Logo
image

এই বছৰতে ৰোগীৰ বাবে মুকলি এইম্‌ছ, অহা বছৰত নতুন দলং

আমাৰ অসম,২২ এপ্ৰিলঃ ‘এই বছৰৰ শেষৰ ভাগত ৰোগীৰ বাবে মুকলি কৰা হ’ব এইম্‌ছ৷ আনহাতে,অহা বছৰৰ শেষৰ ভাগত গুৱাহাটী-উঃ গুৱাহাটী সংযোগী দলং শুভাৰম্ভ কৰা হ’ব৷’– বৃহস্পতিবাৰে আমিনগাঁৱত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে৷ কামৰূপ জিলাৰ চাংসাৰিত মুকলি হ’বলগীয়া এইম্‌ছত চিকিৎসাৰ বাবে অহা ৰোগী আৰু অন্যান্য লোকসকলৰ সহায়ক হোৱাকৈ  তথা আমিনগাঁৱত পৰ্যটনৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বৃহস্পতিবাৰে আমিনগাঁৱত অৱস্থিত জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অতিথিশালা তথা যাত্ৰী নিৱাস আৰু শৰাইঘাট হ্ৰদৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য,অসম পৰ্যটন উন্নয়ন নিগমে যথাক্ৰমে ৪৩ কোটি আৰু ৫ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰিব৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সাম্প্ৰতিক সময়ত আমিনগাঁও আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত অৰ্থনৈতিক কাৰ্যাকলাপ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই অতিথিশালা তথা যাত্ৰী নিৱাস নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ নিৰ্মাণ কৰিবলগীয়া যাত্ৰী নিৱাসৰ জৰিয়তে এইম্‌ছলৈ চিকিৎসাৰ বাবে অহা ৰোগী আৰু তেওঁলোকৰ সৈতে অহা ব্যক্তিসকলে আৰামদায়ক আৰু স্বাস্থ্যসন্মতভাৱে থকাৰ সুবিধা লাভ  কৰিব৷ তেওঁ লগতে কয় যে প্ৰকল্পটোৰ ভিতৰত সন্নিবিষ্ট কৰা সুবিধাসমূহ পৰ্যটকসকলৰো সহায়ক হ’ব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই অনুষ্ঠানতে পৰ্যটন বিভাগৰ পৰ্যটন সঞ্জীৱনী আঁচনিৰ অধীনত পৰ্যটন বিভাগৰ পঞ্জীয়নভুক্ত ১১৪জন ট্যুৰ অপাৰেটৰক ২ লাখ টকাকৈ আৰু পঞ্জীয়নভুক্ত ৬০৫জন পৰ্যটক গাইডক ২৫ হাজাৰ টকাকৈ বিত্তীয় সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ আনহাতে,মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ৰূপায়ণ কৰা ‘অসমৰ গ্ৰামাঞ্চলত ধান সংৰক্ষণৰ বাবে গুদাম ঘৰ স্থাপন’নামৰ এখন আঁচনিৰো শুভাৰম্ভ কৰে৷ ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে গুদাম ঘৰ নিৰ্মাণৰ বাবে এই আঁচনিৰ অধীনত অন্তৰ্ভূক্ত হিতাধিকাৰী যেনে– উদ্যোগী,ব্যক্তিগত সংস্থা, বেচৰকাৰী সংগঠন আদিক গুদামঘৰ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে ‘ইচ্ছা পত্ৰ’প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে ‘সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ পৰা অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক এই আঁচনিখন ৰূপায়ণৰ বাবে প্ৰথম কিস্তি হিচাপে  ৩.৩০ কোটি টকাৰ চেকো প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমিনগাঁৱৰ শৰাইঘাট হ্ৰদৰ উন্নয়নে ৭ বিঘা ভূমি সামৰি লৈছে আৰু এই প্ৰকল্পই শৰাইঘাট হ্ৰদৰ লগতে বৰ্তমানে থকা উদ্যানখনৰো সম্প্ৰসাৰণ ঘটাব৷ আলাবৈ যুদ্ধ স্মাৰকৰ কাম অহা মাহৰ পৰা আৰম্ভ হ’ব৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি শেহতীয়াকৈ তেওঁ ভাৰতৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিজ নিজ ৰাজ্যৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অসমৰ ইতিহাসৰ মহান সেনাপতি গৰাকীৰ বিষয়ে এটা অধ্যায় অন্তভুক্তৰ্ কৰাৰ বাবে পত্ৰ লিখাৰ কথাও ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ আৰু বিষয়াসকলক ১৮ৰ পৰা ২৪ মাহৰ ভিতৰত এই প্ৰকল্প দুটাৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে জনাই যে ৰাজ্য চৰকাৰে কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এটা আৱৰ্ত্ত ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ প্ৰথম পৰ্যায়ত ইতিমধ্যে সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম শেষ হৈছে৷ দ্বিতীয় পৰ্যায়ৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব৷ আমিগাঁৱত এখন আন্তৰ্জাতিক মানৰ বেডমিণ্টন একাডেমী নিৰ্মাণৰ বাবেও পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ক’ভিড অতিমাৰীত ক্ষতিগ্ৰস্ত হোৱা ট্যুৰ অপাৰেটৰ আৰু পৰ্যটক গাইডসকলক বিত্তীয় সাহায্য প্ৰদানৰ ঘোষণা বাস্তবায়িত কৰাৰ বাবে ক্ষিপ্ৰতাৰে পদক্ষেপ লোৱাৰ বাবে পৰ্যটন বিভাগক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ গ্ৰামাঞ্চলত গুদাম ঘৰ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত নতুনকৈ আৰম্ভ কৰা আঁচনিখনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষত ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে প্ৰতি কুইKI×ল ধানত নূ্যনতম সমৰ্থিত মূল্য ৰ,৯৪০ টকাত কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ কৃষকসকলৰ পৰা ধান সংগ্ৰহ কৰাৰ সময়ত ক্ৰয় সংস্থাসমূহে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ক্ষমতা কম থকা বাবে ধান জমা ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল৷ তেওঁ কয় যে নতুন আঁচনিয়ে অসমৰ ধান খেতি কৰা এলেকাসমূহত ধান ৰখাৰ ক্ষমতা বৃদ্ধি কৰিব আৰু শষ্যৰ ক্ষতি হ্ৰাস কৰি সুৰক্ষিত সঞ্চয়ৰ সুবিধা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে নতুন আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে সৰ্বাধিক ৪০ লাখ পৰ্যন্ত ৫০ শতাংশ ৰাজ সাহায্যৰে অসমৰ গ্ৰাম্যাঞ্চলত ১১০টা স্থানত গুদাম স্থাপনৰ বাবে মুঠ ৩৯ কোটি টকাৰ অনুমোদন জনাইছে৷ এই গুদামবোৰে একে সময়ত সৰ্বাধিক ২ হাজাৰ মেট্ৰিকটনৰ পৰা নূ্যনতম ৫০০ মেট্ৰিকটন ধান সংৰক্ষণ কৰিবলৈ সক্ষম হ’ব৷ অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস,উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া,অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ ৰাজেন গোঁহাই,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,উপাধ্যক্ষ দিলীপ কুমাৰ দাস,উপায়ুক্ত কৈলাশ কাৰ্ত্তিক,পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি আৰ শ্যামল প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷