৰলৈ৷  জি এম চি নিৰ্বাচনৰ বাবে দুই হাজাৰৰো অধিক পুলিং প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে৷ এইবাৰ জি এম চিৰ নিৰ্বাচনৰ ৮০টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলা বিষয়াই৷ ইফালে জি এম চিৰ নিৰ্বাচনৰ নিৰাপত্তা ব্যৱস্থাক লৈ সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী৷ উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ই ভি এম৷ পৌৰ নিৰ্বাচনত মুঠ ৭৯৬৪২৯ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰে ৩৯৬৮৯১ জন হ’ল পুৰুষ,৩৯৯৯১১ গৰাকী হ’ল মহিলা আৰু ২৭ জন হ’ল তৃতীয় লিংগৰ ভোটাৰ৷ মুঠ ৭৮৯টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ লক্ষণীয় যে এইবাৰৰ পৌৰ নিগমৰ নিৰ্বাচনত শাসকীয় বিজেপি দলৰ সন্মুখত কংগ্ৰেছ,অসম জাতীয় পৰিষদ,ৰাইজৰ লগতে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিও প্ৰত্যাহ্বান হিচাপে থিয় দিছে৷ কোনো সংগঠন নোহোৱাকৈয়ে হঠাৎ গুৱাহাটীত হাজাৰ হাজাৰ লোক আপৰ সমৰ্থক হৈ ওলাই অহাত চকুৰ টোপনি হৰিছে বিজেপিৰ৷৷ কাৰ্যতঃ আপক এইবাৰ সহজভাৱে লোৱা নাই শাসকীয় বিজেপিয়ে৷ নিৰ্বাচনী তুলনা হৈছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাম-কাজৰ৷ খোদ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মাজত হোৱা এই তুলনাৰ প্ৰত্যুত্তৰ দি কটাক্ষ কৰিছে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ অসমৰ মুখ্যমন্ত্ৰীৰ মতে দিল্লীৰ দৰে মহল্লা ক্লিনিক খুলিলে অসমৰ ৰাইজে তেওঁক পিটিব৷ দিল্লীৰ ৰাজপথত সৰু এটা বাকচ লৈ মহল্লা ক্লিনিক দুজন ডাক্টৰ বহি থাকে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত মহল্লা ক্লিনিকৰ ঠাইত মেডিকেল কলেজ খোলা হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত অসমে ডিজিপিৰ ৬ শতাংশ খৰচ কৰিছে৷ এয়া দিল্লী চৰকাৰতকৈ অধিক৷ ইংলিচ মেডিয়ামৰ স্কুল খুলিলে অসমৰো স্কুল দিল্লীৰ দৰে হৈ যাব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লীতকৈ অসমত চৰকাৰী স্কুলত শিক্ষক অধিক আছে৷ ইফালে আম আদমী পাৰ্টিৰ একাংশ নেতাই আজি গুৱাহাটীত সংবাদমেল পাতি দাবী কৰিছে যে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৩৯ খন আসনৰ ৩৯ খনতে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ’ব৷ গুৱাহাটী পৌৰ নিগম গঠন কৰিব আম আদমী পাৰ্টিয়ে৷ গুৱাহাটীৰ খোৱাপানীৰ সমৰ্থকে ধৰি মৌলিক সমস্যা সমূহৰ সন্দৰ্ভত আম আদমী পাৰ্টিয়ে তোলা প্ৰশ্ন সমূহৰ উত্তৰ শাসকীয় বিজেপিৰ মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই বুলিও আম আদমী পাৰ্টিৰ অসমৰ নেতাই অভিযোগ কৰে৷ এক কথাত ক’বলৈ কাইলৈৰ পৌৰ ভোট আপৰ বাবেও হ’ব অগ্নি পৰীক্ষা৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব৷